ETV Bharat / state

বন্য়হস্তীৰ উপদ্ৰৱঃ বন্যহস্তীয়ে ভাঙিলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ পকী গৃহ - চিৰাঙত বন্যহস্থীৰ তাণ্ডৱ

দৰিদ্ৰ পৰিয়ালটো থাকিবলৈ এতিয়া কোনো আশ্ৰয় নাই ।

ন্যহস্তীয়ে ভাঙিয়ে প্ৰধান মন্ত্ৰী আভাস যোজনাৰ পকী গৃহ
author img

By

Published : Jul 16, 2019, 1:21 PM IST

চিৰাং, 16 জুলাইঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ লালাইদিশা গাঁৱত বন্যহস্তীৰ তাণ্ডৱ । ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ এটা জাকে তাণ্ডৱ চলায় চিৰাঙৰ লালাইদিশা গাঁৱত । সোমবাৰে নিশা গাঁওখনৰ পামেলা নাৰ্জাৰী নামৰ বিধৱা মহিলাগৰাকীয়ে কন্যাৰ সৈতে বাস কৰা চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো ভাঙি চূৰ-মাৰ কৰে বন্য হস্তীৰ জাকটোৱে । এতিয়া এই দৰিদ্ৰ পৰিয়ালটো থাকিবলৈ কোনো আশ্ৰয় নাই । হাতীৰ এই উপদ্ৰৱৰ ফলত দিক-বিদিক হেৰুৱাই পেলাইছে আৰ্থিক ভাৱে দুৰ্বল মহিলাগৰাকীয়ে ৷ ফলত ৰাইজ আৰু মহিলাগৰাকীয়ে বিটিচি প্ৰশাসন আৰু বন বিভাগক পৰিয়ালটোৰ ঘৰটো পুনৰ নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনায় ।

Intro:চিৰাঙত বন্যহস্থীৰ তাণ্ডৱ । বন্যহস্থীয়ে ভাঙিলে বিধবা মহিলাৰ প্ৰধান মন্ত্ৰী আভাস যোজনাৰ পকি গৃহ । Body:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ লালাইদিশা গাঁওত বন্য হস্থিৰ তাণ্ডৱ । ৰিপু চিৰাং বনাঞ্চলৰ পৰা ওলাই অহা বন্য হস্থিৰ জাকে তাণ্ডৱ চলাই ভাঙিলে বিধৱা মহিলাৰ চৰকাৰী প্ৰধানমন্ত্ৰী আভাস যোজনাৰ পকী গৃহ । বিধৱা মহিলা পামেলা নাৰ্জাৰী এজনি জীয়ৰিৰ সৈতে উক্ত ঘৰখনত থাকে আৰু দিন হাজিৰা মজুৰি কৰি জীৱিকা।নিৰ্ব্বাহ কৰে । এই দৰিদ্ৰ পৰিয়ালটিৰ দুয়োটা ঘৰেই নিশা অহা বন্য হস্থিৰ জাকে ভাঙি লণ্ডভণ্ড কৰিলে । এতিয়া পৰিয়ালটিৰ থাকিবলৈ নাই কোনো ঘৰ । বিটিচি প্ৰশাসন আৰু বন বিভাগক অনুৰোধ জনাইছে পৰিয়ালটিয়ে যাতে পুনৰ নিৰ্মান কৰিব পাৰে ঘৰটো । শান্তিপুৰ এবছুৰ সভাপতি হেমন নাৰ্জাৰীয়ে ঘটনাস্থলি ভ্ৰমন কৰি এই দৰে জনায় ।

বাইট : হেমন নাৰ্জাৰী, শান্তিপৰ এবছুৰ সভাপতি ।Conclusion:চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ,দেউশ্ৰি, লালাইদিশা আদি অঞ্চলত প্ৰায়েই বন্য হস্থীয়ে তাণ্ডৱ চলোৱাৰ অভিযোগ পোৱা যায় যদিও বন বিভাগে নিষ্ক্ৰীয় ভূমিকা পালন কৰি আছে । বন বিভাগৰ লোকক জনোৱাৰ পিচতো কোনো ধৰনৰ ব্যৱস্থা নকৰাৰ অভিযোগ গাঁওবাসীৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.