ETV Bharat / state

এখন দলঙৰ বাবে হাহাকাৰ কৰিছে চিৰাংবাসীয়ে - নিজলাগুৰীৰ এখন বাহৰ দলং

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিজলাগুৰীৰ এখন বাহৰ দলং । ধুমুহাই ক্ষতি কৰা দলং মেৰামতিৰ দাবী ।

chirang
এখন দলঙৰ বাবে হাহাকাৰ কৰিছে চিৰাংবাসীয়ে
author img

By

Published : May 30, 2021, 8:52 PM IST

চিৰাং, ৩০ মে': চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ নিজলাগুৰীত থকা নিজলা নদীৰ দলঙৰ অৱস্থা তেনেই শোচনীয় । সুদীৰ্ঘ ১২ বছৰৰ পৰাই তিনি-চাৰিখন গাঁৱৰ লোকে বাঁহ বান্ধি নিজ পৰিশ্ৰমেৰে যাতায়াতৰ বাবে নিৰ্মান কৰি আহিছে দলংখন । কিন্তু আজিও অৰ্ধ নিৰ্মিত হৈ আছে দলংখন । চৰকাৰী আঁচনিৰ ধনেৰে অৰ্ধ নিৰ্মিত কৰি থোৱাত ৰাইজে নিজেই বাঁহেৰে দলংখন নিৰ্মাণ কৰি যাতায়াত কৰিবলগীয়া হৈছে ।

নিজলাগুৰী গাঁৱৰ পৰা মলানডুবি, ডাউকা বাহা, আমটেকা আদী গাঁৱলৈ যোৱা মূল পথৰ ওপৰত এইখন নিজলা নদীৰ দলংখন ধুমুহাই ক্ষতি কৰাৰ পিচত অসুবিধাত পৰিছে ৰাইজ । লক ডাউন সদৃশ পৰিৱেশৰ বাবে ৰাইজে সমজুৱাভাৱে দলং নিৰ্মান কৰিব পৰা নাই । পানী গচকিয়েই যাতায়াত কৰিছে গাঁওবাসীয়ে ।

যিকোনো মুহুৰ্তত ভূটানত বৰষুণ পৰিলেই নিজলা নদীৰ পানী বাঢ়ি আহিব আৰু যাতায়াত বন্ধ হৈ পৰিব । গতিকে সেয়ে এইবাৰ উপায়ান্তৰ গঁঞাই বিটিআৰ প্ৰশাসনক অনুৰোধ জনাইছে দলং খন নিৰ্মান কৰি দিয়াৰ বাবে ।

লগতে পঢ়ক: কৰ'ণা মহামাৰীৰ বাবে খাদ্য সংকটত ভূগিছে ৰাজ্যৰ জীৱকুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.