চিৰাং,7 জুলাই: চৰকাৰী ধনেৰে আহাৰ গ্ৰহণ কৰে নেকি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ! এইবাৰ বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীক উভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাক্যবাণ হাগ্ৰামালৈ ‘‘ৰাস্তত বহি থকা মানুহক সোধক ৷ তেখেতৰ প্ৰশ্নৰ উত্তৰ কি হ’ব পাৰে ! এই ধৰনৰ নেতাৰ নিম্নখাপৰ চিন্তাধাৰা থাকিলে কেনেকৈ অঞ্চলটো, দেশখন আগবাঢ়িব ! মানুহে য’ত ভোক লাগিব তাতে খাব,য’ত ভোক নালাগে তাত নাখাব ৷’’ আমি ক’ত উন্নয়ন কৰিছোঁ ক’ত কৰা নাই কৰা তাৰ প্ৰশ্ন সোধক ৷ তেনে ধৰনৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই নাভাৱো’’ বুলি সাংবাদিকক এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷
কেইদিনৰ পূৰ্বে বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ে মূল্যবৃদ্ধিৰ সন্দৰ্ভত মন্তব্য কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োক টাৰ্গেট কৰি কৈছিল ‘‘মূল্যবৃদ্ধিৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে চৰকাৰী ধনৰে সচিবালয়ত ভাত খায় ৷’’ হাগ্ৰামা মহিলাৰীৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিলে প্ৰমোদ বড়োৱে ৷
শুকুৰবাৰে চিৰাং জিলাৰ বাসুগাঁৱত অগ্নিনিৰ্বাপক বাহিনীৰ আস্থানৰ উদ্বোধন কৰি এই মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ ‘‘বিগত সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ আস্থান নথকাৰ বাবেই চিৰাং জিলাৰ বাসুগাঁও চহৰত বহুলোকৰ সপোনৰ গৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠান অগ্নিকাণ্ডত ভস্মীভূত হৈছিল ফলত বহুলোক সৰ্বস্বান্ত হ’ব লগা হৈছিল । ’’ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত কয় বড়োৱে কয় ‘‘ওদালগুৰি লোকসভা সমষ্টি গঠনৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছো ।’’
অগ্নিনিৰ্বাপক বাহিনীৰ আস্থানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান সত্যেন্দ্ৰ নাৰায়ণ সিং, চিৰাঙৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাসহ কেবাজনো পাৰিষদ, বাসুগাঁও পৌৰসভাৰ বিষয়ববীয়া সহ অন্যান্য বিশিষ্ট ব্যক্তিসকল ৷
লগতে পঢ়ক:UPPL joining programme:চিৰাঙৰ কাজলগাঁৱত ইউপিপিএলৰ যোগদান অনুষ্ঠান