ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ল দৈজিং উৎসৱ

আন্দোলন কৰা লোকে আন্দোলন কৰিব আৰু আনন্দ কৰা লোকে আনন্দ কৰিব গতিকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ কোনো প্ৰভাৱ ইয়াত নপৰিব বুলি কোৱাৰ লগতে হাগ্ৰামাই কয় যে, মুখ্যমন্ত্ৰী নিজেও আহিব এই উৎসৱত আৰু বলিউডৰ কলা-কুশলী সকলেও অংশগ্ৰহন কৰিব ।

চিৰাং
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন
author img

By

Published : Dec 27, 2019, 6:25 PM IST

চিৰাং, 27 ডিচেম্বৰঃ চিৰাঙত আনুষ্ঠানিকভাৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ফিটা কাটি উদ্ধোধন কৰিলে দৈজিং উৎসৱ ৷ ১২ দিনীয়া কাৰ্যসূচীৰে আই নদীৰ পাৰত উদযাপন কৰা হৈছে এই দৈজিং উৎসৱ । অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি উপমুখ্য তথা পৰ্যটন বিভাগৰ কাৰ্যবাহী খাম্পা বৰগয়াৰীসহ বহু সংখ্যক লোকৰ উপস্থিতিত উদ্ধোধন কৰা হয় দৈজিং উৎসৱ ।

চিৰাং
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন

বিটিচি তথা অসমৰ পৰ্যটন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰত দাঙি ধৰাৰ উদ্দেশ্যেই এই দৈজিং উৎসৱৰ আয়োজন কৰা হৈছে বুলি মন্তব্য কৰে আয়োজক সমিতিয়ে ৷ সকলো জাতি-জনগোষ্ঠীৰ লোক সকলে ভাতৃত্ব বোধেৰ সমিল-মিলেৰে এই উৎসৱত অংশগ্ৰহন কৰাৰ উপৰিও এই উৎসৱৰ যোগেদি অঞ্চলটোত একতাৰ প্ৰভাৱ পেলাব বুলিও দৃঢ় বিশ্বাস আয়োজকসকলৰ ।

চিৰাং
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন

আনহাতে, এই উৎসৱলৈ অসম তথা ভাৰতৰ সকলো লোকক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে । লগতে কয় যে, আন্দোলন কৰা লোকে আন্দোলন কৰিব আৰু আনন্দ কৰা লোকে আনন্দ কৰিব গতিকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ কোনো প্ৰভাৱ ইয়াত নপৰিব বুলি কোৱাৰ লগতে হাগ্ৰামাই কয় যে, মুখ্যমন্ত্ৰী নিজেও আহিব এই উৎসৱত আৰু বলিউডৰ কলা-কুশলী সকলেও অংশগ্ৰহন কৰিব । তাৰোপৰি বৃহস্পতিবাৰে সাংসদ নৱ শৰনীয়াই দৈজিং উৎসৱক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন

উল্লেখ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই মুকলিভাৱে দৈজিং উৎসৱৰ বিৰোধিতা কৰি মদ, জুৱা, হৰিণাৰ মাংস বিক্ৰী আদি অসামাজিক কাৰ্যকলাপ হয় বুলি অভিযোগ কৰি এই উৎসৱ বৰ্জনৰ আহ্বান জনাইছিল । ইয়াৰোপৰি চিৰাং জিলা এবছুয়েও দৈজিং উৎসৱত অসামাজিক কাৰ্যকলাপ হোৱাৰ অভিযোগ উক্ত দৈজিং উৎসৱত । এনে অৱস্থাৰ মাজতেই শুকুৰবাৰৰ পৰা 12 দিনীয়া কাৰ্যসূচীৰে এই দৈজিং উৎসৱ আৰম্ভ হয় ।

চিৰাং
চিৰাঙত আনুষ্ঠানিকভাৱে উদ্ধোধন উদ্ধোধন

আৰু পঢ়কঃ হায়দৰাবাদত নিৰ্মাণ হ'ব গ্ৰীণ ষ্ট্ৰীট ভেণ্ডিং জ'ন

Intro:চিৰাঙত আজি আনুষ্টানিক ভাৱে হাগ্ৰামা মহিলাৰীয়ে উদ্ধোধন কৰিলে দৈজিং উৎসৱৰ । পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম,বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী,বিটিচিৰ মুখ্যসচিব সহ অন্যান্য বহু বিষয়া উপস্থিত ।

