ETV Bharat / state

চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান - চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান

বিটিচি নিৰ্বাচনৰ আচৰনবিধি বলবৎ থকাৰ মাজতে চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান । বৃহৎ পৰিমানৰ টিন, সুতা, কম্বল আৰু আঠুৱা জব্দ । বিটিচি নিৰ্বাচন উপলক্ষে বিপিএফ দলে এই সামগ্ৰী সমূহ মজুত কৰাৰ অভিযোগ ।

চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান

author img

By

Published : Jun 20, 2020, 12:43 AM IST

চিৰাং, 20 জুনঃ চিৰাং জিলা সদৰ কাজলগাঁৱৰ আলাই খুংগ্ৰী উদ্যানৰ গুদামত শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় । বিটিচি নিৰ্বাচনৰ আচৰনবিধি বলবৎ থকাৰ মাজতে চলোৱা এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ টিন, সুতা, কম্বল আৰু আঠুৱা ৷

জব্দ হোৱা সামগ্ৰীৰ টোপোলা
জব্দ হোৱা সামগ্ৰীৰ টোপোলা

চৰকাৰী ভাৱে আবন্টিত টিনপাত, কম্বল, আঁঠুৱা, সূতা ৰখা গুদামৰ পৰা নিশাৰ ভাগত গোপনে বিপিএফ দলে ৰাইজৰ মাজত বিতৰণ কৰা বুলি ইউপিপিএল দলৰ অভিযোগৰ ভিত্তিত ঢালিগাঁও থানাৰ আৰক্ষীয়ে আজি নিশা এই অভিযান চলায় । চিৰাঙৰ দণ্ডাধীশ জগদীশ ব্ৰহ্মৰ উপস্থিতিত চলোৱা হয় এই অভিযান ৷

জব্দ হোৱা টিন পাত
জব্দ হোৱা টিন পাত

এই সন্দৰ্ভত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতী কয় যে বিটিচি পৰিষদীয় নিৰ্বাচনী অধিসূচনা বলবৎ থকাৰ সময়ত কি পৰিস্থিতিত চৰকাৰী ভাৱে আৱন্টিত সা- সামগ্ৰী এই গুদামত জমা কৰিছে , তাৰ তদন্ত আৰম্ভ কৰা হৈছে । এটা ৰাজনৈতিক দলৰ অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হৈছে ।

ইপিনে ইউপিপিএল দলৰ সমৰ্থক সকলে অভিযোগ কৰে যে, এই সামগ্ৰী সমূহ বিপিএফ দলে নিশাৰ ভাগত গোপনে ৰাইজৰ মাজত বিতৰণৰ বাবে তাত মজুত কৰি ৰাখিছিল ৷

চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান

ইপিনে আজি গুদামৰ পৰা জব্দ কৰা সামগ্ৰী খিনি বি টি চিৰ অনুসূচিত জনজাতি, জাতি আৰু অন্যান্য পিছ পৰা জাতিৰ বাবে চৰকাৰী ভাৱে আৱন্টিত সামগ্ৰী বুলি জানিব পৰা গৈছে । বিটিচি পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছত সামগ্ৰী বিতৰণ কৰিব নোৱাৰি উক্ত গুদামত ৰাখা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে, যি গুদামত সামগ্ৰী খিনি উদ্ধাৰ কৰা হৈছে সেই গুদামটো বিপিএফ দলৰ অধীনত থকা বুলি জানিব পৰা গৈছে ।

উল্লেখ যোগ্য যে, বিটিচি নিৰ্বাচন ,পূৰ্বেই অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশত হোৱা কৰ'ণা সংক্ৰমণৰ বাবে নিৰ্বাচন স্থগিত ৰখা হৈছে ৷ অৱশ্যে অঞ্চলটোত এতিয়াও জাৰি আছে নিৰ্বাচনী অধিসূচনা ৷ সেয়ে অধিসূচনা জাৰি থকা সময়ত কোনো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগে জাৰি কৰা প্ৰটকল মানি চলিব লাগে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.