চিৰাং, 5 অক্টোবৰঃ আজি মহাসপ্তমী ৷ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাঙটো উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা ৷ চিৰাং জিলাত এইবাৰ মুঠ 121 খন পূজা মণ্ডপত অনুষ্ঠিত হৈছে দুৰ্গা পূজা ৷ শান্তিপূৰ্ণ আৰু নিৰাপদ ভাৱে পূজা উপভোগ কৰিব পৰাকৈ চিৰাং জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷
![পূজা উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-0102-chirangdurgapujalowordersituation-vis-10012_05102019135615_0510f_1570263975_844.jpg)
নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে ভাৰত-ভূটান এলেকা আৰু জিলাখনৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে ব্যাপক তালাচী অভিযান ৷ জিলাখনত উগ্ৰপন্থীয়ে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বনাঞ্চল, সীমান্ত এলেকাত ব্যাপক তালাচী চলায় ৷
ইপিনে এছ এছ বি, ভাৰতীয় সেনা বাহিনী আৰু চি আৰ পি এফ বাহিনীয়ে শক্তিশালী নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলি চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰি জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ৷