ETV Bharat / state

কুজিয়া নদীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - নৱজাতকৰ মৃতদেহ

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল কুজিয়া নদীৰ দলঙৰ তলত দেওবাৰে উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ মৃতদেহটো আন ঠাইৰ পৰা নদীত উটি অহাৰ সন্দেহ ৷

নদীত উদ্ধাৰ শিশু কন্যাৰ মৃতদেহ
author img

By

Published : Oct 27, 2019, 6:08 PM IST

চিৰাং , 27 অক্টোবৰঃ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল কুজিয়া নদীৰ দলঙৰ তলত দেওবাৰে উদ্ধাৰ হয় এটি নৱজাতক কন্যা শিশুৰ মৃতদেহ ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ কিন্ত কোনে কিয় এই ঠাইত এই দৰে নৱজাতক পেলালে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ মৃতদেহটো আন ঠাইৰ পৰা উটি আহিব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ প্লাষ্টিকৰ প্ৰদূষণঃ ইটিভি ভাৰতৰ অভিযানত সঁহাৰি নগাঁৱৰ শিল্পীৰ

Intro:চিৰাঙৰ ডাংতল কুজীয়া নদীৰ দলঙৰ তলত মৃত নৱজাতক কন্যা শিশু উদ্ধাৰ ।

Body:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল কুজীয়া নদীৰ দলঙৰ তলত আজি উদ্ধাৰ হৈছে মৃত নৱজাতক কন্যা শিশু । আৰক্ষীয়ে খবৰ পাই নৱজাতক উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰে । কিন্ত কোনে কিয় এই ঠাইত এই দৰে নৱজাতক পেলালে সেয়া ৰহস্য জনক ।আৰক্ষীয়ে জনায় যে নৱজাতক টি এই ঠাইতে পেলাইছে নে অইন কোনো ঠাইৰ পৰা কুজীয়া নদীৰ পানীত উটি আহিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

নিজৰ অবৈধ প্ৰেমৰ মাতৃত্বৰ বোজা এই দৰে নষ্ট কৰি নৱজাতক কন্যা সন্তান টিক নদীত দলিয়াব পাৰে কোনো পাষান হৃদয়ৰ মাতৃয়ে এই বুলিয়ে স্থানীয় লোকে সন্দেহ কৰিছে । হয়তো কন্যা সন্তান বাবেও নদীত দলিয়াব পাৰে বুলিও সন্দেহ কৰা হৈছে ।

বাইট : থাগিছ দলে, ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল আৰক্ষী চকীৰ ভাৰপ্ৰপ্ত বিষয়া ।

Conclusion:ধনী ঘৰৰ কোনোবা অজান গাভৰুৱে অবৈধ সন্তান জন্ম দি সমাজত নিজকে মুখ দেখুৱাৱ নোৱাৰাৰ ভয়তে নৱজাতক কন্যা সন্তানটিক এই দৰেই নদীত উটুৱাই দিয়াৰ সন্দেহ অধিক সংখ্যক লোকে কৰিছে যদিও আৰক্ষীৰ তদন্তত নিশ্চয়কৈ বিতং প্ৰকাশ পাব ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.