ETV Bharat / state

চিৰাঙত পতঞ্জলি বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু !! - পতঞ্জলিৰ বিদ্যালয় আচাৰ্য্য কুলামত সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা

অধ্যক্ষৰ অজ্ঞাতে দুজন স্বামীয়ে ছাত্ৰ ছাত্ৰীক পূজাৰ কামত লগাই নদীত গা ধুবলৈ দিযাৰ পাছতে সংঘটিত হ'ল অঘটন ৷ সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হ'ল পূজাস্থলীৰ পৰা 5 কিলোমিটাৰ দূৰত ৷ মৃতদেহ চমজি ল'বলৈ অসন্মত পৰিয়াল ৷

চিৰাঙৰ পতঞ্জলিৰ বিদ্যালয়ত অঘটনঃষঠ পূজাৰ দিনা মৃত্যু হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ
author img

By

Published : Nov 2, 2019, 10:20 PM IST

চিৰাং , 2 নৱেম্বৰঃ চিৰাঙৰ পতঞ্জলি বিদ্যালয়ৰ আচাৰ্য কুলামত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ ষট পুজাৰ দিনা বিদ্যালয়ৰ অধ্যক্ষৰ অজ্ঞাতে মাতি নি গা ধুবলৈ দিয়াৰ পাছতে নিহত হ'ল এজন ছাত্ৰ ৷

ঘটনাৰ বিৱৰণী মতে, শনিবাৰে ষট পূজা উপলক্ষে বিদ্যালয় বন্ধ আছিল যদিও পতঞ্জলিৰ দুজনকৈ স্বামী আৰু কৰ্তৃপক্ষই সপ্তম শ্ৰেণীৰ ১৫/২০ জন ছাত্ৰক আই নদীৰ পাৰলৈ মাতি পঠিয়াই ৷ ৰাতিপুৱাৰ ভাগত ধাৰ্মিক ৰীতি নীতি সম্পূৰ্ণ কৰাৰ পাছতে ছাত্ৰ সকলক নদীত গা ধুবলৈ নিৰ্দেশ দিয়া হয় ৷ ইয়াৰ মাজতে প্ৰকৃতিশ দে নামৰ ছাত্ৰ জন আই নদীৰ সোঁতত উটি যায় যদিও আধা ঘন্টাৰ পিচতহে তেওঁলোকে এই বিষয়ে অৱগত হয় ।

অভিযোগ অনুসৰি প্ৰকৃতিশ দে নামৰ ছাত্ৰজনে গা ধুই উঠি আহিব পৰা নাছিল আৰু কিছু পৰৰ পাছত প্ৰায় 5 কিলোমিটাৰ দূৰত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ । পতঞ্জলি কর্তৃপক্ষই ছাত্ৰজনক বঙাইগাঁৱৰ এখন নাৰ্ছিং হোমলৈ লৈ যায় যদিও ৰহস্যজনক ভাবে নাৰ্ছিং হোমলৈ অহা নাছিল দুয়োজন স্বামীজী । পিছত বাঙালী ফেডাৰেছন আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত পতঞ্জলি আশ্ৰমত আত্মগোপন কৰি থকা দুয়োজন স্বামীজীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান পতঞ্জলিৰ কাৰ্যালয়ত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

এই খিনিতে প্ৰশ্ন হয় বহুজাতিক কোম্পানী পতঞ্জলিৰ চিৰাঙৰ কাৰ্য্যালয়ত থকা আচাৰ্য্যকুলামত বিদ্যালয়ৰ অধ্যক্ষৰ অজ্ঞাতে স্বামিজীয়ে ষট পুজাৰ বাবে ছাত্ৰক মাতি নি কেনেকৈ নদীত গা ধোৱাৰ নিৰ্দেশ দিব পাৰিলে ? জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত পলাংশু গুৰি গাঁওৰ বাসীন্দা উৎপল দেৱৰ একমাত্ৰ সন্তান আচাৰ্য্যকুলামৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰ প্ৰকিতিশ দে নিহত হোৱাৰ পিছত ইয়াৰ দায়িত্ব কোনে লব ? ইতিমধ্যে পৰিয়াল তথা বঙালি যুৱ ছাত্ৰ ফেডেৰেচনে মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে পতঞ্জলিৰ স্বত্বাধিকাৰী স্বামী ৰাম দেৱ নিজে আহি পতঞ্জলি আৰু আচাৰ্য্যকুলাম কিদৰে চলি আছে প্ৰত্যক্ষ কৰাৰ দাবী জনাইছে ৷

চিৰাঙৰ পতঞ্জলিৰ বিদ্যালয়ত অঘটনঃষঠ পূজাৰ দিনা মৃত্যু হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ

লগতে পঢ়কঃ কলিয়াবৰত তীব্ৰবেগী বাহনে মহতিয়ালে বাইক আৰোহীক

Intro:চিৰাঙৰ পতঞ্জলিৰ বিদ্যালয় আচাৰ্য্য কুলামত বিদ্যালয় বন্ধৰ দিনত অধ্যক্ষৰ অজ্ঞতাত স্বামিজীয়ে মাতি লৈ ষট পুজা উপলক্ষে আই নদীত গা ধুৱলৈ লোৱাত পানীত পৰি এজন ছাত্ৰ নিহত । পৰিস্থিতি উত্তপ্ত ।

