ETV Bharat / state

চিৰাঙত সোপাধৰাৰ সন্দেহত প্ৰহাৰ বৰ্ষীয়ান ধৰ্মগুৰুক

author img

By

Published : Nov 3, 2019, 8:01 PM IST

Updated : Nov 3, 2019, 10:19 PM IST

চিৰাঙত সোপাধৰাৰ নামত এজন ৭০ বছৰীয়া ধৰ্মগুৰুক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে একাংশ উন্মাদ লোকে । আৰক্ষীয়ে উদ্ধাৰ কৰিলে ধৰ্মগুৰু গৰাকীক ।

চিৰাঙত সোপাধৰাৰ সন্দেহত প্ৰহৃত বৰ্ষীয়ান ধৰ্মগুৰু

চিৰাঙ,3 নৱেম্বৰঃ সোপাধৰা সন্দেহত চিৰাঙত এগৰাকী বয়োজ্যেষ্ঠ ধৰ্মগুৰুক একাংশ উন্মাদ লোকে অমানৱীয়ভাৱে প্ৰহাৰ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । শনিবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত এজন ৭০ বছৰীয়া ধৰ্মগুৰুক সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে প্ৰহাৰ কৰে একাংশ উন্মাদ লোকে ।

তথ্যনুসৰি কাজলগাওঁৰ পৰা যোৱাকালি ভাৰত-ভূটান সীমান্তৰ দাদগিৰিৰ এখন ধৰ্মীয় আশ্ৰম 'মানৱ উত্থান সেৱা সমিতি'লৈ আহিছিল মহাত্মা অক্ষৰানন্দ চন্দ্ৰ প্ৰসাদ উপাধ্যায় নামৰ বৰ্ষীয়ান ধৰ্মগুৰুগৰাকী । মহাত্মা অক্ষৰানন্দ চন্দ্ৰ প্ৰসাদ উপাধ্যায় নামৰ ব্যক্তিজন মানৱ ধৰ্মৰ এখন ধৰ্মীয় অনুষ্ঠানৰ সাধু তথা পণ্ডিত । ধৰ্মগুৰুগৰাকীয়ে সীমান্তৰ দাদগিৰিৰ এগৰাকী কন্যা শিশুৰ সৈতে নিজৰ মোবাইল ঠিক কৰিবলৈ তাইৰ পিতৃৰ সহিতে একেলগে বজাৰলৈ গৈছিল ।

বজাৰ কৰি থকাৰ মাজতেই ধৰ্ম গুৰু মহাত্মাই কন্য়া গৰাকীক মিঠাই খুৱাবলৈ হোটেল এখনলৈ লৈ যায় ৷ কিন্তু বজাৰত উপস্থিত একাংশ মানসিকভাৱে দুৰ্বল সন্দেহবাদী মানুহে ধৰ্মগুৰু মহাত্মাই কন্যা শিশুগৰাকীক চোৰ কৰি লৈ যোৱা বুলি চিঞৰ-বাখৰ কৰে ধৰ্মগুৰুক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে । তাৰ্পয্যপূৰ্ণ কথাটো হ'ল যে, ধৰ্মগুৰুক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰ বাধাকো ভ্ৰক্ষেপ নকৰি উত্তেজিত লোকসকলে ধাৰাবাহিকভাৱে সন্তগৰাকীক আক্ৰমণ কৰে । কিছুসময়ৰ পিছত শান্তিপুৰ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে ধৰ্মগুৰুগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে ।

চিৰাঙত সোপাধৰাৰ সন্দেহত প্ৰহৃত বৰ্ষীয়ান ধৰ্মগুৰু

ইফালে ঘটনা সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি সন্তগৰাকীয়ে তেওঁক প্ৰহাৰ কৰা লোকসকলক সুমতি আৰু সদজ্ঞান কামনা কৰি এই পৰ্যন্ত গোচৰ ৰুজু কৰাৰ পৰা বিৰত থকা বুলি উল্লেখ কৰিছে ৷

