ETV Bharat / state

লক ডাউন মানি চলিবলৈ আহ্বান সাংসদ নৱ শৰণীয়াৰ

author img

By

Published : Mar 24, 2020, 6:10 PM IST

Updated : Mar 24, 2020, 7:17 PM IST

কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই কৰ'ণাৰ পৰা ৰক্ষা পোৱাৰ বাবে অসমত আজিৰে পৰা হ'বলগীয়া লক ডাউন মানি চলিবলৈ আহ্বান জনায় ।

লক ডাউন মানি চলিবলৈ আহ্বান সাংসদ নৱ শৰণীয়াৰ
লক ডাউন মানি চলিবলৈ আহ্বান সাংসদ নৱ শৰণীয়াৰ

চিৰাং , 24 মাৰ্চ : বৰ্তমান কৰ'ণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বত এক সন্ত্ৰাসৰ সৃষ্টি হৈছে ৷ শেহতীয়া তথ্য অনুসৰি সমগ্ৰ বিশ্বত বৰ্তমানলৈ 387,391 জন এই মহামাৰী ব্যাধিত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত 102,404 জন লোকে আৰোগ্য লাভ কৰাৰ সমান্তৰালভাবে 16,758 জন লোকে মৃত্যুৰ মুখত পৰিছে ৷ ঠিক একেদৰে ভাৰতবৰ্ষত বৰ্তমানলৈ 511 জন ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থতি ধৰা পৰিছে ৷ ইয়াৰ ভিতৰত 37 জন লোকে আৰোগ্য লাভ কৰাৰ সমান্তৰালভাবে 10 জন লোকে মৃত্যুৰ মুখত পৰিছে ৷ কিন্তু এতিয়ালৈ 464 জন লোকে হাস্পাতালত মৃত্যুৰ সৈতে যুঁজি আছে ৷

ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কৰ'ণাক লৈ ব্যাপক সচেতন হোৱা পৰিলক্ষিত হৈছে ৷ বৰ্তমানলৈ অসমত এজনো কৰ'ণাত আক্ৰান্ত হোৱা নাই যদিও অসমত তীব্ৰ গতিত প্ৰশাসন তথা প্ৰতিষ্ঠানৰ ফালৰ পৰা সজাগতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ৷ আজি পুৱাৰে পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই চিৰাং জিলাৰ বিজনীত বাহৰ পাতি কৰ'ণা সন্দৰ্ভত সজাগ কৰা পৰিলক্ষিত হৈছে ৷ আনকি অসমৰ পৰিস্থতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে লোৱা লক ডাউনৰ সিদ্ধান্তৰ প্ৰতি সকলো জনসাধাৰণক সজাগ কৰাৰ বাবে আহ্বান জনায় সাংসদগৰাকীয়ে ৷ জনসাধাৰণে সকলো ধৰণে চৰকাৰক সহযোগিতা আগবঢ়ালেহে এই মাৰাত্মক ব্যাধিটোক মষিমূৰ কৰিব পৰা যাব বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷

Last Updated : Mar 24, 2020, 7:17 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.