ETV Bharat / state

চিৰাং আৰু বঙাইগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ - শক্তি বিভাগৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ

চিৰাং জিলাৰ বিজনী আৰু ছাপাগুৰীত শক্তি বিভাগৰ উপ সংমণ্ডল কাৰ্যালয় আৰু বঙাইগাঁও জিলাৰ বিদ‍্যুত বিভাগৰ প্ৰৱন্ধকৰ কাৰ্যালয়ত শক্তি বিভাগৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ।

chirang-bongaigaon-apdcl-employees-protest
চিৰাং আৰু বঙাইগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ
author img

By

Published : Jun 1, 2020, 8:19 PM IST

চিৰাং,1 জুনঃ সমগ্ৰ বিশ্বজুৰি কৰ'ণাৰ সংক্ৰমণৰ ফলত দেশত লক ডাউন চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বিদ্যুত সংশোধনী বিধেয়ক ২০২০ৰ খচৰা প্ৰস্তুত কৰি ৫ জুনৰ ভিতৰত ৰাজ্য চৰকাৰ সমূহৰ পৰা মতামত বিচাৰিছে,তাৰেই প্ৰতিবাদ স্বৰূপে সোমবাৰে ১ জুন ২০২০ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে সৰ্বভাৰতীয় বিদ্যুত কৰ্মচাৰী আৰু অভিযন্তা সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত অসমতো আসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ প্ৰতিটো শাখাই ক'লা বেজ পৰিধান কৰাৰ লগতে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

চিৰাং আৰু বঙাইগাঁৱত শক্তি বিভাগৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদ

চাও আহক বিদ্যুৎ কৰ্মচাৰী, অভিযন্তা সকলে কিয় খচৰা বিদ্যুৎ (সংশোধনী) বিল,২০২০ ৰ বিৰোধিতা কৰিছেঃ
ক) এই আইনৰ দ্বাৰা বৰ্তমানৰ বিদ্যুৎ মাচুলৰ সাৰ্বজনীন ৰাজসাহাৰ্য ব্যৱস্থা নোহোৱা হ'ব। বিদ্যুতৰ মাচুল অত্যাধিক হাৰত বৃদ্ধি পাব ৷
খ) এই আইনৰ দ্বাৰা বিদ্যুতৰ সেৱা লাভখোৰ ব্যক্তিগত গোষ্ঠীৰ হাতত হস্তান্তৰ কৰা হ'ব। ইজ অৱ দ্যুইং বিজনেচৰ নামত সাধাৰণ গ্ৰাহকে ব্যৱসায়ীক গোষ্ঠীৰ হাতোৰাত বন্দী হ'ব ৷
গ) এই আইনৰ দ্বাৰা কাৰ্যতঃ ৰাজ্য চৰকাৰবোৰৰ কৰ্তৃত্ব নাইকিয়া হৈ পৰিব। বিদ্যুত খণ্ডত বৰ্তি থকা ৰাজহুৱা নিয়ন্ত্ৰণ নোহোৱা হ'ব আৰু এয়া ব্যক্তিগত একচেতীয়া নিয়ন্ত্ৰণ প্ৰতিষ্ঠা হ'ব।
ঘ) বিদ্যুৎ সেৱাৰ সৈতে জড়িত আৰ্থ-সামাজিক বিষয়বোৰৰ গুৰুত্ব নোহোৱা হ'ব আৰু তাৰ ঠাইত বজাৰ নিয়ন্ত্ৰিত ব্যৱস্থা গঢ় ল'ব ৷
ঙ) সংবিধান অনুসৰি বিদ্যুৎ বিষয়টো এটা উমৈহতীয়া বিষয়,য'ত ৰাজ্য চৰকাৰবোৰৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰস্তাৱিত আইনে ৰাজ্য চৰকাৰৰ কৰ্তৃত্ব কাৰ্যতঃ নোহোৱা কৰিব
NCCOEEE এ কিয় কৈছে যে নতুন বিদ্যুৎ আইনৰ ফলত বিদ্যুতৰ মাচুল আকাশলংঘী হ'ব।
বৰ্তমান বিদ্যুত মাচুলৰ ৮০% নিৰ্ধাৰিত হৈছে বিতৰণ কোম্পানী আৰু ব্যক্তিগত উৎপাদন কোম্পানীৰ মাজত স্বাক্ষৰিত হোৱা অত্যন্ত ব্যয়বহুল শক্তি ক্ৰয় সম্পৰ্কীয় চুক্তিৰ দ্বাৰা। বাকী ২০% ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে নিয়ন্ত্ৰণ কৰে। সেয়ে প্ৰচলিত আঁসোৱাহ যুক্ত শক্তি ক্ৰয় চুক্তিবোৰ পুনৰ বিচাৰ অবিহনে বিদ্যুতৰ মাচুল হ্ৰাস কৰাটো অসম্ভৱ।
বৰ্তমান ১ ইউনিট সৌৰ বিদ্যুতৰ দাম ২.৪৪ টকা। কিন্তু পুৰণি শক্তি ক্ৰয়ৰ চুক্তিৰ বাবেই এই বিদ্যুৎ গুজৰাটত ১৫টকা,অন্ধ্ৰ প্ৰদেশত ৪.৬০টকাত ক্ৰয় কৰিবলৈ সংশ্লিষ্ট বিতৰণ কোম্পানীয়ে বাধ্য হৈছে। নতুন আইনে এনে বোৰ গ্ৰাহকক ক্ষতিগ্ৰস্ত কৰা বিষয়ত নিমাত।

