ETV Bharat / state

CAA বাতিলৰ দাবীৰে বিজনীত আছুৰ প্ৰতিবাদ - CAA বাতিলৰ দাবী

আছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি এমাহজোৰা CAA বিৰোধী আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব বিজনী আঞ্চলিক ছাত্ৰ সন্থাই । তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ছাত্ৰ সংগঠনটোৱে সম্পন্ন কৰিলে তেওঁলোকৰ প্ৰথমটো দিনৰ কাৰ্যসূচী ৷

বিজনীত আছুৰ প্ৰতিবাদ
বিজনীত আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 14, 2020, 11:19 PM IST

চিৰাং, 14 আগষ্ট : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে শুকুৰবাৰে চিৰাঙৰ বিজনীত প্ৰতিবাদ সাব্যস্ত কৰিলে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই ৷ এমাহজোৰা কাৰ্যসূচীৰে বিজনী আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ ছাত্ৰনেতা সকলে ৷ সেই পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এমাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথমটো দিনৰ কাৰ্যসূচী সম্পন্ন কৰিলে সংগঠনটোৱে ৷

CAA বাতিলৰ দাবীৰে বিজনীত আছুৰ প্ৰতিবাদ

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ 35 টা বছৰ পাৰ হোৱাৰ পাচতো, কোনো এখন চৰকাৰেই অসমত অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰনেতা সকলে ৷ শাসনাধীন চৰকাৰেও নিৰ্বাচনৰ পূৰ্বে দিয়া ভিন্ন প্ৰতিশ্ৰুতিৰ পাচতো অসম চুক্তি ৰূপায়নৰ সলনি, অসমত নাগৰিকত্ব সংশোধনী আইনৰ দৰে এখন আইন জাপি দি বিদেশী অনাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে তেওঁলোকে ৷ লগতে অসম চৰকাৰৰ এই সিদ্ধান্তৰ তেওঁলোক সম্পূৰ্ণ বিৰোধী বুলিও উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ যদিহে এই আইন অতি শীঘ্ৰেই চৰকাৰে বাতিল নকৰে তেন্তে, আগন্তুক দিনত বিজেপি আৰু অগপৰ মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৰ লগতে সমগ্ৰ অসমবাসীয়ে জংগী আন্দোলনৰ সূচনা কৰিব বুলি সকিয়নী প্ৰদান কৰে ছাত্ৰনেতা সকলে ৷

লগতে পঢ়ক: নলবাৰীত আছুৰ 18 ঘণ্টীয়া অনশন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.