Body:চিৰাং জিলাৰ খাগ্ৰা বাৰীত সপ্তম শ্ৰেণীৰ ছাত্ৰ প্ৰকৃতিশ দে ৰ নদীত গা ধুবলৈ গৈ মৃত্যু। স্বামী ৰাম দেৱৰ পতঞ্জলিৰ বিদ্যালয় আচাৰ্য কুলামৰ ছাত্ৰ আছিল প্ৰকৃতিশ। অভিযোগৰ আঙুলি পাতাঞ্জলি কৰ্তৃপক্ষৰ ওপৰত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনজৈ পতঞ্জলিৰ স্বামীজীক।
আজি ষট পূজা উপলক্ষে বিদ্যালয় বন্ধ আছিল যদিও পাতাঞ্জলিৰ দুজনকৈ স্বামিজি আৰু কৰ্তৃপক্ষই সপ্তম শ্ৰেণীৰ ১৫/২০ জন মান ছাত্ৰক আই নদীৰ পাৰত মাতি পঠাইছিল ৰাতিপুৱাৰ ভাগত ধাৰ্মিক ৰীতি নীতি সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে। স্বামী জীয়ে পিছত ছাত্ৰ সকলক নদীত গা ধুবলৈ নিৰ্দেশ দিয়ে । লগত আছিল পতঞ্জলিৰ দুজনকৈ স্বামিজি ক্ৰমে আনন্দ ভাৰতী আৰু স্বামি আনন্দ দেৱ । দুয়োজন স্বামীয়ে বিদ্যালয়ৰ অধ্যক্ষৰ অজ্ঞাতেই ছাত্ৰ সকলক লৈ ষট পুজা উপলক্ষে আই নদীত গা ধুবলৈ দিছিল লগত থাকি । ইয়াৰ মাজতে প্ৰকৃতিশ দে নামৰ ছাত্ৰ জন আই নদীৰ সোতত উটি যায় যদিও আধা ঘন্টাৰ পিচত হে তেওঁলোকে এই বিষয়ে অৱগত হয় ।
অভিযোগ অনুসৰি প্ৰকৃতিশ দে নামৰ ছাত্ৰ জনে গা ধুই উঠি আহিব পৰা নাই আৰু প্ৰায় 5 km দূৰত উদ্ধাৰ হয় তাৰ মৃত দেহ। পাতাঞ্জলি কর্তৃপক্ষ বঙাইগাঁও ৰ এখন নাৰ্ছিং হোম ত ছাত্ৰ জনক লৈ আহে যদিও ৰহস্য জনক ভাবে নাৰ্ছিং হোম ত অহা নাছিল দুয়োজন স্বামীজী। দুয়োজন স্বামি জি পলাতক আছিল ।
Sot- ছাত্ৰ ৰ পৰিবাৰৰ লোক
Vo- আচাৰ্য কুলামৰ প্ৰধান শিক্ষক গৰাকীয়েও এই ঘটনাৰ কোনো দায়িত্ব লবলৈ ৰাজী হোৱা নাই। কাৰন আজি আছিল বিদ্যালয় বন্ধ ।

Sot- প্ৰিন্সিপাল
Vo- কিছু সময় পিছত বাঙালী fedaration আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত পাতাঞ্জলি আশ্ৰমত আত্মগোপন কৰি থকা দুয়োজন স্বামীজীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Sot- গ্ৰেপ্ৰতাৰ হোৱা স্বামীজী

পতঞ্জলিৰ কাৰ্য্যালয়ত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে ।

(৫ ৰ পৰা ১২ লৈকে ভিজুৱেল কেইটা পোনে পোনে দিছো । )

Conclusion:এই খিনিতে প্ৰশ্ন হয় বহুজাতিক কোম্পানি পতঞ্জলিৰ চিৰাঙৰ কাৰ্য্যালয়ত থকা আচাৰ্য্যকুলামত বিদ্যালয় অধ্যক্ষৰ অজ্ঞাতে স্বামিজীয়ে ষট পুজাৰ বাবে মাতি আনি নদীত পৰ্য্যাপ্ত নিৰাপত্তা নোহোৱাকৈ কেনেকৈ ললে ? জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত পলাংশুগুৰি গাঁওৰ বাসীন্দা উৎপল দেৱৰ একমাত্ৰ সন্তান আচাৰ্য্যকুলামৰ ষষ্ট শ্ৰেণীৰ ছাত্ৰ প্ৰকিতিশ দে নিহত হোৱাৰ পিচত ইয়াৰ দায়িত্ব কোনে লব ? পৰিয়াল তথা বঙালি যুৱ ছাত্ৰ ফেডেৰেচনে মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিছে । পতঞ্জলিৰ স্বত্বাধিকাৰী স্বামী ৰাম দেৱ নিজে আহি প্ৰত্যক্ষ কৰক যে কি দৰে চলিছে তেওঁৰ পতঞ্জলি আৰু আচাৰ্য্যকুলাম ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.