ETV Bharat / state

KRNSU formation in Chirang : চিৰাঙত জন্ম পালে আন এক ছাত্ৰ সংগঠনে

author img

By

Published : Jul 10, 2023, 8:19 AM IST

কোঁচ ৰাজবংশী জাতীয় ছাত্র সন্থা চমুকৈ ক্ৰানছু গঠন । গঠনৰ দিনাই 51 জনীয়া কেন্দ্রীয় সমিতি গঠন কৰা হয় ।

Chilaray unnoyon mancha formed KRNSU in Chirang
চিৰাঙত জন্ম পালে আন এক ছাত্ৰ সংগঠনে
কোঁচ ৰাজবংশী জাতীয় ছাত্র সন্থা গঠন

চিৰাং, 10 জুলাই : চিলাৰায় উন্নয়ন মঞ্চই দেওবাৰে নতুনকৈ জন্ম দিলে আন এক সংগঠনৰ । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য গঠনৰ লগতে অনুন্নত জনগোষ্ঠীৰ সমাজ সংস্কাৰৰ সংগ্ৰামখন অধিক তীব্ৰতৰ কৰি তুলিবলৈ জনগোষ্ঠীটোৰ যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি মঞ্চৰ ভাতৃ ছাত্র সংগঠন কোঁচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থা চমুকৈ 'ক্রানছু' গঠন কৰা হয় । চিৰাং জিলাৰ চাপাগুৰিস্থিত হোটেল হিমালয়াত চিলাৰায় উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰমজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কোঁচ ৰাজবংশী জাতীয় ছাত্র সন্থা (ক্রানছু) গঠন কৰা হয় । উক্ত অনুষ্ঠানতেই কোঁচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক হিচাপে ক্ৰমে হৃদয় কুমাৰ ৰায় (বঙাইগাঁও) আৰু উমা প্ৰসাদ বৰ্মন (কোকৰাঝাৰ)ক নিৰ্বাচিত কৰি এখনি 51 জনীয়া কেন্দ্রীয় সমিতি গঠন কৰা হয় ।

অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত চিলাৰায় উন্নয়ন মঞ্চ আৰু কোঁচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ নেতৃত্বই কোঁচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি অসম তথা ভাৰত চৰকাৰৰ দৃষ্টিভংগীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে কোঁচ ৰাজবংশী জনগোষ্ঠীক বছৰৰ পিছত বছৰ ধৰি অকল প্ৰতাৰণাই কৰি অহা পৰিলক্ষিত হৈছে বুলি সংবাদ মেলত কয় কৰ্মকৰ্তাসকলে । এনআৰচি, আধাৰ কাৰ্ডৰ লগতে শেহতীয়াকৈ সমষ্টি পুন:নিৰ্ধাৰণেৰে কোঁচ ৰাজবংশী জনগোষ্ঠীটোক ৰাজনৈতিকভাৱেও নিঃশেষ কৰাৰ এক ভয়াৱহ পৰিকল্পনা ৰচনা কৰিছে বুলি চিলাৰায় উন্নয়ন মঞ্চ আৰু ক্ৰানছু নেতৃত্বই ভাৱিবলৈ বাধ্য হৈছে বুলি উল্লেখ কৰে ।

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় সকলো সশস্ত্ৰ সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হ'ল কিন্তু কোঁচ ৰাজবংশী জনগোষ্ঠীৰ একমাত্ৰ সশস্ত্ৰ সংগঠন কেএলঅ'ৰ লগত আজিও শান্তি চুক্তি স্বাক্ষৰ নহ'ল ৷ কেএলঅ'ৰ মুখ্য সেনাধ্যক্ষ জীৱন সিংহ আৰু বৈদেশিক সচিব পাভেল কোঁচৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি আলোচনাই কিমানদূৰ গতি লাভ কৰিলে সেয়াও এক ৰহস্যৰ আৱৰ্তত । চিলাৰায় উন্নয়ন মঞ্চ আৰু কোঁচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ নেতৃত্বই অতি শীঘ্ৰেই বিদ্রোহী সংগঠন কেএলঅ' ৰ লগত শান্তি চুক্তি সমাপন কৰিবলৈ দাবী জনোৱাৰ লগতে জনজাতিকৰণ আৰু পৃথক কামতাপুৰ ৰাজ্য গঠন বিষয়টোৰ ওপৰতো ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Congress leader Manajit Mahanta demise: বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক মনজিৎ মহন্তৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.