ETV Bharat / state

ভোটগ্ৰহণত বিসংগতিঃ চিৰাঙৰ বৰপথাৰত ৰাইজমেল

author img

By

Published : Apr 28, 2019, 8:43 PM IST

আৰক্ষীয়ে চমন প্ৰদানৰ নামত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ একাংশৰ

চিৰাঙৰ বৰপথাৰত ৰাইজ মেল

চিৰাং,২৮ এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাৰ অন্তৰ্গত ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিৰ বৰপথাৰস্থিত বৰপথাৰ এম ই স্কুলত স্থাপন কৰা ৩৩ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত ২৩ এপ্ৰিলত অনুষ্ঠিত হোৱা লোকসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ভোট গ্ৰহণকাৰী বিষয়াৰ দলে বিসংগতি কাৰ্য সংঘটিত কৰাত কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ দিন ধাৰ্য নকৰাত উদ্বেগ প্ৰকাশ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে, সিদিনা দুয়োটা ভোটগ্ৰহণ কেন্দ্ৰত দায়িত্বত থকা প্ৰিজাইডিং আৰু প'লিং বিষয়া সকলে মকপ'ল কৰাৰ পাছত এই মকপ'ল ভোট একেলেঠাৰীয়ে ভোট গ্ৰহণ কৰি থকাত দুৰ্নীতি সংঘটিত হোৱাত ৰাইজে মীমাংসা নোহোৱা পৰ্যন্ত ভোট প্ৰদানত আপত্তি দৰ্শাইছিল ৷ কিছু ভোটদান হৈছিল যদিও নিৰ্বাচনী বিষয়াই সুমীমাংসা দিব পৰা নাছিল ৷ যাৰ ফলত পুৱা এঘাৰ বজাৰ পৰা ভোট বৰ্জন কৰিছিল । নিৰ্বাচনী বিভাগৰ দায়িত্ববাহী জ'নেল বিষয়া বিশ্বজিৎ শৰ্মাইও বিষয়াৰ ভুলৰ বাবে ৰাইজ মনপুত নোহোৱাত ভোট প্ৰদানত অনিচ্ছুক বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কেন্দ্ৰ দুটাত পুনৰ ভোটদানৰ বাবে উৰ্ধতম বিষয়াক জনোৱা বুলি ব্যক্ত কৰিছিল ৷ কিন্তু সিদিনা বিয়লি চাৰি বজাৰ পাছতহে কেন্দ্ৰত উপস্থিত হৈ বিজনীৰ জিলা নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাই ৰাইজলৈ ভোটদান কৰিবলৈ আহ্বান জনাইছিল যদিও কোনো ভোটাৰে ভোট প্ৰদান কৰিবলৈ মান্তি হোৱা নাছিল ৷

চিৰাঙৰ বৰপথাৰত ৰাইজমেল

জিলা নিৰ্বাচনী বিষয়াই কেইবাঘন্টাৰ পাছতহে ৰাইজলৈ ভোটদানৰ আবেদন জনাইছিল ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বৰপথাৰ অঞ্চল বন্য হস্তী উপদ্ৰৱ অঞ্চল বাবে আবেলিৰ পৰা অনুষ্ঠিত কৰিব খোজা ভোটদানত ৰাইজ আশ্বস্ত হ'ব পৰা নাছিল ৷ স্থানীয় ৰাইজে ভোট গ্ৰহণ কৰা বিষয়াৰ ভুলৰ বাবে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ দাবী জনাইছে যদিও বৰ্তমানলৈকে নিৰ্বাচন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ মাজতে ভোট গ্ৰহণৰ দিনা বৰপথাৰ ভিচিডিচিৰ সভানেত্ৰী, বিপিএফ নেত্ৰী কণিকা ৰায়ে চৰকাৰী কৰ্তৃপক্ষৰ হৈ ভোটদানৰ আহ্বানৰ সময়ত ৰাইজে অপদস্থ কৰা বুলি পাণবাৰী থানাত এজাহাৰ প্ৰদান কৰাত অতি সম্প্ৰতি বৰপথাৰ অঞ্চলত আৰক্ষীয়ে সাতজন লোকৰ নামত গোচৰ ৰুজু কৰাত অঞ্চলটোৰ মহিলা সমাজ জাঙুৰ খাই উঠিছে ৷ স্থানীয় ৰাইজে শনিবাৰে বৰপথাৰ বজাৰত এক ৰাইজ মেল অনুষ্ঠিত কৰে ৷ জানিব পৰা মতে, শুকুৰবাৰে বৰপথাৰৰ সাত জন লোকৰ নামত পাণবাৰী থানাৰ আৰক্ষী বিষয়া পুতুল কৰ্মকাৰে এজন কনিষ্টবল লগত লৈ সুৰামত্ত অৱস্থাত গৈ মহিলাক অশ্লীল বাক্য বাণেৰে হাতত ধৰি টানি নি বলপূৰ্বভাৱে চহী কৰাইছিল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, গাঁওখনৰ সাত অভিযুক্তক প্ৰতিজনে পাণবাৰী থানাত পাঁচ হেজাৰ কৈ টকা লৈ যাব লাগিব বুলিও সকীয়াই দিছিল ৷ আৰক্ষী বিষয়া জনে মহিলাক কৰা অশালীন ব্যৱহাৰ আৰু চমন দিয়া লোক সকলক পাঁচ হেজাৰ কৈ টকা থানালৈ নিব লাগিব বুলি কোৱাৰ পাছতে ৰাইজ একত্ৰিত হয় এনেদৰে ।

