ETV Bharat / state

বঙাইগাঁৱত ফণীভূষণৰ ঘনিষ্ঠৰ যোগদান অসম জাতীয় পৰিষদত

author img

By

Published : Feb 26, 2021, 1:55 PM IST

বঙাইগাঁওত অসম জাতীয় পৰিষদত যোগদান ৭০০ ৰো অধিক বিভিন্ন দলৰ নেতা-কৰ্মীৰ। মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘনিষ্ঠ দিপু চৌধুৰীৰ যোগদান অসম জাতীয় পৰিষদত ।

বঙাইগাঁৱত ফণীভূষণৰ ঘনিষ্ঠৰ যোগদান অসম জাতীয় পৰিষদত
বঙাইগাঁৱত ফণীভূষণৰ ঘনিষ্ঠৰ যোগদান অসম জাতীয় পৰিষদত

চিৰাং, ২৬ ফেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ অসম গণ পৰিষদত মোক্ষম আঘাত । অগপৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁও সমষ্টিক নিজ হাতত ৰখা বিধায়ক ফণীভূষণ চৌধুৰীৰ সংগ এৰিলে তেওঁৰ ঘনিষ্ঠ দিপু চৌধুৰীয়ে । অগপ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান নেতাগৰাকীৰ ।

বঙাইগাঁও জিলাৰ টেঙাইগাঁৱত আয়োজিত যোগদান কাৰ্যসূচীত বঙাইগাঁও পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি দিপু চৌধুৰীয়ে যোগদান কৰে আঞ্চলিক দলটোত । অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই দললৈ স্বাগতম জনায় নেতাগৰাকীক ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কৰ্মীসকলে এক বাইক ৰেলীৰে আদৰি আনিলে দিপু চৌধুৰীক ।

ইফালে অগপ দলৰ বিভিন্ন সিদ্ধান্তকলৈ অসন্তুষ্ট হৈ দল ত্যাগ কৰা বুলি সাংবাদিকৰ আগত জনালে দিপু চৌধুৰীয়ে । আগন্তুক দিনত সমষ্টিটোৰ পৰা অগপ লগতে ফণীভূষণ চৌধুৰীক ওফৰাবলৈ সক্ষম হ'ব বুলিও আশাবাদী নেতাগৰাকী ।

তেওঁৰ যোগদানৰ লগে লগে এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে যে আহি থকা নিৰ্বাচনত সমষ্টিটোত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব দিপু চৌধুৰীয়ে । যোগদান কাৰ্যসূচীত সমষ্টিটোৰ প্ৰায় ৭০০ গৰাকী লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ।

লগতে পঢ়ক:আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.