শেহতীয়া ভাৱে দেশৰ বিদ্যুৎ খণ্ডই ৫ লাখ কোটি হিচাপত ৰাজহুৱা বেংকৰ অনাদায়ী ঋণৰ বোজা ল'ব লগীয়া হৈছে। দেশৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত এই ধাৰৰ বোজা পৰাটো স্বাভাৱিক ৷ শক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী কমিটিৰ ৩৭সংখ্যক প্ৰতিবেদনত প্ৰকাশ পাইছে বিগত সময়ত দেশত এনে ৩৪টা তাপবিদ্যুৎ প্ৰকল্প ব্যক্তিগত খণ্ডত গঢ়ি উঠিছে যিবোৰে লোৱা ঋণৰ বাবে বেংকৰ NPA 6 লাখ কোটিলৈ বৃদ্ধি হৈছে।
বিদ্যুত খণ্ডত উৎপাদন,প্ৰবহন আৰু বিতৰণৰ সুন্দৰ ব্যৱসায় গঢ় দিয়াৰ দিহা কৰা হৈছে। বিদ্যুৎ বিতৰণ ক্ষেত্ৰত ৩ খলপীয়া ব্যৱসায়ৰ ব্যৱস্থা কৰা হৈছে। বিতৰণ লাইচেন্সী, উপ- বিতৰণ লাইচেন্সী আৰু ফ্ৰেন্সাইজী। ফ্ৰেন্সাইজীৰ বাবে কোনো অনুমতিৰ(License) দৰকাৰ নাই। এনেদৰে বিদ্যুৎ বিতৰণ খণ্ডটো ভাঙি চিঙি এটা অনানুষ্ঠানিক(Informal Sector) লৈ ৰূপান্তৰ কৰা হ'ব। ফ্ৰেন্সাইজীয়ে অতি কম দৰত কোনো দৰকাৰী প্ৰশিক্ষণ অবিহনে শ্ৰমিক নিয়োগ কৰিব। য'ত বিদ্যুতৰ সুৰক্ষা আৰু নিৰাপত্তাৰ দিশবোৰ জলাঞ্জলি দিয়া হ'ব।
নতুন আইনৰ দ্বাৰা এক নতুন অৰ্ধ-ন্যায়িক প্ৰাধিকাৰী Electricity Contract Enforcement Authority গঠন কৰা হ'ব যাৰ দ্বাৰা বিদ্যুতৰ ব্যক্তিগত গোষ্ঠীৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰা হ'ব। এই নতুন ব্যৱস্থাত সাধাৰণ গ্ৰাহকৰ স্বাৰ্থৰ বিপৰীতে গ্ৰহণ কৰা কোনো চুক্তিও ইচ্ছা কৰিলেই ৰাজ্য চৰকাৰবোৰে পুনৰ বিচাৰ কৰাৰ ক্ষমতা হেৰুৱাব।

নতুন বিদ্যুৎ (সংশোধনী) আইনে দেশৰ কৃষিজীৱি জনতাক কিদৰে প্ৰভাৱিত কৰিবঃ

এই আইন অনুসৰি ভূমি স্বত্বাধাৰী সকলেহে বিদ্যুতৰ ৰাজ সাহাৰ্যৰ(DBTব্যৱস্থাৰ) বাবে দাবীদাৰ হ'ব। কৃষিখণ্ডত প্ৰত্যক্ষভাৱে জড়িত কৃষি মজুৰ, কৃষি শ্ৰমিক, ভূমিহীন কৃষক, উপান্ত কৃষক, আধিয়াৰ যাৰ ভূমিৰ অধিকাৰ নাই, এই ব্যৱস্থাৰ পৰা বঞ্চিত হোৱাটো খাটাং ৷ দিনে দিনে অধিক খৰচী হৈ পৰা বিদ্যুৎ শক্তিৰ সহায়ত যোগান ধৰা জলসিন্চন আৰু ভুজলৰ ব্যৱহাৰৰ বাবে কৃষিকাৰ্য অধিক ব্যয়বহুল হৈ পৰাটো অৱধাৰিত।

দেশৰ কৰ'ণা মহামাৰীজনিত দুৰ্যোগৰ সময়তে আগন্তুক দিনতো সাধাৰণ জনতাক ক্ষতিগ্ৰস্ত কৰিব পৰা বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ পদক্ষেপৰ বিৰুদ্ধে সকলোৱে মাৰবান্ধি থিয় দিবৰ বাবে আসাম ষ্টেট্‌ পাৱাৰ ব'ৰ্কাচ ইউনিয়নৰ তৰফৰ পৰা আহ্বান জনাইছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.