ETV Bharat / state

এজাক বৰষুণে উদঙাই দিলে বিটিচি উন্নয়নৰ বাস্তৱ ছৱি - ভাৰত-ভূটান সীমান্ত

এজাক বৰষুণতে ডুব যায় পথচোৱা ইয়াৰ উপৰি পথচোৱাত সংঘটিত হয় দুৰ্ঘটনাও৷ স্থানীয় লোকৰ অভিযোগ, দীৰ্ঘদিনৰ পৰা এই পথচোৱাৰ কোনোধৰণৰ মেৰামতিৰ ব‍্যৱস্থা কৰা নাছিল বিটিচি চৰকাৰে ।

Chirang road in bad Condition
এজাক বৰষুণে উদঙাই দিলে বিটিচি উন্নয়নৰ বাস্তৱ ছৱি
author img

By

Published : May 16, 2020, 8:54 PM IST

Updated : May 17, 2020, 12:48 PM IST

চিৰাং,16মে'ঃএজাক বৰষুণেই উদঙাই দিলে বিটিচি উন্নয়নৰ বাস্তৱ ছৱি ৷পোহৰলৈ আহিল চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ মূল পথৰ দুৰৱস্থা৷ জিলাখনৰ শান্তিপুৰৰ পৰা নাকেদৰাৰ পথচোৱাত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত৷যাৰ ফলত এজাক বৰষুণতে ডুব যায় পথচোৱা ইয়াৰ উপৰি পথচোৱাত সংঘটিত হয় দুৰ্ঘটনাও৷ স্থানীয় লোকৰ অভিযোগ, দীৰ্ঘদিনৰ পৰা এই পথচোৱাৰ কোনোধৰণৰ মেৰামতিৰ ব‍্যৱস্থা কৰা নাছিল বিটিচি চৰকাৰে ।

Chirang road in bad Condition
এজাক বৰষুণে উদঙাই দিলে বিটিচি উন্নয়নৰ বাস্তৱ ছৱি

উল্লেখযোগ্য যে, এই অঞ্চলটো বিটিচিৰ প্ৰাক্তন উপ মুখ‍্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ গৃহ সমষ্টি ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ অন্তৰ্গত হোৱাৰ লগতে মন্ত্ৰী চন্দন ব্ৰহ্মৰ গৃহ সমষ্টি চিদলী বিধান সভাৰ অন্তৰ্গত৷ আনহাতে বিপিএফ দলৰ দীৰ্ঘদিনীয়া কাৰ্যকালত সীমান্তৰ এই সমূহ অঞ্চলৰ কোনোধৰণৰ উন্নয়ন কৰিব নোৱাৰা বুলি অভিযোগ কৰাৰ লগতে বিগত সময়চোৱাত কেন্দ্ৰীয় চৰকাৰৰ পৰা উন্নয়নৰ বাবে কোটি কোটি টকা পোৱাৰ পিছতো উন্নয়নৰ তুলনাত দুৰ্নীতিহে অধিক হ'ল বুলিও অভিযোগ কৰে স্থানীয় লোকে ৷

লগতে পঢ়কঃবঙাইগাঁৱৰ কন্টেইনমেন্ট জ'নত তীব্ৰ উত্তেজনা

Last Updated : May 17, 2020, 12:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.