ETV Bharat / state

চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমানৰ ড্ৰাগছ

author img

By

Published : Oct 1, 2020, 8:57 PM IST

বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি চিৰাং আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হয় বুজন পৰিমানৰ ড্ৰাগছ ৷ উদ্ধাৰ হোৱা বেগখনত ৪৫ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

চিৰাং জিলাত ড্ৰাগছ বিৰোধী অভিযান
চিৰাং জিলাত ড্ৰাগছ বিৰোধী অভিযান

চিৰাং, 1 অক্টোবৰ : চিৰাং জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি চিৰাং আৰক্ষীয়ে চলোৱা এক অভিযানত উদ্ধাৰ হয় বুজন পৰিমানৰ ড্ৰাগছ ৷

বৃহস্পতিবাৰে এঠাইত ড্ৰাগছ মজুত ৰখাৰ গোপন তথ্যৰ ভিত্তিত ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল বজাৰত অভিযান চলাই ড্ৰাগছ ভৰ্তি বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

চিৰাং জিলাত ড্ৰাগছ বিৰোধী অভিযান
চিৰাং জিলাত ড্ৰাগছ বিৰোধী অভিযান

চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনোৱা মতে, উদ্ধাৰ হোৱা বেগখনত পোৱা গৈছে ৪৫ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ ৷ ইপিনে আৰক্ষীয়ে অপৰাধী জনক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে ,এই সন্দৰ্ভত ৰুনিখাতা থানাত ভাৰতীয় দণ্ডবিধিৰ ২২ চি ধাৰা আৰু নিচাযুক্ত দ্ৰব্য আৰু ইয়াৰ প্ৰতিকাৰ আইনৰ অধীনত ৭৬/২০ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে ।

লগতে পঢ়ক : আৰক্ষীৰ বাহনৰ খুন্দাত ৬ বছৰীয়া শিশুৰ মৃত্যু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.