ETV Bharat / state

ৰাজনৈতিক হত্যাৰ বলি হৈছিল নেকি লাফিকুল ইচলাম ! - মুখ্যমন্ত্ৰী

ছাত্ৰনেতা লাফিকুল ইচলাম হত্যাকাণ্ডৰ তদন্ত লৈ মন্ত্ৰী হিমন্ত বিশ্বই নিকৃষ্ট ৰাজনীতি কৰিছে ৷ শেষতীয়াকৈ বিটিচি নিৰ্বাচনৰ প্ৰচাৰলৈ আহি মন্ত্ৰী হিমন্তই লাফিকুল হত‍্যাকাণ্ড সন্দৰ্ভত দিয়া মন্তব‍্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰেজাউল কৰিম চৰকাৰৰ।

lafikul islam's murder
lafikul islam's murder
author img

By

Published : Nov 18, 2020, 7:41 PM IST

চিৰাং, 18 নবেম্বৰ : ছাত্ৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডক লৈ তেওঁৰ পৰিয়ালৰ লগতে অসম তথা বিটিচিৰ সংখ্যালঘু লোক সকলৰ মাজত শোক মাৰ যোৱাই নাই । কোকৰাঝাৰত দিন দুপৰতে যি নিৰ্মম হত্যাকাণ্ড সংঘটিত হৈছিল সেয়া কোনেও পাহৰিব পৰা নাই । তেনে এক সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি আৰম্ভ কৰিছে তাক তীব্ৰ গৰিহণা জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে । হিমন্তই ইমান তললৈ নামি নিম্ন খাপৰ ৰাজনীতি কৰিব বুলি কোনেও ভৱা নাছিল বুলি কোৱাৰ লগতে হিমন্তই সেই কামকে কৰি আছে বুলি মন্তব্য কৰে আমছু নেতা জনে ।

লাফিকুলৰ পৰিয়ালে অধিৰ আগ্ৰহেৰে চাই আছিল যে, চৰকাৰে তদন্ত কৰি হত্যাকাৰীক উলিয়াই শাস্থিৰ ব্যৱস্থা কৰিব তাৰ পিচত তেওঁলোকে কিছু হ’লেও মনত শান্তি পাব । কিন্তু তেনে সময়ত হিমন্তই নিৰ্বাচনী প্ৰচাৰত কয় যে বিটিচিত বিজেপিৰ চৰকাৰ হ’লে লাফিকুলৰ হত্যাকাৰীৰ শাস্তিৰ ব্যৱস্থা কৰিব । চিবিআইয়ে চিনাক্ত কৰিছে গতিকে শাস্থি পাব হত্যাকাৰীয়ে । আমছু নেতাজনে হিমন্তক উভতি ধৰি কয় যে, যদি চিবিআইয়ে হত্যাকাৰী চিনাক্ত কৰিছে তেন্তে গ্ৰেপ্তাৰ কিয় কৰা নাই । তাৰ মানে বুজা গৈছে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে হত্যাকাৰী সকলক সুৰক্ষা দিছে । হিমন্তই লাফিকুল হত্যাকাৰীক সুৰক্ষা দিছে বুলিও অভিযোগ কৰে আমছুৰ সভাপতিজনে।

নিৰ্বাচনী প্ৰচাৰত হিমন্তই কৈছে জয়ী হোৱাৰ পিচত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা । সেয়ে আমছুৰ সভাপতি জনে হিমন্তক প্ৰত্যাহ্বান জনাই কয় যে, নিৰ্বাচনৰ পিচত কিয় ? নিৰ্বাচনৰ আগতে উলিয়াই দিয়ক হত্যাকাৰীক । যিহেতু চৰকাৰে গম পায় হত্যাকাৰী কোন, চিবিআইয়ে গম পায় গতিকে নিৰ্বাচনৰ আগতে লাফিকুলৰ হত্যাকাৰীক ৰাজহুৱা কৰিবলৈ দাবী জনালে ৰেজাউল কৰিমে । অন্তত লাফিকুলৰ পৰিয়ালে অকমান শান্তি পাব । ৰেজাউল কৰিম চৰকাৰে কয় যে, তেওঁলোকে পূৰ্বৰ পৰাই অভিযোগ কৰি আছিল এয়া ৰাজনৈতিক হত্যাকাণ্ড বুলি । তেতিয়াই আমছুৱে দাবী কৰিছিল আৰক্ষী অধীক্ষক জনক নিলম্বনৰ বাবে । কিন্ত কাৰ্যতঃ সেয়া নহ’ল । তেনে এখন চৰকাৰেই এতিয়া কৈ আছে লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰাৰ কথা । গতিকে এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায় ৰেজাউল কৰিম চৰকাৰে ।

