ETV Bharat / state

৪৪ টা প্ৰতিশ্ৰুতিৰে ইউপিপিএল দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলিঃ চিৰাঙত ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 9, 2019, 8:23 PM IST

বিটিচিৰ শাসনাধীষ্ঠিত বিপিএফ দলৰ বিৰোধী ৰাজনৈতিক দল ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএল দলৰ সৰ্বমুঠ ৪৪ টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয় ৷

৪৪ টা প্ৰতিশ্ৰুতিৰে ইউপিপিএল দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলিঃ চিৰাঙত ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ, 9 এপ্ৰিলঃ"কংগ্ৰেছ আৰু বিজেপি দলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ বাবে ৰাইজে এইবাৰ ইউপিপিএল দলক বিকল্প দল হিচাপে বাচি লৈছে" এই মন্তব্য বিটিচিৰ চিদলী সমষ্টিৰ নিৰ্বাচিত সদস্য তথা এবছুৰ প্ৰাক্তন সভাপতি ৰৌণগৌৰা নাৰ্জাৰীৰ ৷ মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি এই মন্তব্য কৰে সভাপতিজনে ৷

চিৰাঙত ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰচাৰ

জনগোষ্ঠীয় সংঘাতৰ বাবে আভ্যন্তৰীণভাৱে নিজৰ ঠাইৰ পৰা আতৰি যোৱা লোকসকলৰ সংস্থাপন, ভাৰত-ভূটানৰ মাজত স্থায়ী বাণিজ্যিক সম্পৰ্ক, বানপানী-গৰাখহনীয়াৰ সমস্যা সমাধান, খেতি পথাৰত পানী যোগান, বড়ো শিক্ষা বিভাগৰ সু-পৰিচালনা, বড়ো সমস্যাৰ সমাধানৰ বাবে এবছু , এনডিএফবি(প্ৰ), পিজেএচিবিএম আদি সংগঠনে জনোৱা দাবী সমাধানৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগকে ধৰি মুঠ 44 টা দফা সন্নিৱিষ্ট কৰে ইস্তাহাৰখনত ৷

৪৪ টা প্ৰতিশ্ৰুতিৰে ইউপিপিএল দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

ইয়াৰোপৰি বড়ো আৰু অবড়োৰ মাজত সৃষ্টি হোৱা বিভেদৰ আৰত বিটিচিৰ শাসকগোষ্টী ৷ নৱ কুমাৰ শৰণীয়াই ২০১২ চনৰ গোষ্টী সংঘৰ্ষৰ সুযোগ লৈ বড়ো-অবড়োৰ মাজত বিভেদ সৃষ্টি কৰি সাংসদ হৈছিল যদিও এইবেলি নৱ কুমাৰ শৰণীয়াৰ সেই ৰাজনীতি নচলে বুলি সংবাদ মেলত দাবী কৰে ৰণগৌৰা নাৰ্জাৰীয়ে ৷

আনহাতে মঙলবাৰে চিৰাঙত ইউ পি পি এল দলৰ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ সভাপতি প্ৰমোদ বড়ো আৰু এন ডি এফ বি(প্ৰগতিশীল)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে । চিৰাং জিলাৰ কয়লাময়লা পৰ্বতজোৰাত বৰষুণৰ মাজতো প্ৰায় দহ হেজাৰোধিক লোকে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৷

"উৰ্খাউ গৌৰা ব্ৰহ্ম এজন ভাল মানুহ আৰু তেওঁ নামনি অসমৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে মাত মাতিব বুলি বিশ্বাস কৰি আমি তেওঁক মুকলি সমৰ্থন জনাইছো বুলি এনডিএফবি প্ৰগতিশীলৰ নেতা গোবিন্দ বসুমতাৰীয়ে মন্তব্য কৰে ৷

Intro:৪৪ টাকৈ প্ৰতিশ্ৰুতিৰে ইউপিপিএল দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

কোকৰাঝাৰ,৯ এপ্ৰিল : বিটিচিৰ শাসনাধিষ্ঠিত বিপিএফ দলৰ বিৰোধী ৰাজনৈতিক দল ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএল দলৰ সৰ্বমুঠ ৪৪ টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয় ৷

Body:আজি দুপৰীয়া কোকৰাঝাৰ প্ৰেছ ক্লাৱত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ইউপিপিএল দলৰ উপসভাপতি তথা এমচিএলএ ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে কংগ্ৰেছ আৰু বিজেপি দলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাৰ বাবে ৰাইজে এইবেলি ইউপিপিএল দলক বিকল্প দল হিচাপে বাচি লৈছে ৷

Conclusion:বড়ো আৰু অবড়োৰ সৃষ্টি হোৱাৰ আঁৰত আছে বিটিচিৰ শাসকগোষ্টী ৷ নৱ কুমাৰ শৰনীয়াই যোৱা ২০১২ চনৰ গোষ্টী সংঘৰ্ষৰ সুযোগ লৈ বড়ো-অবড়োৰ মাজত বিভেদ সৃষ্টি কৰি সাংসদ হৈছিল যদিও এইবেলি নৱ কুমাৰ শৰনীয়াৰ সেই ৰাজনীতি নচলে বুলি দাবী কৰিছে ৰণগৌৰা নাৰ্জাৰীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.