চিৰাং, ২১ নৱেম্বৰ : শনিবাৰে চিৰাং জিলাৰ কেইবাটাও বিভাগৰ বিষয়াৰে আলোচনাত মিলিত হয় নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা অসম চৰকাৰৰ আয়ুক্ত নন্দিতা দত্ত আৰু বন বিভাগৰ সংৰক্ষক বংকিম শৰ্মাই। শুকুৰবাৰে অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ নিৰ্দেশ অনুসৰি চিৰাঙৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত ৩টা বিটিচি পৰিষদীয় সমষ্টি ক্ৰমে ১৩ নং চিৰাং, ১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং কাজলগাঁও সমষ্টি পৰ্যবেক্ষণ কৰে।
দুয়োগৰাকীয়ে কাজলগাঁৱত বাহৰ পাতি শনিবাৰে নিৰ্বাচনী বিষয়া, সহকাৰী নিৰ্বাচনী বিষয়া, আৰক্ষী বিষয়া, নিৰ্বাচনী সকলো কোষৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীৰে বৈঠকত মিলিত হয়। নিৰ্বাচনক লৈ ভোটকেন্দ্ৰসমূহত চলা প্ৰস্তুতিৰ লগতে নিৰ্বাচনী আচৰণবিধিৰ সন্দৰ্ভতো আলোচনা কৰে। সুস্থ তথা শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কঠোৰভাৱে নিৰ্বাচনী আচৰণবিধি বলবৎ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সম্প্ৰতি জিলাখনত সুস্থ বাতাৱৰণত সুন্দৰভাৱে কৰা নিৰ্বাচনৰ প্ৰস্তুতিত সন্তুষ্ট পৰ্যবেক্ষকদ্বয়। লগতে আৰক্ষীক নিৰ্বাচনৰ সময়ত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। সভাত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰে নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায়। আনহাতে, নিৰ্বাচনী পৰ্যবেক্ষক দুগৰাকীয়ে কেইবাটাও ভোটকেন্দ্ৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। নিৰ্বাচনৰ সময়ত যাতে, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে সষ্টম হৈ থাকিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে পৰ্যবেক্ষক নন্দিতা দত্ত আৰু বংকিম শৰ্মাই।
লগতে পঢ়ক:শিলচৰত ষট পূজা উদযাপন