ETV Bharat / state

সনাতন ডেকাৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী এবিএমছুৰ

author img

By

Published : May 25, 2020, 11:17 AM IST

সনাতন ডেকাৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনৰ । অতিশীঘ্ৰে ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ত কৰি প্ৰশাসনক দৃষ্টান্তমুলক শাস্তিৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৰ নেতা টাইছন হুছেইনে ৷

ETV BHARAT
সনাতন ডেকাৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী এবিএমছুৰ

চিৰাং, 25 মেঃ হাজোৰ মনাহকুছিৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ বাতৰিয়ে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে ৷ ডেকাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে ছ'চিয়েল মিডিয়াত গৰজি উঠিছে বিভিন্ন দল- সংগঠন ৷

সনাতন ডেকাৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা জনাইছে এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে । সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সাধাৰণ সম্পাদক টাইছন হুছেইন হাজোৰ ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে দিন দুপৰতে কেনেকৈ এই জঘন্য ঘটনাটো সংঘটিত হ'বলৈ পালে তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰক প্ৰশ্ন কৰিছে । অতিশীঘ্ৰে ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৰ নেতাজনে ৷ আনহাতে, সনাতন ডেকাৰ পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে নেতাজনে । লগতে ভৱিষ্যতে যাতে এনেধৰণ ঘটনা দ্বিতীয়বাৰ অসমত সংঘটিত নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী তুলিছে ছাত্ৰ সংগঠনটোৰ নেতাজনে ৷

লগতে পঢ়ক- নগাঁও পোষ্টাৰ কাণ্ডঃ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.