ETV Bharat / state

কি হ'ব বঙালী ৰাজনৈতিক দলৰ ভৱিষ্যৎ ? - বঙালী ৰাজনৈতিক দল

বঙালী ৰাজনৈতিক দল সম্পৰ্কে কি কলে শ্যামল সৰকাৰে ? বিজনী আঞ্চলিক বঙালি যুৱ ছাত্ৰ ফেডাৰেচনে আচলতে পদত্যাগ কৰিছিল নে ?

Bengoli Federation political party
বঙালী ৰাজনৈতিক দল সম্পৰ্কে কি কলে শ্যামল সৰকাৰে ?
author img

By

Published : Aug 22, 2020, 8:52 PM IST

চিৰাং, 22 আগষ্ট : সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ মুখ্য উপদেষ্টা শ্যামল সৰকাৰে ৰাজনৈতিক দল সম্পৰ্কে চিৰাঙৰ বিজনীত কয় যে, নতুন ৰাজনৈতিক দল গঠন নকৰো। তেওঁ কয় যে, যোৱা ১৫ আগষ্ট গুৱাহাটী প্ৰেচ ক্লাৱত সংবাদমেলত কোৱা হৈছিল নতুন ৰাজনৈতিক দল সম্পৰ্কে । আচলতে অসমত সকলো ক্ষেত্ৰতে বঙালি হিন্দু সকলক বঞ্চিত কৰা হৈছে । সেয়ে আমি অসম চৰকাৰক চৰ্ত দিছো । যদি আমাৰ চৰ্তক একো গুৰুত্ব নিদিয়ে তেন্তে আমি পাঁচ বছৰ পুৰ্বে গঠিত ভাৰতীয় গণ পৰিষদ নামৰ দলটোকে শক্তিশালি কৰি আমি অসমৰ প্ৰতিটো সমষ্টীত প্ৰাৰ্থী আগবঢ়োৱাৰ কথা সদৰি কৰে।

নাগৰিকত্ব সংশোধনী আইনে অসমীয়া বঙালীৰ মাজত বিভেদৰ সৃষ্টি কৰিছে বুলিও কয় নেতাজনে । আচলতে ছমাহ হৈ গ'ল আইন হোৱা কিন্তু আজিলৈ আইনৰ একো দেখিবলৈ পোৱা নাই । সৰ্বভাৰতীয় আইন এটা লৈ অসমত সংঘাতৰ সৃষ্টি কৰিলে । এয়া ৰাজনীতি কৰা বুলিও সন্দেহ কৰে নেতাজনে । বিটিচিৰ ক্ষেত্ৰত যদিও পোনপটীয়া সমৰ্থনৰ কথা নকয় কিন্তু আওপকীয়াকৈ বি পি এফ দলক সমৰ্থনৰ ইংগিত প্ৰদান কৰি ৰাইজৰ ওপৰত এৰি দিয়ে ।

ইপিনে বৃহস্পতিবাৰে চিৰাং জিলাৰ বিজনীত সংবাদমেল যোগে বিজনী আঞ্চলিক সমিতি বেংগলি যুৱ ছাত্ৰ ফেডাৰেচনে শীৰ্ষ নেতৃত্বৰে সংঘাতৰ ফলত সমুহীয়া ভাৱে পদত্যাগ কৰি ইউপিপিএল দলত যোগদানৰ কথা প্ৰকাশ কৰিছিল । তাৰ পিচতে শনিবাৰে জিলা সভাপতি সুভ মজুমদাৰ আৰু বিশাল ঘোষে স্পষ্ট ভাৱে জনায় যে, আচলতে কেইদিনমান পূৰ্বেই আঞ্চলিক সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হৈছিল আৰু ভংগ কৰা কমিটীৰ সদস্য সকলেই এইদৰে ইউপিপিএল দলৰ প্ৰৰোচনাত পৰি সংগঠনটোক বদনামৰ চেষ্টা চলোৱাৰ অভিযোগ কৰে ।

লগতে পঢ়ক : গণেশ চতুৰ্থী: ঐতিহাসিক পাতাল ভুৱনেশ্বৰৰ কথাৰে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.