চিৰাং,8 জানুৱাৰীঃ বুধবাৰে সামৰণি পৰিল,চিৰাঙৰ দৈজিং উৎসৱ ৷ শেষৰ দিনাও লোকে লোকাৰণ্য হৈ পৰিল দৈজিঙৰ বাকৰি ৷ দৈজিং উৎসৱত দেশ বিদেশৰ পৰ্যটকৰ পৰা আৰম্ভ কৰি নিতৌ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিছিল ৷
বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠানেৰে সামৰণি পৰা শেষ নিশাৰ অনুষ্ঠানত ভাগ ল'লে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী কৃষ্ণমণি চুতীয়াসহ নেপালৰ পৰা আমন্ত্ৰিত শিল্পী সকলে ৷ ইফালে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিল অসমৰ পৰ্যটন মন্ত্ৰী তথা চিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্ম ৷ বিধায়ক গৰাকীয়ে ভালে সংখ্যক ন পুৰণি বড়ো গীত পৰিৱেশন কৰি সামৰণি মাৰে এই দৈজিং উৎসৱৰ ৷
লগতে পঢ়কঃকংগনাই কি ক'লে চপ্পকৰ ট্ৰেইলাৰৰ বিষয়ে ?