ETV Bharat / state

চিৰাঙতো জ্বলিল মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি - এবিএমছুৱে মধ্যাহ্ন ভোজনক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদ

চিৰাঙত মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ কৰি এবিএমছুৰ প্ৰতিবাদ । মধ্যাহ্ন ভোজন বেচৰকাৰী সন্থাক দিয়াৰ প্ৰতিবাদত চিৰাং জিলা এবিআমছুৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

চিৰাঙত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ
author img

By

Published : Nov 3, 2019, 10:56 PM IST

চিৰাঙ, 3 নবেম্বৰ: দেওবাৰে চিৰাং জিলাৰ পদ্মপুৰত জিলা এ বি এম ছুৱে মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক অৰ্পন কৰাৰ প্ৰতিবাদত ৰাজপথত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভটাৰ্চাযৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ এনে পদক্ষেপক সংগঠনটোৱে কঠোৰ ভাৱে সমালোচনা কৰি ক্ষোভ প্ৰকাশ কৰে ।

প্ৰতিবাদকাৰী সকলে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে, বিগত ১৫ বছৰে সামান্য পাৰিশ্ৰমিকৰে কামকৰি আহিছে মধ্যাহ্ন ভোজনৰ কৰ্মী সকলে ৷ কিন্তু ইমানৰ পিচতো ভালদৰেই নিজৰ দ্বায়িত্ব দম্পাদন কৰি অহা এই ৰান্ধনী সকলক কামৰ পৰা চৰকাৰে বঞ্চিত কৰি বেচৰকাৰী সংস্থাক গতাই দিলে । বেচৰকাৰী সংস্থাই যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্য অতিকে নিম্ন মানৰ হোৱা হেতুকে খাব নোৱাৰি ছাত্ৰ-ছাত্ৰী সকলে নলাত পেলাবলগীয়া হৈছে । এবিএমছুৱে এই ঘটনা সহজভাৱে গ্ৰহন কৰিব পৰা নাই । গতিকে অতি শীঘ্ৰেই চৰকাৰে তথা শিক্ষা বিভাগে পূৰ্বৰ দৰেই মধ্যাহ্ন ভোজন কৰ্মীৰ হাতত মধ্যাহ্ন ভোজনৰ দ্বায়িত্ব গতাই ছাত্ৰ-ছাত্ৰীক খোৱাৰ উপযোগী মধ্যাহ্ন ভোজন যোগন ধৰাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ।

চিৰাঙত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ

অসম চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক প্ৰত্যাহাৰ জনাই পূৰ্বৰ নীতিৰে অৰ্থাৎ বিদ্যালয়তে মধ্যাহ্ন ভোজন প্ৰস্তুত কৰি প্ৰদান কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ।

Intro:চিৰাঙত মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ প্ৰতিমুৰ্তি দাহ কৰি এবিএমছুৰ প্ৰতিবাদ। মধ্যাহ্ন ভোজন বেচৰকাৰী সন্থাক দিয়াৰ প্ৰতিবাদত চিৰাং জিলা এবিআমছুৱে এই প্ৰতিবাদী কাৰ্য্যসুচি ৰূপায়ন কৰে।

Body:আজি চিৰাং জিলাৰ পদ্মপুৰত জিলা এবিএমছুৱে মধ্যাহ্ন ভোজনক ব্যক্তিগতকৰণ কৰাৰ প্ৰতিবাদত ৰাজপথত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভটাৰ্চায্যৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে। চৰকাৰৰ এনে পদক্ষেপক সংগঠনটোৱে কঠোৰ ভাৱে সমালোচনা কৰি ক্ষোভ উজাৰে। তেওঁলোকে কয় যে, বিগত ১৫ বছৰে নিম্নমানৰ ধনেৰে কামকৰি আহিছে মধ্যাহ্ন ভোজন কৰ্মি সকলে তাৰ পিচতো ভালদৰেই মধ্যাহ্ন ভোজন যোগান ধৰিছিল আৰু অৱশেষত এই ৰান্ধনি সকলক নিম্নমানৰ কামৰ পৰাও চৰকাৰে বঞ্চিত কৰি বেচৰকাৰী সংস্থাক গতাই দিয়ে । বেচৰকাৰী সংস্থাই যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্য অতিকে নিম্ন মানৰ হোৱা হেতুকে খাব নোৱাৰি ছাত্ৰ ছাত্ৰী সকলে নলাত পেলাবলগীয়া হৈছে । এবিএমছুৱে এই ঘটনা সহজভাৱে গ্ৰহন কৰিব পৰা নাই। গতিকে অতি শীঘ্ৰেই চৰকাৰে তথষ শিক্ষা বিভাগে পুৰ্ব্বৰ দৰেই মধ্যাহ্ন ভোজন কৰ্মিৰ হাতত মধ্যাহ্ন ভোজনৰ কাম গতাই ছাত্ৰ-ছাত্ৰীক খোৱাৰ উপযোগি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰাৰ দাবী জনায়।

বাইট- আবু জুবায়েৰ মণ্ডল, সভাপতি চিৰাং জিলা সমিতি এবিএমছু।

Conclusion:অসম চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক পত্যাহাৰ কৰি পূৰ্বৰ নীতিৰে অৰ্থাৎ বিদ্যালয়তে মধ্যাহ্ন ভোজন প্ৰস্তুুত কৰি প্ৰদান কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাৱী জনায় ছাত্ৰ সংগঠন টোৱে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.