ETV Bharat / state

হাগ্ৰামা হঠাৎ ৰঞ্জিত বসুমতাৰীৰ বুকুৰ কুটুম কিয় হ'ল ?

author img

By

Published : Sep 4, 2021, 2:19 PM IST

উপ নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফ আৰু ইউপিপিএলৰ মাজত গোপন বুজাবুজি হৈছে নেকি ? হাগ্ৰামাক নৰ্মেল মানুহ বুলি কিয় ক'লে ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগাই ?

BTR EM
হাগ্ৰামা বৰ্তমান Normal মানুহ

চিৰাং, ৪ ছেপ্তেম্বৰ : অসমত উপ নিৰ্বাচন (Bye election) অহাৰ লগে লগে এতিয়া ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ভংগৰ চৰ্চা চলি থকাৰ মাজতে ইউপিপিএল (UPPL) আৰু বিজেপিৰ সৈতে বিপিএফৰ (BPF) গোপন বুজাবুজি চলিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে ।

বহুতে দাবী কৰা মতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) এইবাৰ উপ নিৰ্বাচনত বিটিআৰৰ দুয়োখন আসনে ইউপিপিএলক এৰি দিব । এনেবোৰ চৰ্চাৰ মাজতে হাগ্ৰামা সম্পৰ্কত বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী (Ranjit Basumatary) ওৰফে ফেৰেংগাৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ ।

হাগ্ৰামাৰ প্ৰশংসাত পঞ্চমুখ ৰঞ্জিত বসুমতাৰী

চিৰাঙৰ কাজলগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত একপ্ৰকাৰ হাগ্ৰামাক প্ৰশংসা কৰা দেখা গ'ল ফেৰেংগাক । তেওঁৰ মতে হাগ্ৰামা বৰ্তমান নৰ্মেল হৈছে । পূৰ্বতে হাগ্ৰামা মানসিকভাৱে কেনে আছিল তেওঁ নাজানে, কিন্তু এতিয়া হাগ্ৰামা এগৰাকী নৰ্মেল মানুহ বুলি ফেৰেংগাই মন্তব্য কৰে ।

অৱশ্যে ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ তেওঁৰ গণতান্ত্ৰিক অধিকাৰ আছে । হাগ্ৰামাই কেনে ৰাজনৈতিক উদ্দেশ্যে লৈ ক'ত কি কৰিছে তেওঁ নাজানে যদিও ইউপিপিএল নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰ সম্পূৰ্ণ সুৰক্ষিত বুলি মন্তব্য কৰে ফেৰেংগাই । উপ নিৰ্বাচনত দুয়োখন আসনে ইউপিপিএলৰ হাতলৈ যাব বুলিও তেওঁ নিশ্চিত ।

বিপিএফ আৰু ইউপিপিএলৰ মাজত গোপন বুজা বুজি হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দলীয়ভাৱে গোপন বুজাবুজি নাথাকে কিন্তু ব্যক্তিগতভাৱে বুজাবুজি থাকে । মানুহ হিচাপে বুজাবুজিৰ কথা কৈ তেওঁ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজৰ পৰিচালনা সমিতিৰ সভাৰ উদাহৰণ দাঙি ধৰে । য'ত চন্দন ব্ৰহ্ম আৰু তেওঁ একেলগে উপস্থিত আছিল ।

ফেৰেংগাৰ এনে মন্তব্যকলৈ এতিয়া বিভিন্ন মহলত চৰ্চা হৈছে । বহুতে দাবী কৰা মতে তেওঁৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট যে বিপিএফ দলে বিজেপি-ইউপিপিএলক উপ নিৰ্বাচনৰ দুয়োখন আসন এৰি দিছে । দলীয়ভাৱে নহ'লেও ব্যাক্তিগতভাৱে আলোচনা হোৱাৰো ইংগিত বহন কৰিছে ।

ৰাজনীতিত যে সকলো সম্ভৱ সেই কথাও প্ৰমাণ কৰিছে ফেৰেংগাই । কাৰণ বিগত সময়চোৱাত হাগ্ৰামাৰ কথা ওলালেই জেলৰ ভাত খুৱাব বুলি হুংকাৰ দিয়া ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগাই শনিবাৰে হাগ্ৰামাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা যায় ৷ অৱশ্যে সময়েহে ক'ব আগন্তুক দিনত দুয়োটা দলে একেখন মঞ্চৰ তললৈ আহিব নে নাহে ?

লগতে পঢ়ক : বদৰুদ্দিনৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগ হ'বনে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.