আনহাতে চিৰাঙৰ সচেতন মহলে সমগ্ৰ ঘটনাক গৰিহণা দিয়াৰ লগতে ইয়াৰ উচিত তদন্তৰ দাবী তুলি জিলাখনত বিভিন্ন সজাগতামূলক সভাৰ আয়োজন কৰিবলৈ স্বেচ্ছাসেৱী দল-সংগঠনক আহ্বান জনাইছে ৷

আৰু পঢ়ক মহানগৰীত নিশা চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

Intro:চিৰাঙত সোপাধৰাৰ নামত এজন ৭০ বছৰীয়া ধৰ্মগুৰুক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে একাংশ উন্মাদ লোকে। আৰক্ষীয়ে উদ্ধাৰ কৰিলে ধৰ্মগুৰুক ।।

Body: সোপাধৰা সন্দেহত চিৰাঙত ধৰ্মগুৰু বৃদ্ধক প্ৰহাৰ ।শনিবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত এজন ৭০ বছৰীয়া ধৰ্মগুৰু বৃদ্ধক সোপাধৰাৰ নামত  নিৰ্মমভাৱে প্ৰহাৰ কৰে একাংশ উন্মাদ লোকে। তথ্য অনুসৰি কাজলগাওঁৰ পৰা যোৱাকালি ভাৰত-ভূটান সীমান্তৰ দাদগিৰিৰ এখন ধৰ্মীয় আশ্ৰম মানৱ উত্থান সেৱা সমিতিলৈ আহিছিল মহাত্মা অক্সৰানন্দ চন্দ্ৰ প্ৰশাদ উপাধ্যায় (৭০) নামৰ বৃদ্ধ গৰাকীয়ে। মহাত্মা অক্সৰানন্দ চন্দ্ৰ প্ৰশাদ উপাধ্যায় নামৰ বৃদ্ধজন মানৱ ধৰ্মৰ এখন ধৰ্ম অনুষ্টানৰ পণ্ডিত। তথ্য অনুসৰি ধৰ্মগুৰু গৰাকীয়ে সীমান্তৰ দাদগিৰিৰ এগৰাকি কন্যা শিশু যাৰ বাইদেউ আশ্ৰমতে থাকে তাইৰ পিতৃৰ সৈতে বজাৰলৈ গৈছিল নিজৰ মোবাইল ঠিক কৰিবলৈ । একেটা ধৰ্ম অনুষ্টানৰ লগত জড়িত সেয়েহে কন্যা শিশু সহ তাৰ পিতৃক লগত অতি ঘনিষ্ট সেইবাবেই ধৰ্ম গুৰু মহাত্মাই তেওঁক এখন মিঠাই দোকানলৈ লৈ যায় তাক মিঠাই খুৱাব বুলি। কিন্তু একাংশ মানসিকভাৱে দুৰ্বল মানুহে ধৰ্মগুৰু মহাত্মাই  কন্যা জনীক চোৰ কৰি লৈ যোৱা বুলি চিঞৰে আৰু  ধৰ্মগুৰুক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে। তাৰ্পয্যপূৰ্ণ কথাটো হল যে, ধৰ্মগুৰুক বচাবলৈ যোৱা আৰক্ষীকো নেৰিলে উত্তেজিত লোকে । কিছুসময়ৰ পিছত শান্তিপুৰ আৰক্ষী চকীৰ আৰক্ষী ধৰ্মগুৰু মহাত্মাক আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আনে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।

ডিফাৰ লাইভ দিলো ।

Conclusion:মহাত্মা অক্সৰানন্দ চন্দ্ৰ প্ৰশাদ উপাধ্যায়ে কোনো ধৰনৰ আইনী ব্যৱস্থা গ্ৰহন নকৰি কলে যে নুবুজা লোক সকলে এই কাম কৰিছে গতিকে বিভিন্ন দল সংগঠনক আহ্বান জনায় সেই সকল লোকক সজাগতাৰে বুজনি দিয়াৰ বাবে । ধৰ্ম গুৰু মহাত্মা গৰাকিক আৰক্ষীয়ে চিকিৎসাৰ অন্তত জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত মংলাগাঁওত থকা আশ্ৰমত থৈ যায় । বৰ্তমানেও ধৰ্মগুