ETV Bharat / state

জৰাজীৰ্ণ দলঙেৰে যাতায়াত চিদলীবাসীৰ: জনপ্ৰতিনিধিৰ নাই আহৰি - হাগ্ৰামা মহিলাৰী

উন্নয়নৰ ক্ষেত্ৰত আজিও যথেষ্ঠ পিছপৰি আছে চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টি ৷ অঞ্চলটোৰ চানপুৰত থকা এখন ভগ্ন দলং যাতায়াতৰ ক্ষেত্ৰত সম্প্ৰতি অন্তৰায় হিচাপে দেখা দিছে ৷

Broken Bridge deprive area in Chirang assam etv bharat news
জৰাজীৰ্ণ দলঙেৰে যাতায়াত চিদলীবাসীৰ
author img

By

Published : Sep 7, 2020, 6:02 PM IST

চিৰাং,7 ছেপ্তেম্বৰ: বাট-পথৰ দুৰৱস্থাৰ বাবে যথেষ্ঠ দুৰ্ভোগ ভূগিবলগীয়া হৈছে চিৰাঙবাসীয়ে ৷ জিলাখনৰ গৰুভাষা অঞ্চলৰ চানপুৰত থকা এখন ভগ্ন দলঙে অঞ্চলটোৰ যাতায়াতৰ ক্ষেত্ৰত সম্প্ৰতি অন্তৰায় হিচাপে দেখা দিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিৰাং জিলাৰ চিদলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চানপুৰৰ মাজেৰে বৈ যোৱা মৰা ভূৰনৈৰ ওপৰত থকা দলঙখন দীৰ্ঘদিনে জৰাজীৰ্ণ অৱস্থাত আছে ৷ প্ৰায় 6খন গাঁওৰ যাতায়াতৰ একমাত্ৰ সাৰথি উক্ত দলঙখনৰ ওপৰেৰে দৈনিক আহ-যাহ কৰে অসংখ্য পথচাৰী ৷

Broken Bridge deprive area in Chirang assam etv bharat news
জনপ্ৰতিনিধিৰ নাই আহৰি

বিগত প্ৰায় 17 বছৰে বিটিচিৰ শাসনৰ বাঘজৰী চম্ভালি থকা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰখনে এই দলং মেৰামতিৰ বাবে গ্ৰহণ নকৰিলে কোনোধৰণৰ ব্যৱস্থা ৷ যাৰ ফলত বৃহৎ অঞ্চলটোৰ ৰাইজে ভূগিবলগীয়া হৈছে যমৰ যাতনা ৷ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে সমষ্টিবাসীলৈ মনত পৰা জন প্ৰতিনিধিসকলে ৰাইজক আশ্বাস দিয়ে দলঙখন মেৰামতি কৰাৰ ৷ কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত সেয়া ফুটুকাৰ ফেনত পৰিণত হয় ৷

জৰাজীৰ্ণ দলঙেৰে যাতায়াত চিদলীবাসীৰ

উল্লেখ্য যে,দলঙখনৰ দুৰৱস্থাৰ বাবে গাঁওসমূহলৈ আহিব নোৱাৰে জৰুৰীকালীন সেৱাত জড়িত এম্বুলেঞ্চ সেৱা ৷ সেয়ে চিকিৎসাৰ বাবে দুৰণিলৈ ৰোগীক কঢ়িয়াবলগীয়া হয় সাঙীৰ সহায়ত ৷ এই সমষ্টিৰ পৰাই মন্ত্ৰী চন্দন ব্ৰহ্ম একেৰাহে তিনিবাৰকৈ নিৰ্বাচনত জয়ী হৈ মন্ত্ৰীত্বৰ বাব চম্ভালি আছে যদিও মন্ত্ৰীগৰাকীৰ সমষ্টিবাসীৰ সমস্যা সমাধানৰ বাবে নাই আহৰি ৷ সেয়ে এইবাৰ জন প্ৰতিনিধিৰ পৰা প্ৰতিশ্ৰুতি,আশ্বাস বিচৰাৰ পৰিৱৰ্তে ৰাইজে বিচাৰিছে উন্নয়নমূলক কাম ৷

লগতে চাওকঃ ৮০-১০০ খন আসনত প্ৰতিদ্বন্দিতা কৰিব আছুৰ ৰাজনৈতিক দলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.