Body:চিৰাঙত আনুষ্ঠানিক ভাৱে বিটিচি মুখ্য হাগ্ৰামা মহিলাৰীয়ে ফিতা কাটি উদ্ধোধন কৰিলে ১২ দিনীয়া আই নদীৰ উৎসৱ দৈজিং ফেষ্টিভেলৰ । অসমৰ পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম,বিটিচি উপমুখ্য তথা পৰ্যটন বিভাগৰ কাৰ্য্যবাহী খাম্পা বৰগয়াৰী সহ বহু সংখ্যক লোকৰ উপস্থিতিত উদ্ধোধন দৈজিং ফেষ্টিভেল । বিটিচি তথা অসমৰ পৰ্য্যটন আৰু বিভিন্ন জাতী জনগোষ্টীৰ কলা-সংস্কৃতি বিশ্ব দৰবাৰত দাঙী ধৰাৰ উদ্দেশ্যেই এই দৈজিং উৎসৱৰ আয়োজন কৰা হৈছে যাতে এই অঞ্চলৰ সকলো জাতী জনগোষ্টীৰ লোক সকলে ভাতৃত্ব বোধেৰে সমিল মিলেৰে আনন্দৰে এই উৎসৱত অংশগ্ৰহন কৰিব পাৰে আৰু অঞ্চলটোত ভাতৃত্ববোধ স্থায়ী ৰূপে সমাজত প্ৰভাৱ পেলায় । সকলোৱে শান্তি বিচাৰে । অসম তথা ভাৰতৰ সকলো লোকক এই উৎসৱলৈ আহ্বান জনায় বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে । শান্তিপুৰ্ণভাৱে কোনো দুৰ্ঘটনা নোহোৱাকৈ এই উৎসৱ পাৰ হওক তাৰ বাবে ভগৱানক প্ৰাৰ্থনাও জনায় হাগ্ৰামাই । হাগ্ৰামাই আৰু কয় যে আন্দোলন কৰা লোকে আন্দোলন কৰিব আৰু আনন্দ কৰা লোকে আনন্দ কৰিব গতিকে নাগৰিকত্ব সংশোধনি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ কোনো প্ৰভাৱ ইয়াত নপৰিব বুলি কোৱাৰ লগতে হাগ্ৰামাই কয় যে মুখ্যমন্ত্ৰী নিজেও আহিব এই উৎসৱত আৰু বলিউডৰ কলা কুশলি সকলেও অংশগ্ৰহন কৰিব । সাংসদ নৱ শৰনীয়াই বিৰোধিতা কৰা সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁৰ নাম নলও বুলি কলে হাগ্ৰামাই ।

বাইট : হাগ্ৰামা মহিলাৰী,বিটিচি মুখ্য ।

অনুষ্টানত উপস্থিত থকা অসমৰ পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে দৈজিং উৎসটো হৈছে পৰ্যটন বিভাগৰ প্ৰমোচনৰ এটা ব্যৱস্থা । ইয়াত জিলা উপায়ুক্ত নিজেই সভাপতি । অসম চৰকাৰ আৰু বিটিচি প্ৰশাসন প্ৰত্যক্ষ ভাৱে জড়িত ইয়াত । গতিকে ইয়াত কোনো ধৰনৰ অসামাজিক কাৰ্য্যকলাপ নহয় ।

বাইট : চন্দন ব্ৰহ্ম,পৰ্যটন মন্ত্ৰী অসম চৰকাৰ ।

Conclusion: উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ বৱ কুমাৰ শৰণীয়াই মুকলি ভাৱে দৈজিং উৎসৱৰ বিৰোধিতা কৰি মদ,জুৱা,হৰিনাৰ মাংশ বিক্ৰী আদি অসামাজিক কাৰ্য্যকলাপ হয় বুলি অভিযোগ কৰি এই উৎসৱ বৰ্জনৰ আহ্বান জনাইছিল। ইয়াৰোপৰি চিৰাং জিলা এবছুয়েও দৈজিং উৎসৱত অসামাজিক কাৰ্য্যকলাপ হোৱাৰ অভিযোগ উক্ত দৈজিং উৎসৱত । এনে অৱস্থাৰ মাজতেই আজিৰে পৰা বাৰ দিনীয়া কাৰ্য্যসুচিৰ এই দৈজিং উৎসৱ আৰম্ভ হল । কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.