ETV Bharat / state

প্ৰাথমিক শিক্ষক সন্মিলনীৰ অসহযোগ আন্দোলন - অসহযোগ আন্দোলন কাৰ্যসূচী

বৃহস্পতিবাৰৰ পৰা অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে । বিভিন্ন দাবীৰ সমৰ্থনত ১১,১২ আৰু ১৩ ফেব্ৰুৱাৰী লৈ চলিব শিক্ষক সকলৰ এই প্ৰতিবাদ ।

প্ৰাথমিক শিক্ষক সন্মিলনীৰ অসহযোগ আন্দোলন

author img

By

Published : Feb 11, 2021, 10:01 PM IST

চিৰাং,১১ ফেব্ৰুৱাৰী: অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে ৰাজ্য়জুৰি প্ৰাথমিক বিদ্যালয়সমূহত ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখে পূৰ্ণ অসহযোগ কাৰ্যসূচী ঘোষণা কৰা হয় । প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ ৮৭০০ টকা কাঢ়ি নিয়া গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ দাবীত তিনি দিনীয়া পূৰ্ণ অসহযোগ কাৰ্যসূচী ঘোষণা কৰা হৈছে । চিৰাং জিলাটো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশনা মৰ্মে কাজলগাঁও মহকুমাৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও তিনিদিন পূৰ্ণ অসহযোগ কাৰ্যসূচী পালন কৰিব বুলি সাংবাদিকক জনালে কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰাণ সূত্ৰধৰে । ইফালে আন্দোলনৰ পিছতো উক্ত দুটা সমস্যা সমাধান নহ'লে ২০ ফেব্ৰুৱাৰী তাৰিখে জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি ৩ ঘণ্টা অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও জনায় সম্পাদকগৰাকীয়ে ।

প্ৰাথমিক শিক্ষক সন্মিলনীৰ অসহযোগ আন্দোলন

উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰী তাৰিখে গুৱাহাটীৰ লখৰাত মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কাৰ্যসূচীত প্ৰায় ৪০,০০০ হাজাৰ শিক্ষক সমবেত হৈ আংশিক অসহযোগ কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছিল । এই আন্দোলনৰ জৰিয়তে বিদ্য়ালয়ৰ বিত্তীয় লেনদেন আৰু তথ্য যোগান ধৰাৰ পৰা বিৰত থাকিব শিক্ষকসকল । পাঠদান ক্ষতি নকৰাকৈ কৰা আন্দোলক চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে ৰাজ্যিক সন্মিলনীয়ে বাধ্য হৈ উক্ত তিনিদিন পূৰ্ণ অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছিল ।

লগতে পঢ়ক:জোনাইত পত্নীক কেৰাচিন ঢালি হত্যাৰ চেষ্টা স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.