ETV Bharat / state

Poor road communication in Chirang: যাত্ৰীসহ ই-ৰিক্সা পৰিল মানাহ নৈত

author img

By

Published : Jul 4, 2023, 4:30 PM IST

চিৰাঙৰ বিজনীত বিটিআৰ চৰকাৰৰ পৰিৱৰ্তনৰ ফোঁপোলা স্বৰূপ। বিজনীৰ শিমলাবাৰীত পাতিলাদহা পথত মানাহ নৈত বাঁহৰ সাঁকো ভাঙি পৰিল ই-ৰিক্সা ।

People of Bijni deprived from bridge
নৈত যাত্ৰীসহ ই-ৰিক্সা পৰিল পানীত
নৈত যাত্ৰীসহ ই-ৰিক্সা পৰিল পানীত

চিৰাং, ৪ জুলাই: চিৰাং জিলাৰ বিজনীৰ শিমলাবাৰীত মানাহ নৈত যাত্ৰীসহ ই-ৰিক্সা পৰিল পানীত । মঙলবাৰে বিজনী পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত শিমলাবাৰীৰ পৰা পাতিলাদাহা লৈ যোৱা মানাহ নৈৰ ওপৰত থকা বাহঁৰ সাঁকো ভাঙি পানীত পৰিল ৫ জন যাত্ৰী । প্ৰথমে স্থানীয় ৰাইজৰ সহযোগত ই-ৰিক্সাত থকা যাত্ৰীসকল উদ্ধাৰ কৰাৰ পিছত সন্ধানহীন হৈ থকা ই-ৰিক্সাখন ৰাইজৰ তৎপৰতাত ১ ঘন্টা পিছত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ হোৱা যাত্ৰী কেইজন হৈছে আফতাৰ হুছেইন,ছাইফুল ইছলাম,নাছিৰ আলী, মোতালেৱ আলী আৰু ৰিছুয়ান আলী ।

উল্লেখ্য যে মানাহ নৈৰ ওপৰত নিৰ্মাণ কৰি থকা পকী দলঙৰ কাম আধাতে বন্ধ হৈ আছে । এই দলঙৰ কাম ৪ বছৰৰ পৰা বন্ধ কৰি ৰখা বাবে স্থানীয় ৰাইজৰ ধনেৰে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ লোকে যাতায়াত কৰি আহিছিল । কিন্ত আজি পুৱা ৯.৩০ বজাত এখন ই-ৰিক্সা ৫ যাত্ৰীসহ বাঁহৰ সাঁকো পাৰ হওতে ভৰা মানাহ নৈত পৰে । লগে লগে উক্ত বাঁহৰ সাঁকোৰে ৰাইজৰ যাতায়ত বন্ধ হৈ পৰে ।

স্থানীয় ৰাইজেই অতি সোনকালেই অৰ্ধ নিৰ্মিত মানাহ নৈৰ পকী দলঙখনৰ কাম সম্পূৰ্ণ কৰিবলৈ বিটিআৰ চৰকাৰক দাবী জনাইছে । স্থানীয় বিধায়ক অজয় কুমাৰ ৰায়ৰ লগতে ইউ পি পি এল চৰকাৰক বাৰম্বাৰ এই বিষয়ত আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । পৰিৱৰ্তনৰ শ্লোগানেৰে বিটিআৰত চৰকাৰ গঠন কৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল মিত্ৰজোঁটৰ বিটিআৰৰ উন্নয়ণ আৰু পৰিৱৰ্তনৰ ফোপোলা স্বৰূপ উদঙাইছে এই দলঙখনে । আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বেই যদি এইখন দলঙৰ কাম সম্পূৰ্ণ নকৰে তেন্তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শাসকীয় দলটোৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক:Ghy Child Abuse Case : চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.