ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰত নামিছে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম - কাজলগাঁও সমষ্টি

ক্ৰমাৎ আৰম্ভ হৈছে সমাগত বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ময়ো পিছপৰি ৰোৱা নাই এইক্ষেত্ৰত ৷ ব্ৰহ্মই দেওবাৰে কাজলগাঁও সমষ্টিৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি বিটিচি চুক্তিৰ পিছত বিপিএফৰ নেতৃত্বত পৰিষদ গঠন হোৱাৰ কথা প্ৰকাশ কৰে ৷

BTC election campaign og former btc chief paniram brahma chirang assam etv bharat news
সমাগত বিটিচি নিৰ্বাচন
author img

By

Published : Aug 9, 2020, 2:13 PM IST

চিৰাং,9 আগষ্ট: চিৰাং জিলাৰ ১৫নং কাজলগাঁও বিটিচিৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মই কাজলগাঁও সমষ্টিৰ কেইবাটাও বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি বিটিচি চুক্তিৰ পিছত বিপিএফৰ নেতৃত্বত পৰিষদ গঠন হোৱাৰ কথা প্ৰকাশ কৰে ৷ ব্ৰহ্মই ২০০৭ চনত তিনি বছৰৰ বাবে প্ৰতিদ্বন্দী নোহোৱাকৈ নিৰ্বাচিত হৈ কিছু কাম কৰিছিল । ২০১০ চনত ৰাইজৰ বিপুল সহায়ত জয়ী হৈ বিটিচিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল ব্ৰহ্ম ।

স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,পূৱ এংকৰবাৰী গাঁৱৰ কোঁচ-ৰাজবংশী অধ্যুষিত অঞ্চলৰ লোকে বানে কৃষি ভূমি ধ্বংস কৰা বুলি আক্ষেপ প্ৰকাশ কৰে । এইক্ষেত্ৰত এমচিএলএ ৰণগৌৰা নাৰ্জাৰীয়ে এবাৰো খবৰ নল’লে ৰাইজৰ । বিৰোধীয়ে যিমানেই যি নকওঁক কিয় আমাৰ উন্নয়ন হৈছে নে নাই আমিহে জানো বুলি নাৰ্জাৰীয়ে প্ৰকাশ কৰে ৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত পানীৰাম ব্ৰহ্ম

আনহাতে, বিটিচিৰ পৰিষদীয় নিৰ্বাচন যি কোনো মুহুৰ্ততে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে । সকলোৱে নিজৰ দলীয় নীতি-আদৰ্শৰে আগবাঢ়িছে । কিন্ত ইয়াৰ মাজতে সিদ্ধান্ত ল’ব ৰাইজে । ৰাইজে বিবেক ভোটেৰে কাক জয়ী কৰি বিটিচিৰ পৰিষদ গঠনৰ দায়িত্বভাৰ অৰ্পণ কৰে সেয়া সময়েহে ক’ব বুলি মন্তব্য প্ৰকাশ কৰে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্মই ৷

লগতে চাওকঃ দীৰ্ঘদিন ধৰি নিজ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.