ETV Bharat / state

শ্ৰমিক হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ স্তব্ধ বঙাইগাঁও তেল শোধনাগাৰ - Refinery Workers Protest News

নুমলিগৰ শোধনাগাৰত কৰ্মৰত শ্ৰমিক হত্যাৰ বিৰুদ্ধে বঙইগাঁও তেল শোধনাগাৰৰ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ লগতে শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদী শ্ৰমিক সকলে ৷

চিৰাঙত শ্ৰমিক হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ স্তব্ধ বঙাইগাঁও তেল শোধনাগাৰ
author img

By

Published : Nov 20, 2019, 1:41 PM IST

চিৰাং, 20 নৱেম্বৰঃ চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধিনত থকা বঙাইগাঁও শোধনাগাৰত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । নুমলিগৰ শোধনাগাৰত কাম কৰিবলৈ যোৱা শ্ৰমিকক দুৰ্বৃত্তই হত্যা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ শ্ৰমিক সকলৰ ৷

চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙইগাঁও তেল শোধনাগাৰৰ মুখ্য প্ৰৱেশদাৰত শোধনাগাৰৰ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, নুমলিগৰ শোধনাগাৰত তিনিদিন পূৰ্বে চিৰাং জিলাৰ কাজলগাঁওৰ সঞ্জয় বসুমতাৰী নামৰ শ্ৰমিকজনে পি কে এম নামৰ ঠিকাদাৰ গৰাকীৰ সৈতে কাম কৰিবলৈ গৈছিল ৷ কিন্তু সঞ্জয় বসুমতাৰী নামৰ শ্ৰমিৰজনক কোনো দুৰ্বৃত্তই হত্যা কৰে ৷ আনহাতে শোধনাগাৰতোৰ শ্ৰমিক সকলে নুমলিগৰৰ স্থানীয় লোকে শ্ৰমিকজনক হত্যা কৰা বুলি এক গুৰুতৰ অভিযোগ কৰিছে । ইতিমধ্যে উক্ত ঘটনাটোৰ পিছতে বঙাইগাঁও শোধনাগাৰৰ পৰা উজনি অসমৰ শ্ৰমিক সকলক খেদি পঠোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্ৰমিক সকলে ৷

চিৰাঙত শ্ৰমিক হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদঃ স্তব্ধ বঙাইগাঁও তেল শোধনাগাৰ

এই ঘটনাৰ বিৰুদ্ধে শোধনাগাৰৰ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি সমগ্ৰ শোধনাগাৰৰ কাম-কাজ সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়ে প্ৰতিবাদী শ্ৰমিক সকলে । শোধনাগাৰটোৰ মুখ্য প্ৰৱেশদাৰত শ্ৰমিক সকলে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । অতি শীঘ্ৰে উক্ত ঘটনাৰ লগত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ লগতে শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী কৰে প্ৰতিবাদী শ্ৰমিক সকলে ৷

Intro:চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধিনত থকা বঙাইগাঁও শোধনাৰত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । নুমলিগৰ শোধনাগাৰত কাম কৰিবলৈ যোৱা শ্ৰমিকক তিনিদিন পুৰ্বে হত্যা কৰাৰ প্ৰতিবাদত উজনি অসমৰ শ্ৰমিক বিৰোধী আন্দোলন অব্যাহত ।

Body:আপাৰ আছাম গো-বেক , শ্ৰমিক হত্যা বন্ধ কৰক,হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় লাগে । চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদাৰত এয়া শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । নুমলিগৰ শোধনাগাৰত তিনিদিন পুৰ্বে চিৰাং জিলাৰ কাজলগাঁওৰ সঞ্জয় বসুমতাৰী নামৰ শ্ৰমিক(।পিকেএম নামৰ ঠিকাদাৰৰ কামত গৈছিল) এজনক নুমলিগৰৰ স্থানীয় লোকে হত্যা কৰিছিল । তাৰ পিচতে বঙাইগাঁও শোধনাগাৰৰ পৰা উজনি অসমৰ শ্ৰমিক সকলক খেদি পঠোৱা আৰম্ভ হৈছিল । কালিৰে পৰা শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ জনায় বঙাইগাঁও শোধনাগাৰত । আজি সমগ্ৰ শোধনাগাৰৰ কাম স্থব্দ কৰি দিয়ে । শোধনাগাৰৰ মুখ্য প্ৰৱেশদাৰত শ্ৰমিক সকলে বিভিন্ন শ্লোগানত উত্তাল প্ৰতিবাদ জনায় । শ্ৰমিক সকলে জনায় যে প্ৰতিবছৰেই নামনি অসমৰ পৰা শ্ৰমিক সকল উজনি অসমত কাম কৰিবলৈ গলে হাৰাশাস্থি হবলগীয়া হয় । কিন্ত নামনি অসমত উজনি অসমৰ শ্ৰমিক সকলে কাম কৰিবলৈ কোনো ধৰনৰ হাৰাশাস্থি নহয় । সেয়ে নুমলিগৰ শোধনাগাৰ আৰু বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই আলোচনা কৰি শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে । তাৰ প্ৰতিবাদতে আজি শ্ৰমিক সকলে এইদৰে আজি বঙাইগাঁও শোধনাগাৰ সম্পুৰ্ণ ৰূপে স্থব্দ কৰি তোলে ।

বাইট : শ্ৰমিকৰ বাইট দিলো ।

Conclusion:বঙাইগাঁও শোধনাগাৰত শ্ৰমিক সকলে আজি নুমলিগৰত শ্ৰমিক হত্যাৰ প্ৰতিবাদত এই দৰেই হত্যাকাৰীৰ শাস্থিৰ দাবী,শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাৱীত উত্তাল প্ৰতিবাদ জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.