ETV Bharat / state

চিৰাঙৰ ২০ হেক্টৰ মাটিত কঠিয়া সিঁচিলে কৃষি বিভাগে

author img

By

Published : Jul 3, 2021, 5:57 PM IST

ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ষ্টেট অ'ণ্ড প্ৰায়োৰিটী ডেভেলপমেন্ট চমুকৈ SODPৰ অধীনত চিৰাঙত বাহাদুৰ ধানৰ কঠীয়া সিঁচা হয় । এই কঠীয়া সিঁচাৰ কাম শুভাৰম্ভ কৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথে ৷ কাৰ্যসূচীত বিটিচিৰ পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, চিৰাং জিলাৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰীসহ কৃষি বিভাগৰ বিষয়া আৰু কৰ্মচাৰী,স্থানীয় খেতিয়ক উপস্থিত থাকে ৷

as_chg_02_chirang_seeds_farming_with_sopd_scheme_vis_10012
চিৰাঙৰ ২০ হেক্টৰ মাটিত কঠিয়া সিঁচিলে কৃষি বিভাগে

চিৰাং, ৩ জুলাই : ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ষ্টেট অ'ণ্ড প্ৰায়োৰিটী ডেভেলপমেন্ট (State Owned Priority Development) চমুকৈ এছ অ' পি ডি আঁচনিৰ অধীনত শনিবাৰে চিৰাং জিলাৰ কাশীকোত্ৰা ছীড ফাৰ্মত (Kashikotra Seed Farm) কঠীয়া সিঁচা কামৰ শুভাৰম্ভ কৰা হয় ৷ বাহাদুৰ চাব ওৱান (Bahadur sub 1) ধানৰ বীজ সিঁচি এই কঠীয়া সিঁচাৰ কাম শুভাৰম্ভ কৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথে ৷ এই কঠীয়া সিঁচা কাৰ্যসূচীত বিটিচিৰ (BTC) পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, চিৰাং জিলাৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰীসহ কৃষি বিভাগৰ বিষয়া আৰু কৰ্মচাৰী, স্থানীয় খেতিয়ক উপস্থিত থাকে ৷

চিৰাং জিলা কৃষি বিভাগে কাশীকোত্ৰা ছীড ফাৰ্মত (Kashikotra seed farm) এইবেলি কুৰি হেক্টৰ মাটিত কঠীয়া সিঁচাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই কঠীয়া সিঁচাৰ কাম শুভাৰম্ভ কৰি চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথে কাশীকোত্ৰা ছীড ফাৰ্মত (Kashikotra Seed Farm) থকা এশ বিঘা মাটিত কঠীয়াৰ উপৰি অন্য খেতি সম্পাদন কৰি উৎপাদনমুখী হৈ কৃষক ৰাইজৰ সহায় কৰাৰ পোষকতা কৰে ৷ অনুষ্ঠানত বিটিচিৰ (BTC) পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰীয়ে বিটিচি কৃষি প্ৰধান এলেকা হিচাপে কৃষক ৰাইজে যাতে চৰকাৰী সুবিধা লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ খেতিয়ক ৰাইজক চৰকাৰী সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

বিটিচিৰ কৃষক ৰাইজৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য (BTC Chief Executive Member) প্ৰমোদ বড়োই গুৰুত্ব প্ৰদান কৰা বুলিও তেওঁ মন্তব্য কৰে । চিৰাঙৰ জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰীয়ে জিলা খনৰ কাশীকোত্ৰা ছীড ফাৰ্মত কুৰি হেক্টৰ মাটিত কঠীয়া সিঁচাৰ লগতে কাজলগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত পাঁচ হেক্টৰ মাটিত কঠীয়া সিঁচাৰ কথা ব্যক্ত কৰে ৷

বিষয়া জনে জানিবলৈ দিয়া মতে, জিলাখনৰ বিজনী আৰু বেংতল কৃষি সম্প্ৰসাৰণ বিষয়াৰ অধীনত ২৬ হেক্টৰ মাটিত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) অধীনত কঠীয়া প্ৰস্তুত কৰা হ'ব ৷ জিলাখনৰ সম্ভাৱ্য বানপানীৰ ক্ষতিগ্ৰস্ত খেতিয়কৰ কঠীয়া প্ৰদান কৰাৰ উদ্দেশ্যে কৃষি বিভাগৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক :মৎস্য উৎপাদনৰ ক্ষেত্ৰত উৰ্ধমুখী গতিত আগবাঢ়িছে অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.