ETV Bharat / state

Chirang Irrigation Project: চিদলিৰ বিধায়কৰ প্ৰতিশ্ৰুতি অসাৰ, ৰাইজে নিৰ্মাণ কৰিলে জলসিঞ্চন বান্ধ - allegation against Sidli MLA

চিৰাঙৰ চিদলী সমষ্টীৰ বিধায়কে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত ক্ষোভিত ৰাইজ । সদল বলে ওলাই আহি কৰিলে জলসিঞ্চন নলাৰ কাম । বিধায়কৰ বিৰুদ্ধে ভোটদানৰ হুমকি ৰাইজৰ (allegation against Sidli MLA) ।

Chirang
Chirang
author img

By

Published : Mar 28, 2023, 1:36 PM IST

Updated : Mar 28, 2023, 2:21 PM IST

চিদলিৰ বিধায়কৰ ওপৰত ক্ষোভ অঞ্চলবাসীৰ

চিৰাং, ২৮ মাৰ্চ : যিটো সময়ত চৰকাৰে বিভিন্ন চৰকাৰী আঁচনিৰ কথা বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে, তেনে সময়তে এক বিপৰীত ছবি প্ৰকাশ পাইছে চিৰাং জিলাত (Assam govt schemes) । উল্লেখ্য, চৰকাৰে বিভিন্ন বিভাগত বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথা প্ৰচাৰ কৰি আহিছে যদিও প্ৰকৃত ক্ষেত্ৰত ইয়াৰ পৰা বঞ্চিত হৈ আহিছে বিভিন্ন অঞ্চল তথা ৰাইজ । তেনে এক ঘটনাৰ চূড়ান্ত নিদৰ্শন হৈছে চিৰাঙৰ পশ্চিম জাউলীয়াবাৰী (poor irrigation facility in sidli chirang) । চিৰাং জিলাৰ এই অঞ্চলটোত জলসিঞ্চন বান্ধ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে স্থানীয় বিধায়কক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে ।

কিন্তু স্থানীয় বিধায়কগৰাকীৰ কোনো সঁহাৰি নাপাই বান্দগুৰি গাঁৱৰ ৰাইজ নিজে ওলাই আহে জলসিঞ্চনৰ নলাৰ বান্ধ নিৰ্মাণৰ বাবে । লগতে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীক মিছলীয়া আখ্যাও দিয়ে গাঁওবাসীয়ে (allegation against Sidli MLA) । আনহাতে, চিদলীৰ বিধায়কগৰাকীৰ বিৰুদ্ধে কথা দি কথা নৰখাৰো অভিযোগ বান্দগুৰি গাঁৱৰ বান্ধ কমিটীৰ (Chirang public work for irrigation drain) ।

এই সন্দৰ্ভত গাঁওবাসীয়ে কয় যে বহু আশাৰে দলে-বলে ভোটদানেৰে চিদলীৰ বিধায়ক হিচাবে জয়ন্ত বসুমতাৰীক জয়ী কৰাইছিল । কিন্তু জয়লাভৰ পিছৰে পৰা বিধায়কগৰাকীয়ে কোনো সম্পৰ্ক ৰখা নাই অঞ্চলটোৰ ৰাইজৰ লগত । সেয়ে বিধায়কজনৰ পৰা সঁহাৰি নাপাই আগন্তুক নিৰ্বাচনত গাঁওবাসীয়ে তেওঁৰ বিৰোধিতা কৰাৰো হুংকাৰ দিয়ে ।

উল্লেখ্য, চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত পশ্চিম জাউলীয়াবাৰীত কেইবাখনো গাঁৱৰ লোকে খেতিপথাৰত পানী দিয়াৰ বাবে নিৰ্ভৰ কৰা একমাত্ৰ জলসিঞ্চনৰ নলাটো ২/৩ বছৰ পূৰ্বে বানপানীত অইন পিনে ঢালখোৱাত খেতি কৰিব নোৱাৰা হৈছিল । উপায়ন্তৰ হৈ বিধায়কজনৰ কাষ চাপিছিল গাঁওবাসী ।

তাৰ পিছতে বিধায়ক জয়ন্ত বসুমতাৰীয়ে প্ৰতিশ্ৰুতি দিয়ে যদিও কাম সমাধা নহ'ল । অৱশেষত কাম নহ'ব বুলি কোৱাত ৰাইজে নিজেই ওলাই আহি কাম কৰিবলগীয়া হয় । আনহাতে, আগন্তুক নিৰ্বাচনৰ সময়ত ৰাইজে বিকল্প ব্যৱস্থা ল'ব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে ।

লগতে পঢ়ক :Corruption in PMAY scheme: বৰক্ষেত্ৰীত PMAY আঁচনিত ব্য়াপক অনিয়মৰ অভিযোগ

Last Updated : Mar 28, 2023, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.