ETV Bharat / state

বিশ্বনাথৰ পৰা উত্তৰপ্ৰদেশলৈ খোজকাঢ়ি যাত্ৰা ৭ প্ৰৱাসী শ্ৰমিকৰ

author img

By

Published : May 10, 2020, 10:40 PM IST

বিশ্বনাথ চাৰিআলিৰ পৰা খোজকাঢ়ি উত্তৰপ্ৰদেশ আৰু ঝাৰখণ্ডলৈ সাতজনকৈ যুৱকৰ যাত্ৰা । দীৰ্ঘদিন লক ডাউনত আৱদ্ধ হৈ কোনো সুবিধা লাভ নকৰাত খাদ‍্যৰ অভাৱত ঘৰলৈ খোজকাঢ়ি যাত্ৰা কৰে যুৱককেইজনে ।

বিশ্বনাথ চাৰিআলি
Lock Down: বিশ্বনাথৰ পৰা উত্তৰপ্ৰদেশলৈ খোজকাঢ়ি যাত্ৰা ৭ প্ৰৱাসী শ্ৰমিকৰ

চিৰাং, ১০মে': লকডাউনৰ সময়ছোৱাত সুদুৰ বিশ্বনাথ চাৰিআলিৰ পৰা ৭জনকৈ যুৱকে ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি যাত্ৰা কৰিছে নিজ ঘৰলৈ । সুদূৰ উত্তৰপ্ৰদেশ আৰু ঝাৰখণ্ডলৈ খোজকাঢ়ি যাত্ৰা কৰিছে যুৱক কেইজনে । দীৰ্ঘদিন লক ডাউনত আৱদ্ধ হৈ কোনো সুবিধা লাভ নকৰাত খাদ‍্যৰ অভাৱত ঘৰলৈ উভতি যোৱা এই যুবক সকলৰ মাজত ৪ জনৰ ঘৰ উত্তৰপ্ৰদেশ আৰু ৩ জনৰ ঘৰ ঝাৰখণ্ডত ।

চলিত মাহৰ ৫ তাৰিখে বিশ্বনাথ চাৰিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি আহি দেওবাৰে উপস্থিত হয় বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ ওচৰত । শ্ৰমিক কেইজনে ব্যক্ত কৰা অনুসৰি এদিনত তেওঁলোকে খোজকাঢ়ে প্ৰায় ৬৫ ৰ পৰা ৭০ কিঃমিঃ।

যুৱক কেইজনৰ খাদ্যকে ধৰি খোজকাঢ়ি থকা অৱস্থাত বহুতৰে ভৰিৰ ছাল ছিগি তেজ নিগৰি গৈছে যদিও উপায়হীন এই ৭ যুৱক। যাত্ৰাকালত বিভিন্ন ঠাইত আৰক্ষীয়ে যুৱক কেইজনক ৰখাইছিল যদিও কোনো সহায়ৰ বাবে আগবাঢ়ি নাহিল । আনহাতে যুৱক কেইজনৰ হাতত কোনো নাই কোৱাৰেন্টাইনৰ ছীল । আনহাতে, বঙাইগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ পৰা সহায়ৰ হাত বিচাৰিছে প্ৰৱাসী শ্ৰমিক কেইজনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.