Slug : A_Chirang_27th Apr_807 to 810_Chirang villegers harrased by Police_vis & byt_Abdul Maleque Ahmed.

Send by ftp. 

চিৰাঙৰ বৰপথাৰত আৰক্ষীৰ চমন প্ৰদানৰ নামত মহিলাক অশালীন ব্যৱহাৰঃ অভিযুক্তৰ পৰা ধন দাবী । ৰাইজ মেলঃ গোচৰ প্ৰত্যাহাৰৰ আহ্বান। বৰপথাৰত পুনৰ ভোট গ্ৰহণৰ দাবী।। 

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাৰ অন্তৰ্গত ৩৩ নম্বৰ বিজনী বিধাৱৃন সভা সমষ্টিৰ বৰপথাৰস্থিত বৰপথাৰ এম ই স্কুলত স্থাপন কৰা  ৩৩ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত ২৩ এপ্ৰিলত অনুষ্ঠিত হোৱা লোকসভাৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত ভোট গ্ৰহণকাৰী বিষয়াৰ দলে বিসংগতি কাৰ্য সংঘটিত কৰাত কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ দিন ধাৰ্য নকৰাত স্থানীয় ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, সিদিনা দুয়োটা ভোট  গ্ৰহণ কেন্দ্ৰত দায়িত্বত থকা প্ৰিজাইডিং আৰু প'লিং বিষয়া সকলে মকপ'ল কৰাৰ পাছত এই মকপ'ল ভোট নুমচি (Delete নকৰি ) একেলেঠাৰীয়ে ভোট গ্ৰহণ কৰি থকাত দুৰ্নীতি সংঘটিত হোৱাত ৰাইজে সুমিমাংসা নোহোৱা পৰ্যন্ত  ভোট প্ৰদানত আপত্তি দৰ্খাইছিল ৷ কিছু ভোটদান হৈছিল যদিও নিৰ্বাচনী বিষয়াই সুমিমাংসা দিব পৰা নাছিল ৷ যাৰ ফলত পুৱা এঘাৰ বজাৰ পৰা ভোট বৰ্জন কৰি ভোটাৰ ৰাইজ আঁতৰিছিল ৷ নিৰাপত্তাৰক্ষীও কেন্দ্ৰ দুটাৰ দুৱাৰ জপাই ৰাখিছিল ৷ নিৰ্বাচনী বিভাগৰ দায়িত্ববাহী জ'নেল বিষয়া বিশ্বজিৎ শৰ্মাইও বিষয়াৰ ভুলৰ বাবে ৰাইজ মনপুত নোহোৱাত ভোট প্ৰদানত অনিচ্ছুক বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কেন্দ্ৰ দুটাত পুনৰ ভোটদানৰ বাবে উৰ্ধতন বিষয়াক জনোৱা বুলি ব্যক্ত কৰিছিল ৷ কিন্তু সিদিনা বিয়লি চাৰি বজাৰ পাছতহে কেন্দ্ৰত উপস্থিত হৈ  বিজনীৰ জিলা  নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাই ৰাইজলৈ ভোটদান কৰিবলৈ আহ্বান জনাইছিল যদিও কোনো ভোটাৰে ভোট প্ৰদান কৰিবলৈ মান্তিলহোৱা নাছিল ৷ স্থানীয ৰাইজৰ অভিযোগ পুৱা এঘাৰ বজাতে কেন্দ্ৰৰ পৰা ভোটাৰ ৰাইজ আঁতৰিছিল ৷ কিন্তুু জিলা নিৰ্বাচনী বিষয়াই