সৰুপথাৰ,1 এপ্ৰিলঃ বিশ্ব ত্ৰাস কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ গোলাঘাট জিলাৰ উপায়ুক্ত,স্থানীয় বিধায়ক আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ মাজত বুধবাৰে এক বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা,চাহ বাগিচাসমূহ পৰ্যায়ক্ৰমে মুকলি কৰা,দৰিদ্ৰ লোকক চৰকাৰৰ তৰফৰ পৰা খাদ্যৰ যোগান ধৰা সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷
কোভিড 19ঃসমগ্ৰ ৰাজ্যত লক ডাউনৰ অষ্টম দিনৰ প্ৰভাৱ - Covid 19 Lock Down Effect at various places in state assam etv bharat news
15:35 April 01
গোলাঘাটত অনুষ্ঠিত প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
15:09 April 01
মাজুলীত গ্ৰীচৰ পৰ্যটকসহ ৭১৭ জনক নিৰীক্ষণ প্ৰশাসনৰ
মাজুলী,1 এপ্ৰিলঃ মাজুলীত এলিনা নামৰ গ্ৰীচৰ এগৰাকী যুৱতীসহ বহিঃৰাজ্যৰ পৰা অহা ৭১৭ জন লোকক চিনাক্ত কৰি প্ৰশাসন আৰু স্বাস্থ্য বিভাগে নিৰীক্ষণত ৰাখিছে । বহিঃৰাজ্যৰ পৰা অহা কোনো লোকে চৰকাৰী নিৰ্দেশ অমান্য কৰিলে শাস্তি বিহা হ’ব বুলি প্ৰকাশ কৰিছে প্ৰশাসনে । ইতিমধ্যে দুজনৰ বিৰুদ্ধে উপায়ুক্ত বিক্ৰম কৈৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তদুপৰি,মাজুলীৰ প্ৰতিখন গাঁৱৰ সচেতন যুৱকসকলে গাঁৱৰ প্ৰৱেশ পথসমূহ বন্ধ কৰি দিছে ।
12:29 April 01
বৰপথাৰত আটক চুলাই ব্যৱসায়ী
সৰুপথাৰ,1 এপ্ৰিলঃ বৰপথাৰত লক ডাউনৰ মাজতে বুধবাৰে এগৰাকী চুলাই ব্যৱসায়ীক আটক কৰে ৰাইজে ৷ গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিলত বুধবাৰে পুৱা এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনা ৷ আৰক্ষীৰ সন্মুখতে চুলাই সৰবৰাহকাৰীৰ মুৰত চুলাই ঢালি শাস্তি বিহে স্থানীয় ৰাইজে ৷ পুৱতি নিশা মেৰাপানীৰ চাংখাতিৰ পৰা এখন ইয়ন বাহনত অনা হৈছিল চুলাইখিনি ৷ ব্যৱসায়ী গৰাকী বৰপথাৰৰ মণ্ডল তিনিআলিৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ পিছত বৰপথাৰ আৰক্ষীয়ে আটক কৰে চুলাই ব্যৱসায়ী গৰাকীক ৷
10:22 April 01
ডুমডুমাৰ গ্ৰাম্যাঞ্চলত লক ডাউনৰ প্ৰভাৱ সৰ্বাত্মক
ডুমডুমা,1 এপ্ৰিলঃ ডুমডুমাৰ বাঘজান-দিঘলতৰং অঞ্চলত বিশেষকৈ চাহ উদ্যোগৰ লগত জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকল লক ডাউনৰ ফলত অধিক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ চাহ বাগিচা সমূহৰ কৰ্মৰত শ্ৰমিক আৰু দিন-হাজিৰা কৰা লোকসকলৰ সমস্যা দিনকে দিনে বৃদ্ধি হোৱা দেখা গৈছে । সমান্তৰালকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক চিন্তিত কৰি তুলিছে ।
09:22 April 01
লক ডাউনে মাধমাৰ শোধাইছে চিৰাঙৰ কৃষকক
চিৰাং,1 এপ্ৰিলঃ কৰ’ণা আতংক আৰু লক ডাউনে মাধমাৰ শোধাইছে চিৰাঙৰ সাধাৰণ কৃষকক । জিলাখনৰ নেপালপাৰা আই নদীৰ বালিচৰত প্ৰায় ডেৰ হেজাৰ বিঘা মাটিত কেইজনমান কৃষকে তৰমুজকে আদি কৰি বিভিন্ন শস্যৰ খেতি কৰিছিল ৷ সম্প্ৰতি লক ডাউনৰ বাবে বজাৰ-সমাৰ সমূলি বন্ধ হোৱাত পথাৰতে নষ্ট হ’বলৈ ধৰিছে অধিকাংশ ফচল ৷ ফলত বিমোৰত পৰা কৃযকসকলে এতিয়া ভৰসা কৰিছে চৰকাৰী সাহায্যৰ ৷