ETV Bharat / state

চিৰাঙত চিকিৎসকৰ অভাৱত ৰোগীৰ মাজত হাহাকাৰ

চিৰাঙৰ ২নং বিষ্ণুপুৰ প্ৰাথমিক চিকিৎসালয়ত ফাৰ্মাচিষ্টেই চলাইছে চিকিৎসালয়। ৰোগীৰ মাজত হাহাকাৰ অৱস্থা । উন্নয়নৰ কথা কোৱা চৰকাৰৰ আহৰি নাই এই সকল লোকৰ সমস্যাৰ সমাধানৰ বাবে।

Chirang doctorless govt hospital
চিৰাঙত চিকিৎসকৰ অভাৱত ৰোগীৰ মাজত হাহাকাৰ
author img

By

Published : Oct 14, 2020, 10:15 PM IST

চিৰাং,14 অক্টোবৰঃ চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল তথা ভাৰত -ভূটান সীমান্তৰ ২নং বিষ্ণুপুৰ প্ৰাথমিক চিকিৎসালয় ক’ভিড-১৯ৰ সংক্ৰমনৰ সময়চোৱাত চিকিৎসক বিহীন ভাৱেই চলি আছে । অতিকে ভিতৰুৱা অঞ্চলটোৰ দৰিদ্ৰ কৃষিজীৱি তথা শ্ৰমজীৱি ৰোগী সকলে চিকিৎসাৰ বাবে আহি চিকিৎসকৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে। ফাৰ্মাচিষ্ট এজনে চিকিৎসকৰ কাম চলাই থকা পৰিলক্ষিত হৈছে ।

Chirang doctorless govt hospital
চিৰাঙত চিকিৎসকৰ অভাৱত ৰোগীৰ মাজত হাহাকাৰ

আজি চিকিৎসালয় খনৰ বাৰান্দাত ৰোগীৰ আৰ্তনাদ পৰিলক্ষিত হয় । বৃহৎ অঞ্চলটোৰ ভিতৰত একমাত্ৰ চিকিৎসালয় এইখনেই; তাতো নাই কোনো চিকিৎসক । আজি সদৌ অসম বঙালি সুৰক্ষা সমিতিৰ চিৰাং জিলা সভাপতি সুজন মণ্ডলে এই ক্ষেত্ৰত প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে, উন্নয়নৰ ফটা ঢোল কোবোৱা এইখন চৰকাৰে দৰিদ্ৰই চিকিৎসাৰ বাবে কৰা আৰ্তনাদ দৃষ্টিগোচৰ নহয়। চিকিৎসালয়খনত চিকিৎসক আছিল যদিও সেয়া ক’ভিভৰ বাবে ৰাজ‍্য চৰকাৰে লৈ যোৱাৰ ফলত চিকিৎসক শূন্য হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চিকিৎসালয়খন ।

অতিশীঘ্ৰেই চিকিৎসক নিযুক্তি কৰি বৃহৎ অঞ্চলটোৰ লোক সকলক সকাহ দিয়াৰ দাবী জনায় । একেদৰে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ সম্পাদক সুকদেৱ ৰাজবংশীয়ে চিকিৎসালয় খনত উপস্থিত হৈ ৰোগী সকলৰ আৰ্তনাদ প্ৰত‍্যক্ষ কৰি চৰকাৰৰ ওচৰচ অতি সোনকালে চিকিৎসক নিযুক্তি দিয়াৰ বাবে দাবী জনায়। চিকিৎসক বিচাৰি আন্দোলন কৰিব লগীয়া পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবেও চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ছাত্ৰ নেতাজনে ৷ ‌

ইপিনে ভিতৰুৱা এই সমূহ অঞ্চলত চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিব লাগে যদিও চৰকাৰৰ গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হয় ৷ ক’ভিডৰ এই সময়ত জিলাখনৰ প্ৰায় ১০/১৫ জন চিকিৎসক অসম চৰকাৰে লৈ যোৱাৰ ফলত চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত চিকিৎসক নথকাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.