ETV Bharat / state

হাতী দাতৰ সৈতে চিৰাঙত হ’ল গ্ৰেপ্তাৰ দুজন - চিৰাং জিলাৰ আৰক্ষী অধীক্ষক

এমাহ পুৰ্বেও আৰক্ষী আৰু বন বিভাগে দুঠাইত অভিযান চলাই চাৰিটা হাতী দাতৰ সৈতে কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত বন্যহস্তীৰ মুক্ত বিচৰণ হয় আৰু ইয়াৰ সুযোগ লৈ আন্তৰ্জাতিক হাতী দাতৰ ব্যৱসায়ৰ সৈতে জড়িত এই চক্ৰটোৱে গোপনে চলাই গৈছিল এক অবৈধ ব্যৱসায় ।

chirang-two-arrest-with-elephant-tusk
চিৰাঙত আৰক্ষীৰ অভিযানত হাতী দাতৰ সৈতে গ্ৰেপ্তাৰ দুজন
author img

By

Published : Oct 17, 2020, 10:42 PM IST

চিৰাং, 17 অক্টোবৰ : চিৰাঙত এক অভিযানত হাতী দাতৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে,শনিবাৰে বিয়লি ৪.৩০ বজাৰ পৰা চিৰাং জিলা(সদৰ)ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত আৰু ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থম ৰাজ ব্ৰহ্ম আৰু ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰণ ৰাভাকে ধৰি এটা দলে জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী আমগুৰি অঞ্চলত গোপন তথ্যৰ ভিত্তিত চলাইছিল এক অভিযান।

Chirang two arrest with elephant tusk
চিৰাঙত আৰক্ষীৰ অভিযানত হাতী দাতৰ সৈতে গ্ৰেপ্তাৰ দুজন

এই অভিযান কালত আৰক্ষীয়ে দুটা হাতী দাতৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে এক নং বলদি গাঁৱৰ ৰাহুল বসুমতাৰী (৩৩) আৰু গেন্দাবিল গাঁৱৰ কঙ্কন নাৰ্জাৰী(৩৪) ।

তেওঁলোকৰ পৰা দুটা হাতী দাতৰ সৈতে এটা ম’বাইল ফোন, এএচ০১_এজি_৯৭৮০ নম্বৰৰ হুণ্ডাই এচেন্ট বাহন, এএচ ২৬বি_৪৭৯২ নম্বৰৰ টিভিএচ স্কুটি এখনৰ লগতে নগদ ৩,২২০ টকা জব্দ কৰিবলৈ সক্ষম হয় । আন্তঃৰ্জাতিক হাতী দাতৰ চোৰাং এই ব্যৱসায়ী চক্ৰটোৰ আন দুজন সদস্য দৌৰি পলাবলৈ সক্ষম হয় বুলিও জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে । এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে ।

উল্লেখ্য যে, এমাহ পুৰ্বেও আৰক্ষী আৰু বন বিভাগে দুঠাইত অভিযান চলাই চাৰিটা হাতী দাতৰ সৈতে কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলত বন্যহস্থীৰ মুক্ত বিচৰণ হয় আৰু ইয়াৰ সুযোগ লৈ আন্তৰ্জাতিক হাতী দাতৰ ব্যৱসায়ৰ সৈতে জড়িত এই চক্ৰটোৱে গোপনে চলাই গৈছিল এক অবৈধ ব্যৱসায়। কিমান দিনৰ পৰা এই ব্যৱসায়ে চিৰাং জিলাত স্থান লৈছিল সেয়া স্পষ্ট নহয় যদিও জিলাখনত এতিয়া উগ্ৰপন্থী সমস্যাৰ অন্ত পৰাৰ পিচতে সক্ৰিয় হৈ পৰা এই হাতী দাতৰ চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বোৱাৰী হত্যাত জড়িত স্বামী-দেওৰক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.