ETV Bharat / state

পৰ্যটকৰ বাবে জাকত জিলিকা কৰি তোলা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান - পৰ্যটনস্থলী

চিৰাঙৰ পাণবাৰীত অসম পৰ্যটন নিগমৰ অধ‍্যক্ষ জয়ন্ত মল্ল বৰুৱা। মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ চিৰাং অংশত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে ল'ব ব‍্যৱস্থা। পৰ্যটনস্থলীত মানুহৰ অহা যোৱা আৰু থকা-খোৱাকে ধৰি সকলো ধৰনৰ সা-সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷

Assam tourism corporation
Assam tourism corporation
author img

By

Published : Jun 20, 2020, 7:16 PM IST

চিৰাং, 20 জুন : মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ চিৰাং জিলাৰ অংশ আকৰ্ষণীয় কৰিব অসম পৰ্যটন নিগমে। শনিবাৰে চিৰাং জিলাৰ পাণবাৰীত উপস্থিত হয় অসম পৰ্যটন নিগমৰ অধ‍্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ পাণবাৰীৰ মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰ্যটন স্থল ভ্ৰমণ কৰে অধ্যক্ষগৰাকীয়ে । মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ অন্যতম পৰ্যটনস্থলী পাণবাৰীস্থিত বনচোম অঞ্চল ভ্ৰমণ কৰি পৰিদৰ্শন কৰি ইয়াৰ সামগ্ৰীক পৰিৱেশৰ বুজ লয় জয়ন্ত মল্ল বৰুৱাই ৷

পৰ্যটকৰ বাবে জাকত জিলিকা কৰি তোলা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

পাণবাৰী বনচোমত পৰ্যটনৰ কাৰণে থকা খোৱাৰ লগতে জিপচিৰে মানাহৰ ভিতৰলৈ ভ্ৰমণৰ বাবে যোৱাৰ সুবিধা আছে । মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ অধিকাংশ বন‍্যপ্ৰাণী চিৰাং জিলাৰ অন্তৰ্গত এলেকাত আছে । এই পৰ্যটনস্থলীত মানুহৰ অহা যোৱা আৰু থকা-খোৱাকে ধৰি সকলো ধৰণৰ সা-সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই ৷ ইয়াৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰ্যটনস্থলী সমূহক শীঘ্ৰেই পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তোলা হ'ব বুলিও জনায় পৰ্যটন নিগমৰ অধ‍্যক্ষজনে ।

কৰ'ণা আতংকৰ এই সময়ত যিহেতু বহিঃৰাষ্ট্ৰৰ লোক অসমলৈ অহা সম্ভৱ নহয় সেয়ে আন্তঃৰাজ‍্যিক পৰ্যটনৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ কথাও জনায় অসম পৰ্যটনৰ অধ‍্যক্ষ বৰুৱাই । পৃথিৱীৰ ইতিহাসত বনাঞ্চল সংকুচিত হোৱাৰ হে নজিৰ আছে । কিন্তু বিটিচিত ইয়াৰ ব‍্যাতিক্ৰম দৃশ্য পৰিলক্ষিত হৈছে । মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ সীমা বঢ়াই দিয়া হ'ল ৩৫০ বৰ্গ কিলোমিটাৰ । মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ প্ৰথম সংযোজন চিৰাং জিলাত সোমাই আছে যদিও প্ৰথম অৱস্থাত চিৰাং জিলাত নাছিল মানাহ ৰাষ্ট্ৰীয় উদ‍্যান। এতিয়া চিৰাং জিলাত অন্তৰ্ভুক্ত হোৱা মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ অংশক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ কথাও জনায় পৰ্যটন নিগমৰ অধ‍্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক : গোলাঘাটৰ সৰুপথাৰত থকা ৰেচম কেন্দ্ৰত উৎপাদন ক্ষমতা হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.