ETV Bharat / state

এন আৰ চিক লৈ ৰাজনীতি কৰিছে নেকি চৰকাৰে !

author img

By

Published : Oct 15, 2020, 10:56 PM IST

এন আৰ চিক লৈ চৰকাৰে ৰাজনীতি কৰাৰ অভিযোগ । বিদেশী ন্যায়াধিকৰণকো অন্যায় তথা বৈষম্য মূলক আচৰণ কৰাৰ অভিযোগ। এই এন আৰ চি প্ৰত্যক্ষ ভাৱে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছিল । তেওঁ কয় যে ইতিমধ্যে চৰকাৰৰ পৰা এন আৰচি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰাত উচ্চতম ন্যায়ালয়ে পোনচাটেই অগ্ৰাহ্য কৰিছে এন আৰচিৰ পুনৰীক্ষণৰ বিষয়টো ।

Bongaigaon Bhartiya nagorik Mancha  press meet
সৰ্বানন্দ সোনোৱালে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননাঃ ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ

চিৰাঙ,15 অক্টোবৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিজেপিয়ে পুনৰ অস্থিৰ কৰিব বিচাৰিছে ৰাজ্য। এই অভিযোগ ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ নামৰ এক বেচৰকাৰী সংস্থাৰ । বৃহস্পতিবাৰে বঙাইগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত সংস্থাটোৰ সভাপতি জমশ্বেৰ আলীয়ে কয় যে যোৱা 10 অক্টোবৰ অসমৰ মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ এক সভাত সদম্ভে ঘোষণা কৰিছিল যে এন আৰ চিখন গ্ৰহণ যোগ্য নহয় বুলি । যদি সেয়াই হয় তেন্তে ৰাজ্য চৰকাৰৰ যি ৫৫ হেজাৰ কৰ্মচাৰীয়ে এই ভুল এন আৰ চি প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক বৰ্খাস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰীক নিজেও পদত্যাগ কৰাৰ বাবে দাবী জনায়।

কাৰণ অসম চৰকাৰৰ প্ৰথম প্ৰতিশ্ৰুতিয়ে আছিল এখন শুদ্ধ এন আৰ চি দিয়াৰ। কিন্ত তাত চৰকাৰখন সম্পূৰ্ণ ৰূপে বিফল হোৱা বুলি নিজেই তাৰ প্ৰমাণ দি আছে বুলিও কয় । এই এন আৰ চি প্ৰত্যক্ষ ভাৱে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছিল । তেওঁ কয় যে ইতিমধ্যে চৰকাৰৰ পৰা এন আৰচি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰাত উচ্চতম ন্যায়ালয়ে পোনচাটেই অগ্ৰাহ্য কৰিছে এন আৰচিৰ পুনৰীক্ষণৰ বিষয়টো । তাৰ পিচতো মুখ্যমন্ত্ৰীয়ে পুনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অগ্ৰাজ্য কৰি আকৌ ৰাজনীতিৰ মেৰপেচত আনি এই এন আৰ চিৰ গ্ৰহণযোগ্যতা নাই বুলি কৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে বুলি অভিযোগ কৰে জনশ্বেৰ আলীয়ে ।

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায়ালয় অৱমাননাৰ গোচৰ ল’ব লাগিছিল । তেওঁ আৰু কয় যে এন আৰ চি খন এই কাৰণেই সম্পূৰ্ণ শুদ্ধ যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হৈছে । এই এন আৰ চি খন সম্পূৰ্ণ কৰাৰ পিচত বহু কেইটা পৰ্যায়ত পৰীক্ষা হোৱাৰ পিচত ইয়াক প্ৰকাশ কৰা হৈছে । এতিয়া যদি কোনোবাই নিজৰ ৰাজনৈতিক স্বাৰ্থত কয় এই এন আৰ চি গ্ৰহণযোগ্য নহয় তেন্তে এয়া অসমৰ মানুহৰ বাবে গ্ৰহণযোগ্য হ’ব নোৱাৰে । কিন্ত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিচে পিচেই অতিকে বিতৰ্কিত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই জিলা আৰু চক্ৰ এন আৰ চি বিষয়া সকলক জৰুৰী নিৰ্দেশনা জাৰী কৰিছে যে ইতিমধ্য বহু লোকৰ নাম এন আৰ চিৰ পৰা বাদ দিয়া হৈছে আৰু কিমান লোকৰ নাম বাদ দিয়া যায় তাৰ তালিকা বিচাৰিছে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী

এই তালিকাত যদি ডি ভোটাৰ। বিদেশী ঘোষিত ব্যাক্তি বা বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যাক্তিৰ পৰিয়ালৰ নাম বাদ দিয়ে তাত কাৰোৰে ক’ব লগীয়া নাথাকিব বুলি কয় জমশ্বেৰ আলীয়ে । কিন্তু যি সকলৰ নাম সকলো নথি থকাৰ পিচতো নাম বাদ পৰিছে সেই সকলৰ নাম কিয় অন্তৰ্ভুক্ত নকৰে বুলি প্ৰশ্ন কৰি কয় যে বহু লোকৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্ত তেওঁলোকৰ সন্তানৰ নাম বাদ পৰিছে । ইয়াৰোপৰি যি সকল লোকক বিদেশী ন্যায়াধীকৰণে ভাৰতীয় বুলি প্ৰমাণ দিছে তেওঁলোৰ নামো এন আৰ চিত অন্তৰ্ভুক্ত কৰা হোৱা নাই । তেওঁ লগতে কয় যে এন আৰ চিৰ পুনৰীক্ষণৰ সময়ত আধাৰ কাৰ্ড দিয়া হয় বুলি কৈ বায়’ মেট্ৰিক লৈছেল । তেওঁলোকক আধাৰ কাৰ্ড দিয়া নহ’ল কিন্ত এতিয়া তেওঁলোকে আধাৰ কাৰ্ডৰ বাবে গ’লে বায়’ মেট্ৰিক নলয় । তাৰ বাবে লাখ লাখ অসমীয়া লোকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । চৰকাৰে এই বিষয়েও গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায় সংবাদ মেলত ।

ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক নন্দ ঘোষে কয় যে আচলতে মুখ্যমন্ত্ৰীয়ে এন আৰ চি সন্দৰ্ভত দায়িত্বহীন মন্তব্য দিছে । বিজেপি দল তথা চৰকাৰে তেওঁলোকৰ নেতা কৰ্মীৰ জৰিয়তে বিভিন্ন সময়ত অসমত বেমেজালি সৃষ্টিৰ বাবে মন্তব্য দিয়া বুলি অভিযোগ কৰে । তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত হোৱা এন আৰ চিৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰিল যত ১২ লক্ষাধিক লোক হিন্দু । বিজেপিয়ে হিন্দুৰ কথা কৈ এন আৰ চিৰ ক্ষেত্ৰত হিন্দুৰ বিষয়ে মাত নামাতে বুলি অভিযোগ কৰে । তেওঁ আৰু কয় যে আজি ইমান পৰীক্ষা-নিৰীক্ষাৰ অন্তত অসম বাসীৰ ত্যাগৰ বিনিময়ত প্ৰস্তুত কৰা এন আৰ চি যদি নস্যাৎ কৰে তেন্তে এই এন আৰ চিৰ কামত হোৱা ক্ষতি আৰু নিহত লোকৰ ক্ষতিপূৰণ চৰকাৰে দিবনে বুলিও প্ৰশ্ন কৰে । এন আৰ চি হোৱাৰ পিচতো স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক বিদেশী ন্যায়াধীকৰণে জাননী দিছে ।

লগতে পঢ়কঃ আলফাই দাবী কৰা ধন দিবলৈ গৈ চাৰিজন আটক

সৰভোগৰ এজন লোকক একপক্ষীয় ভাৱে বিদেশী কৰাৰ পিচত আত্মহত্যা কৰিলে । চৰকাৰে এখন শুদ্ধ এন আৰ চি নিবিচাৰে বুলি আমাৰ সন্দেহ হৈছে । চৰকাৰ খনে এই বৃহৎ সমস্যাটো লৈ ৰাজনীতি কৰিব বিচাৰিছে । অসম বাসীৰ বাবে কাম নকৰি কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে নন্দ ঘোষে । তেওঁ আৰু কয় যে সকলো নথি থকাৰ পিচতো সাধাৰণ দৰিদ্ৰ কৃষক শ্ৰেণীৰ লোকক বিদেশী সজাই জাননী দিয়া হয় আৰু তাৰ পিচত লাখ লাখ টকা খৰচ কৰি নিজকে স্বদেশী কৰাৰ সংগ্ৰাম কৰিব লগীয়া হৈছে । চৰকাৰে সাধাৰণ এই সকল লোকক কিয় ইমান কষ্ট দিয়ে বুলিও অভিযোগ কৰে । তেওঁ আৰু কয় যে ইয়াত সকলো জাতি-জনগোষ্ঠীৰ লোক ক্ষতিগ্ৰস্থ হৈছে ।

যি সকল লোক বিদেশী তেওঁলোকক চিনাক্ত কৰি সংশ্লিষ্ট দেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰক চৰকাৰে । ইয়াকে নকৰি হিটলাৰৰ নীতিৰে বন্দী শিবিৰত ৰাখে বুলিও কয় । এই বন্দি শিবিৰৰ ব্যৱস্থাটো উঠাই দিয়াৰো দাবী জনায় নন্দ ঘোষে । এন আৰ চিৰ পৰা যিদৰে মানুহৰ নাম কৰ্তন কৰা হৈছে সেই দৰেই যিসকল নাগৰিক তেওঁলোকৰ নাম সন্নিবিষ্ট কৰাৰো দাবী জনায় । এন আৰ চিক লৈ একপক্ষীয় ভাৱে চৰকাৰে কৰা প্ৰতিটো কথা অসমবাসীয়ে লক্ষ্য কৰি আছে । নিশ্চয়কৈ অসম বাসীয়ে সময়ত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলিও কয় নন্দ ঘোষে। বিদেশী ন্যায়াধীকৰণত অন্যায় ভাৱে তথা বৈষম্যমূলক ভাৱে কাম কৰি থকাৰ অভিযোগ কৰে ঘোষে । মুঠতে অসম বাসীৰ নাগৰিকত্ব লৈ ৰাজনীতি নকৰি সকলো জাতি-জনগোষ্ঠীৰ লোকক লৈ অসম খনক উন্নতিৰ বাবে কাম কৰাৰ বাবে দাবী জনায় । আজিৰ এই সংবাদ মেলত ভাৰতীয় নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ সভাপতি জমশ্বেৰ আলী,কাৰ্যকৰি সভাপতি বিশেষৰ মৈত্ৰি,সাধাৰণ সম্পাদক নন্দ ঘোষ, মানৱাধিকাৰ কৰ্মী তথা বিশিষ্ট অধিবক্তা অভিজিত চৌধুৰী উপস্থিত থাকে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.