ETV Bharat / state

চিৰাঙত উদ্বোধন জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ

চিৰাং জিলা সদৰ কাজলগাঁওত শিক্ষক সকলৰ শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে বি.টি.আৰৰ উপ মুখ‍্য কাৰ্যবাহী সদস্য় গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।

চিৰাঙত উদ্বোধন জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ
চিৰাঙত উদ্বোধন জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ
author img

By

Published : Feb 2, 2021, 9:05 PM IST

চিৰাং , ২ ফেব্ৰুৱাৰী : চিৰাং জিলা সদৰ কাজলগাঁওত এছ.চি.আৰ.টিৰ ধনেৰে নিৰ্মাণ কৰি উলিওৱা শিক্ষক সকলৰ শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ(ডায়েট)ৰ এটি ভৱনৰ শুভ উদ্বোধন কৰে বি.টি.আৰৰ উপ মুখ‍্য কাৰ্যবাহী সদস্য় গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে । অনুষ্ঠানত বিশিষ্ট ব্য়ক্তি হিচাপে অংশগ্ৰহণ কৰে বি.টি.আৰ বন বিভাগৰ কাৰ্য‍্যবাহী সদস‍্য ৰঞ্জিত বসুমতাৰী আৰু চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰে ।

চিৰাঙত উদ্বোধন জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ

বি.টি.আৰ উপ মুখ‍্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে নিজৰ শিক্ষকতা জীৱন , সংগ্ৰামী জীৱনৰ বিষয়ে বৰ্ণনা দিয়াৰ লগতে বিটিচিৰ শিক্ষা ব‍্যৱস্থাৰ উন্নয়ণৰ বাবে সকলো ব‍্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজক আশ্বাস দিয়ে । তেওঁ লগতে কয় যে বিগত ১৭ বছৰে অৱহেলিত হৈ থকা বিটিচিৰ শিক্ষা ব‍্যৱস্থাৰ আমূল পৰিৱৰ্তন হ'ব তেওঁলোকৰ চৰকাৰৰ দিনত । বিশেষকৈ গ্ৰামাঞ্চলৰ শিক্ষাৰ উন্নয়ণৰ বাবে শিক্ষক নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে । গ্ৰামাঞ্চলত যাবলৈ ইচ্ছা নকৰা শিক্ষক সকলে চাকৰি এৰিব লাগিব বুলিও কঠোৰভাৱে তেওঁ মন্তব্য় কৰে । সকলো বিদ‍্যালয়তে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নেতাগৰাকীয়ে ।

ইফালে এই অনুষ্ঠানত উপস্থিত থাকে বি.টি.আৰ মনোনীত সদস‍্য প্ৰদ্বীপ বায়ন , জিলা প্ৰাথমিক শিক্ষা বিষয়া ভৱেন দেউৰি ,বিদ‍্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ সহ বহু শিক্ষক কৰ্মচাৰী আৰু বিষয়া সকল ।

লগতে পঢ়ক :চামগুৰিত নৱগঠিত 'ৰাইজৰ দল'ৰ প্ৰথমখন দলীয় সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.