কেবাঘন্টা পাছত হে ৰাইজলৈ ভোটদানৰ আবেদন জনাইছিল ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী বৰপথাৰ অঞ্চল বন্য হস্তী উপদ্ৰৱ অঞ্চল বাবে আবেলিৰ পৰা অনুষ্ঠিত কৰিব খোজা ভোটদানত ৰাইজ আশ্বস্ত হ'ব পৰা নাছিল ৷ স্থানীয় ৰাইজে ভোট গ্ৰহণ কৰা বিষয়াৰ ভুলৰ বাবে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ভোট গ্ৰহণ কেন্দ্ৰ দুটাত পুনৰ ভোট গ্ৰহণৰ দাবী জনাইছে যদিও অদ্যপি নিৰ্বাচন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ মাজতে ভোট গ্ৰহণ দিনা বৰপথাৰ ভিচিডিচিৰ সভানেত্ৰী, বিপিএফ নেত্ৰী কণিকা ৰায়ে চৰকাৰী কৰ্তৃপক্ষৰ হৈ ভোটদানৰ আহ্বানৰ সময়ত ৰাইজে অপদস্ত কৰা বুলি পাণবাৰী থানাত এজাহাৰ প্ৰদান কৰাত অতি সম্প্ৰতি বৰপথাৰ অঞ্চলত আৰক্ষীয়ে সাতজন লোকৰ নামত গোছৰ ৰুজু কৰাত অঞ্চলটোৰ মহিলা সমাজ জাঙুৰ খাই উঠিছে ৷ স্থানীয় ৰাইজে আজি বৰপথাৰ বজাৰত এক ৰাইজ মেল অনুষ্ঠিত কৰে ৷ জানিব পৰা মতে, কালি বৰপথাৰৰ সাত জন লোকৰ নামত পাণবাৰী থানাৰ অাৰক্ষী বিষয়া পুতুল কৰ্মকাৰে এজন কনিষ্টবল লগত লৈ  সুৰামত্ত অৱস্থাত গৈ মহিলাক অশ্লীল বাক্য বাণেৰে মহিলা বোৱাৰীক হাতত ধৰি টানি নি বলপূৰ্বক চহী কৰাইছিল ৷ স্থানীয় ৰাইজে অভিযোগ কৰামতে, গাঁওখনৰ সাত অভিযুক্তক প্ৰতিজনে পাণবাৰী থানাত পাঁচ হেজাৰ কৈ টকা লৈ যাব লাগিব বুলিও সকীয়াই দিছিল ৷ আৰক্ষী বিষয়া জনে মহিলাক কৰা অশালীন ব্যৱহাৰ আৰু চমন দিয়া লোক সকলক পাঁচ হেজাৰ কৈ টকা থানালৈ নিব লাগিব বুলি কোৱাৰ পাছতে আজি ৰাইজ একত্ৰিত হয় ৷ উল্লেখ্য অভিযুক্ত লোক সকলক দেওবাৰ অৰ্থাৎ কাইলৈ পাণবাৰী থানাত হাজিৰ হ'বলৈ কোৱা হৈছে ৷ আজি ৰাইজ মেল অনুষ্ঠিত কৰি ৰাইজে প্ৰকাশ কৰে যে, যিহেতু ভোটদানৰ দিনা ৰাইজে কোনো গণ্ডগোল কৰা নাছিল ৷  সেয়েহে ভিচিডিচিৰ সভানেত্ৰীয়ে তৰা গোছৰ উঠাই ল'বলৈ আহ্বান জনায় ৷ ইপিনে ভোট গ্ৰহণৰ দিনা উল্লিখিত কেন্দ্ৰ দুটাত দায়িত্ববাহী বিষয়াৰ ভুলৰ বাবে ভোট দান নোহোৱাৰ পাছত কেন্দ্ৰ দুটাত ভোট গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৷

বাইট : স্থানীয় লোকৰ বাইট । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.