ETV Bharat / state

মোজাবাৰীৰ বেদলকৃত ভূমি পৰিদৰ্শন ডাঃ নোমল মোমিনৰ - চিৰাঙত জনজাতীয় খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন নোমল মোমিনৰ

চিৰাঙৰ মোজাবাৰীত দেওবাৰে অজনজাতি লোকৰ দ্বাৰা অবৈধভাৱে দখল হৈ থকা জনজাতীয় খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন বিধানসভাৰ উপাধ্যক্ষ তথা বিধায়ক ডাঃ নোমল মোমিন(Numal Momin) আৰু জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাউৰাই দ্ৰেখ্ৰেব নাজাৰীৰ ৷ শীঘ্ৰেই সকলো জনজাতীয় খণ্ড আৰু বেষ্টনী বেদখল মুক্ত কৰা হ’ব বুলি মন্তব্য উপাধ্যক্ষগৰাকীৰ ৷

dr-numal-momin-visited-to-the-area-which-is-illegally-occupied-by-non-tribals-in-chirang
মোজাবাৰীৰ বেদলকৃত ভূমি পৰিদৰ্শন ডাঃ নোমল মোমিনৰ
author img

By

Published : Oct 4, 2021, 9:34 AM IST

চিৰাং, 4 অক্টোবৰ : দেওবাৰে চিৰাং জিলাৰ মোজাবাৰীৰ অন্তৰ্গত অজনজাতি লোকৰ দ্বাৰা অবৈধভাৱে দখল হৈ থকা জনজাতীয় খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিধায়ক ডাঃ নোমল মোমিন(Numal Momin)য়ে ৷ বিভিন্ন দল-সংগঠন আৰু স্থানীয় লোকক লগত লৈ বেদখল হৈ থকা চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত মোজাবাৰী জনজাতি খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন কৰে উপাধ্যক্ষগৰাকীয়ে ।

dr-numal-momin-visited-to-the-area-which-is-illegally-occupied-by-non-tribals-in-chirang
মোজাবাৰীৰ বেদলকৃত ভূমি পৰিদৰ্শন ডাঃ নোমল মোমিনৰ

বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰি উপাধ্যক্ষ ডাঃ নোমল মমিনে সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই যোৱাতো বাজেট অধিৱেশনত ঘোষণা কৰিছিল যে, বেদখলকাৰীৰ অধীনত থকা খিলঞ্জীয়া জনজাতিৰ ঐতিহ্য-সংস্কৃতি সংৰক্ষণৰ বাবে বিভাগৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নেতৃত্বত পৰিদৰ্শন কৰি থকা হৈছে ।

অসমৰ বৰাক উপত্যকাৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং, ডিমা হাছাও, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাঙৰ লগতে অন্যান্য জিলাসমূহ ইতিমধ্যে ভ্ৰমণ কৰা হৈছে । তাৰ লগত সংগতি ৰাখি বিভিন্ন দল-সংগঠনৰ অভিযোগৰ ভিত্তিত দেওবাৰে চিৰাং জিলাৰ এই চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত মোজাবাৰীৰ বেদখল হৈ থকা জনজাতি খণ্ড আৰু বেষ্টনী অঞ্চল পৰিদৰ্শন কৰা হয় ।

স্থানীয় জনসাধাৰণৰ পৰা অবৈধভাৱে বেদখল কৰা সন্দৰ্ভত অভিযোগ লাভ কৰা হৈছে । এই সন্দৰ্ভত চৰকাৰলৈ পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে । সকলো জনজাতীয় খণ্ড আৰু বেষ্টনী বেদখল মুক্ত কৰা হ’ব বুলিও কয় উপাধ্যক্ষগৰাকীয়ে । বেদখলমুক্ত কৰিবলৈ যাওতে সংস্থাপন দিয়া হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত উপাধ্যক্ষগৰাকীয়ে কয় যে, চোৰক ধৰি ঘৰত খাবলৈ আছে নে নাই বুলি প্ৰশ্ন সোধা হয় নেকি? অৰ্থাৎ ট্ৰাইবেল বেল্ট ব্লক অঞ্চলৰ পৰা উচ্ছেদ হ’লে কোনোপধ্যেই সংস্থাপন দিয়া নহয় বুলিও আওপকীয়াকৈ মন্তব্য কৰে উপাধ্যক্ষ মোমিনে ৷

বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিনৰ চিৰাং ভ্ৰমণ কৰাৰ সময়ত সংগ দিয়া জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাউৰাই দ্ৰেখ্ৰেব নাজাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইমান দিনে তেওঁলোকে বেদখল হৈ থকা জনজাতীয় খণ্ড আৰু বেষ্টনীসমূহ বেদখল মুক্ত কৰাৰ বাবে যুঁজ দি আহিছে, জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰত লিখিত অভিযোগ দাখিল কৰা হৈছে ।

উচ্চ ন্যায়ালয়ে ইতিমধ্যে এই বেদখল হৈ থকা জনজাতীয় খণ্ড আৰু বেষ্টনীসমূহ বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰিছে ৷ তেনে ক্ষেত্ৰত চৰকাৰে বেদখল মুক্ত কৰিবলৈ নিশ্চিতভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে কাৰ্যকৰী সভাপতি দাউৰাই দ্ৰেখ্ৰেব নাজাৰীয়ে ।

চিৰাঙৰ মোজাবাৰীত 1950 চনৰ পৰাই জনজাতীয় লোকৰ ভূমি দলিল চুক্তিৰ জৰিয়তে ক্ৰয় কৰি বসবাস কৰি আছিল একাংশ বেদখলকাৰীয়ে । তেনে অৱস্থাত মোজাবাৰী গাঁৱৰ উচ্ছেদ সন্দৰ্ভত এক শংকা বিৰাজ কৰিছে অঞ্চলটোত । ইফালে বিটিআৰ(BTR)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(Pramod Boro)ৱে বিভিন্ন সময়ত প্ৰকাশ কৰিছে যে, ইউপিপিএল(UPPL)ৰ শাসন থকালৈকে বিটিআৰত কোনো উচ্ছেদ নহয় ।

গতিকে মোজাবাৰীত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে বসবাস কৰি অহা লোকসকলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : দৰ্শনাৰ্থীৰ বাবে ৭ অক্টোবৰৰ পৰা মুকলি হ'ব মহাবাহু ব্ৰহ্মপুত্র নদী ঐতিহ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.