চিৰাং-গোলাঘাট, 27 চেপ্তেম্বৰ: ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ উজনিৰ পৰা নামনিলৈ এতিয়া সকলোতে বন্যহস্তীৰ উপদ্ৰৱত ত্ৰস্তমান গঁঞা ৰাইজ ৷ শুকুৰবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চিকাঝোৰা গাঁৱত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে ব্যাপক উপদ্ৰৱ চলাই ৷ হাতীৰ জাকটোয়ে বহু পৰিয়ালৰ ঘৰ-বাৰী ভাঙি পেলোৱাৰ লগতে ৰাহুল সিংহ নামৰ এজন 13 বছৰীয়া কিশোৰৰ হাতীৰ আক্ৰমণত মৃত্যু হয় ৷
ইফালে, গোলাঘাটৰ নপথাৰ অঞ্চলত এফালৰ পৰা সকলো ঘৰ-বাৰী ভাঙি তাণ্ডৱ চলালে 50-60টা হাতীৰ এটা বৃহৎ জাকে৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি খেতিপথাৰত খেতি নষ্ট কৰি তহিলং কৰিলে উদণ্ড বনৰীয়া হাতীৰ জাকটোৱে ৷ বন্যহস্তীৰ জাকটোৰ কথা বন বিভাগক বাৰম্বাৰ জনোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত বনবিভাগৰ কাণ্ডত ক্ষোভিত হৈ পৰে বৃহত্তৰ নপথাৰবাসী ৰাইজ ৷ ৰাজ্যত ব্যাপত হাৰত বৃদ্ধি পোৱা এই হাতী মানুহৰ সংঘাতৰ নিৰাময়ৰ বাবে বন বিভাগে যথোচিত পদক্ষেপ নোলোৱাৰ বাবেই এতিয়াও বহ অঞ্চলত হাতীৰ উপদ্ৰৱ অব্যাহত আছে ৷ যাৰ ফলত চলিত বৰ্ষত হাতীৰ আক্ৰমণত এতিয়ালৈকে 4 জনকৈ লোকৰ মৃত্যু হৈছে ৷