ETV Bharat / state

চিৰাঙত পাঁচ হাজাৰ লোকক ক’ভিড ভেকচিন প্ৰদানৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

author img

By

Published : Jun 20, 2021, 11:55 AM IST

২১ জুনৰ পৰ ৩০ জুনলৈকে চিৰাং জিলাখত প্ৰতিদিনে পাঁচ হাজাৰ লোকক ক'ভিড ভেকচিন প্ৰদানৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা তৰান্বিত কৰাৰ বাবে শনিবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷

chirang-dist-adm-mass-covid-awareness
চিৰাঙত পাঁচ হাজাৰ লোকক COVID-19 VACCINE প্ৰদানৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

চিৰাং, 20 জুন : মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অহা ২১ জুনৰ পৰা চিৰাং জিলাত ৩৩ টা ক'ভিড ভেকচিনেচন (VACCINATION ) কেন্দ্ৰত ১৮ বছৰ উদ্ধৰ লোক সকলক ক'ভিড ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখযোগ্য যে, ২১ জুনৰ পৰ ৩০ জুনলৈকে জিলাখনত প্ৰতিদিনে পাঁচ হাজাৰ লোকক ক'ভিড ভেকচিন প্ৰদানৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা তৰান্বিত কৰাৰ বাবে শনিবাৰে চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বিশেষ বৈঠক অনুষ্ঠিত হয় ৷

চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত নিৰ্মালি বৰুৱাই সভাপতিত্ব কৰা সভাখনত তেখেতে চিদলী আৰু বৰ'বাজাৰ খণ্ড উন্নয়ন বিষয়া সকলক তেওঁ লোকৰ এলেকা সমূহত ক'ভিড ভেকচিন সম্পৰ্কে ৰাইজ মাজত সজগতা সৃষ্টি কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

একেদৰে ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু গাঁও পৰিষদৰ উন্নয়ন কমিটিৰ সভাপতি সকলক এই কামত জৰিত কৰিবলৈও নিৰ্দেশ দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৷

আনহাতে, এই সভাতে প্ৰচাৰ কাৰ্যত আশাকৰ্মী সকল, জিলা সমাজ কল্যাণ বিষয়া, কাৰিকৰী কামত সহকাৰী শিক্ষক সকলক আৰু ৰাইজৰ সজাগতাৰ বাবে প্ৰধান শিক্ষক সকলক কামত লগাবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া, সংবাদ মাধ্যম, স্থায়ী অনুভাষ যন্ত্ৰ আৰু ভ্ৰাম্যমাণ অনুভাষ যন্ত্ৰৰ যোগেদি ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত ৰাইজৰ মাজত প্ৰচাৰ চলাবলৈ জিলা তথ্য আৰু জনসংযোগ বিষয়াক নিৰ্দেশ প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ।

এই প্ৰচাৰকাৰ্য সমূহ পৰ্যবেক্ষণ কৰিবৰ বাবে চিদলী আৰু বেঙতল ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দুজনক দায়িত্ব অপৰ্ণ কৰে । একেদৰে অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা সকলো কৰ্মচাৰীক সামাজিক দূৰত্ব বজাই ৰাখি নিজ নিজ কাৰ্যালয়ত যোগাসন কৰি তাৰ এখন চলচ্চিত্ৰ জিলা প্ৰশাসনক প্ৰদান কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

লগতে যি সকলে শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় তেওঁলোকক জিলা প্ৰশাসনৰ ফালৰ পৰা পুৰস্কাৰ প্ৰদান কৰাৰ কথাও সদৰি কৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত নিৰ্মালি বৰুৱাই ৷

উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্তৰ হাৰ হৈছে ২.২১ শতাংশ । মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈয়ে আছে । শনিবাৰৰ দিনটোত ক’ভিড 19ৰ বাবে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে ৪০ গৰাকী আক্ৰান্তই ।

সম্প্ৰতি ৰাজ্যখনত ক’ভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ হৈছে ৯১.৭৭ শতাংশ । একেদৰে শনিবাৰে কামৰূপ মহানগৰ জিলাত ১৯৯ গৰাকী লোকৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷

লগতে পঢ়কঃ হিমন্ত-নৰেন্দ্ৰ মোডী থাকিলে অসম কংগ্ৰেছ মুক্ত হ’ব : ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.