চিৰাং, ৪ ডিচেম্বৰ: নিৰ্বাচনী হিংসাই ভয়াৱহ ৰূপ লৈছে চিৰাঙত । বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে সংঘটিত হৈছে কেইবাটাও হিংসাত্মক ঘটনা । বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত চিৰাং জিলাৰ ১৭নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কুমাৰ শালিৰ বাতাবাৰীত দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে বি পি এফৰ কাৰ্যালয় ।
এই ঘটনাৰ সৈতে ইউ পি পি এল দল জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে বিপিএফৰ নেতৃত্বই ।
কেৱল সুবাইঝাৰতে নহয়, জিলাখনৰ কেইবাঠাইতো বি পি এফ ৰ কাৰ্যালয়ত লণ্ডভণ্ড কৰাৰ ঘটনা পোহৰলৈ আহিছে । আনহাতে বৃহস্পতিবাৰে সন্ধিয়া ইউ পি পি এল দলৰ সমৰ্থকক আক্ৰমণ কৰা ঘটনাৰে বি পি এফ জড়িত থকাৰ অভিযোগ তুলিছে ইউ পি পি এলৰ সদস্যই ।
মুঠতে বিটিচিৰ প্ৰকৃত নিৰ্বাচনী যুঁজ আৰম্ভ হোৱাৰ পূৰ্বেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ অপচেষ্টা কৰিছে একাংশই ।