ETV Bharat / state

পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক - বঙাইগাঁৱৰ ভাটিপাৰাত চাঞ্চল্যকৰ ঘটনা

ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগীয়া হৈছে বাবুল ৰায় নামৰ ব্যক্তিজনৰ পৰিয়ালৰ পাঁচ গৰাকী লোক ৷

A family attacked by sharp knief at Bongaigaon
পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক
author img

By

Published : Jun 13, 2020, 1:17 PM IST

বঙাইগাঁও, 13 জুন: বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চাঞ্চল্যকৰ ঘটনা ৷ একেটা পৰিয়ালৰ 5 জনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ চুবুৰীয়াৰ ৷ ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগীয়া হৈছে বাবুল ৰায় নামৰ ব্যক্তিজনৰ পৰিয়ালৰ পাঁচ গৰাকী লোক ৷ ঘটনাত গুৰুতৰ ভাৱে আহত হয় বাবুল চন্দ্ৰ ৰায়, ধৰিত্ৰী ৰায়, কৰবী ৰায়, বিতু কুমাৰ ৰায় আৰু ৰুমা ৰায় ৷

পুৰণি বঙাইগাঁৱৰ ভাটিপাৰাত চোকা অস্ত্ৰৰে আক্ৰমন এটা পৰিয়ালক

উল্লেখ্য যে, শুকুৰবাৰে নিশা প্ৰায় 9 বজাত বাবুল ৰায়ৰ পৰিয়ালটোক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে সুৰেণ ৰায় আৰু তেঁওৰ পুত্ৰ পংকজ ৰায়ে ৷ কথমপি হে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় পৰিয়ালটোৰ লোক কেইজনে ৷ এই ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও পোৰহলৈ অহা নাই যদিও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ইতিমধ্যেই এই ঘটনাত জড়িত সুৰেণ ৰায়, মালতী ৰায় আৰু পংকজ ৰায়ক আটক কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কৰ'ণাক লৈ অপপ্ৰচাৰ নচলাবলৈ সকীয়নি লামডিঙৰ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.