মন্ত্ৰী হিমন্ত আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় কয় যে, যদি চৰকাৰী ভাৱে লাফিকুলক হত্যা কৰা হোৱা নাই আৰু যদি এই বিষয়ে তথ্য আছে তেন্তে নিৰ্বাচনৰ আগতে ইয়াক ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰিব লাগে । অন্যথা ইয়াৰ পৰিনাম বিজেপি দল আৰু চৰকাৰে ভোগ কৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে । হত্যাকাৰী চিনাক্ত হোৱা বুলি যিহেতু মন্ত্ৰী জনে নিজেই কৈছে, গতিকে অতি শীঘ্ৰেই যিকোনো প্ৰকাৰে হত্যাকাৰীক ৰাজহুৱা কৰাৰ আহ্বান জনায় ৰেজাউল কৰিম চৰকাৰে । অন্যথা নিৰ্বাচনৰ পিচে পিচে পুনৰ আন্দোলন চলিব বুলিও কয় আমছুৰ সভাপতিজনে ।

লাফিকুল হত্যাকাণ্ডক লৈ ৰাজনীতি চলিছে নেকি !

ইয়াৰ লগতে তেওঁ কয় যে, হিমন্ত বিশ্ব এজন চতুৰ ৰাজনীতিবিদ । এই সময়ত সংখ্যালঘুৰ আৱেগ লৈ খেলা কৰি বিটিচিৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে । লাফিকুল ইচলাম সংখ্যালঘুৰ আৱেগ, কাৰণ লাফিকুলৰ হত্যাকাণ্ড কোনেও পাহৰিব পৰা নাই ৷ তেনে সময়ত হিমন্তই যি নিকৃষ্ট ৰাজনীতি কৰি আছে তাৰ পৰা প্ৰমাণিত হয় যে হিমন্তৰ দৰে নিকৃষ্ট ৰাজনীতিবিদ বিশ্বৰ ক’তো নোলাব ৷ নিৰ্বাচনৰ আগতে লাফিকুলৰ হত্যাকাৰীক ৰাজহুৱা নকৰিলে ইয়াৰ প্ৰত্যুত্তৰ অসমৰ সংখ্যালঘু সকলে নিৰ্বাচনত দিব বুলিও কয় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে ।

সদৌ বিটিচি সংখ‍্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি লাফিকুল ইচলামৰ হত‍্যাকাণ্ডৰ তিনিবছৰ পিচত এতিয়া মন্ত্ৰী হিমন্ত ই নিৰ্বাচনী প্ৰচাৰত এইদৰে কোৱাত ক্ষোভিত হৈছে সংখ‍্যালঘু দল সংগঠন । যোৱা ২০১৭ চনৰ এক আগষ্টত দিন দুপৰতে কোকৰাঝাৰ চহৰৰ মাজ মজিয়াত দুৰ্বৃত্তই গুলিয়াই হত‍্যা কৰিছিল ছাত্ৰ নেতা লাফিকুল ইচলামক । হত‍্যাকাণ্ডৰ পিচতে চৰকাৰে তদন্তৰ নামত এচ আই টি গঠন, চিআইডি তাৰপিচত চিবিআইক দায়িত্ব দিও বিগত তিনিটা বছৰে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰিলে । কিন্ত তিনিটা বছৰে এই ক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰা এইজন মন্ত্ৰী হিমন্তই লাফিকুল হত‍্যাৰ বিষয় লৈ ৰাজনীতি কৰিছে । ইয়াক কোনো স‌খ‍্যালঘু লোকে সহ‍্য নকৰে বুলি আমছুৰ লগতে বিভিন্ন সংখ‍্যালঘু দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : অন্ত পৰিল অপেক্ষাৰ:মুকলি হ'ল ডিব্ৰুগড় বাইপাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.