ETV Bharat / state

SSRক স্মৰণ: মৃত্যু বাৰ্ষিকীত ব্যতিক্ৰমী ছবিৰে শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ - late actor Sushant Singh Rajput

আজি অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী ৷ প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে অনুৰাগীসকলৰ লগতে বলীউডৰ অন্য তাৰকাসকলেও জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি ৷ মৃত্যু বাৰ্ষিকী উপলক্ষে বলীউডৰ প্ৰয়াত তাৰকাগৰাকীক ব্যতিক্ৰমী ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চিৰাঙৰ এজন যুৱকে ৷

chirang-boy-tribute-to-late-actor-sushant-singh-rajput-on-his-death-anniversary
SSRক স্মৰণ: মৃত্যু বাৰ্ষিকীত ছবি আঁকি শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ
author img

By

Published : Jun 14, 2021, 8:37 AM IST

Updated : Jun 14, 2021, 9:06 AM IST

চিৰাং, 14 জুন : সোমবাৰে প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ প্ৰথমটো মৃত্যু বাৰ্ষিকী ৷ মৃত্যু বাৰ্ষিকী উপলক্ষে চিৰাঙত প্ৰয়াত তাৰকা সুশান্ত সিং ৰাজপুতলৈ ব্যতিক্ৰমী ধৰণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এজন অনুৰাগীয়ে ৷

মৃত্যু বাৰ্ষিকীত মুখেৰে ছবি আঁকি শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ

প্ৰয়াত অভিনেতাগৰাকীৰ অনুৰাগী চিৰাং জিলাৰ বাসুগাঁৱৰ ছাত্ৰ সৌৰভ মণ্ডলে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ উদ্দেশ্যৰে ৩১ হেজাৰ গজালেৰে আঁকি উলিয়ালে অভিনেতাগৰাকীৰ এখন ছবি । প্লাইব’ৰ্ডত গজাল গাঁঠি সুশান্ত সিঙৰ ছবি অঁকা সৌৰভ মণ্ডল ত্ৰিপুৰা বিশ্ববিদ্যালয় (Tripura University)ৰ বাণিজ্যৰ স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ । সৌৰভে পঢ়াশুনাৰ লগতে চলাই গৈছে ছবি অঁকাৰ কাম । এই ছবিৰ বাবে প্ৰতিদিনে ৫ ঘণ্টাকৈ কাম কৰি ৮ দিনত ৪০ ঘণ্টা সময় ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে ।

উল্লেখ্য় যে, ছবি অংকনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ স্কেছ পেইণ্টিং কৰাৰ পাছত মাউথ পেইণ্টিং কৰি চৰ্চালৈ আহিছিল যুৱকজন । মাউথ পেইণ্টি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি মুখ্যমন্ত্ৰীৰ শুভেচ্ছা লাভ কৰা এইজন সৌৰভ মণ্ডলে পূৰ্বতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(এক্সট্ৰা অৰ্ডিনাৰী আৰ্টিষ্ট)ত নাম সন্নিৱিষ্ট কৰাৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছ ( গ্ৰেণ্ড মাষ্টাৰ)ত পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: SSRক স্মৰণ : উভতি যাওঁ অভিনেতাগৰাকীৰ ফিল্ম’গ্ৰাফীৰ মাজলৈ...

Last Updated : Jun 14, 2021, 9:06 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.