চিৰাং, ২০ মে': সাম্প্ৰতিক সময়ত কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে চিৰাং জিলাৰ বাসুগাঁৱত জিলাখনৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হয় । বুধবাৰে চিৰাঙত নতুনকৈ ৩৫ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷ এই লৈ জিলাখনত কৰ'ণা ৰোগীৰ সংখ্যা ৬৭৬ জনলৈ বৃদ্ধি পায় । জিলাখনত বুধবাৰে ১১১৯ জন লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাৰ লগতে ৯ জন লোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷ বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩২২ জন । ইয়াৰে চিকিৎসালয়ত ১১ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি থকাৰ বিপৰীতে ৩১১ জন ৰোগীয়ে হোম আইছ’লেচনত আছে ।
উন্নত চিকিৎসাৰ বাবে ছয়জন ৰোগীক বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে ৷ জিলাখনত ১০৯ জন ৰোগী চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে । কৰ'ণাৰ দ্বিতীয় ঢৌত জিলাখনত বুধবাৰলৈ চাৰিজন লোকৰ মৃত্যু ঘটিছে ৷ কিন্তু, জিলা স্বাস্থ্য বিভাগৰ পঞ্জীয়ন মতে চিৰাঙৰ পৰা আন জিলাত পঞ্জীয়ন কৰাসকলক লৈ মুঠ ৭ জন ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইপিনে, বাসুগাঁও চহৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ গণ্ডেশ্বৰ হাজঙে জানিবলৈ দিয়া মতে, বাসুগাঁও চহৰত দৈনিক কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পাই আহিছে । মঙলবাৰে চহৰখনৰ বজাৰ এলেকাত ৰেপিড এণ্টিজেন পৰীক্ষাত পাঁচ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰে ৷ মঙলবাৰলৈ চহৰখনত ৯৬ জন লোকৰ দেহত পজিটিভ ধৰা পৰাৰ লগতে একোটা পৰিয়ালৰ কমেও পাঁচ বা ছয়জন লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ চহৰখনৰ ২৪ গৰাকী ৰোগী আৰোগ্য হোৱাৰ লগতে অৱস্থা গুৰুতৰ হোৱা পাঁচজন ৰোগীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
চহৰখনত সম্প্ৰতি ৬৬ গৰাকী সক্ৰিয় ৰোগী আছে । সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বাসুগাঁও চহৰৰ বজাৰ এলেকাতো ব্যৱসায়ীসকলৰ পৰীক্ষা প্ৰক্ৰিয়া চলাই নিয়াৰ পোষকতা কৰে ডাঃ গণ্ডেশ্বৰ হাজঙে । উল্লেখ্য যে, বাসুগাঁও চহৰৰ চাৰিটা ৱাৰ্ডৰ ভিতৰত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত ইতিমধ্যে চাৰিটা ৱাৰ্ডত মাইক্ৰ কনটেইনমেন্ট জ'ন ঘোষণা কৰি ছীল কৰি দিয়া হৈছে ।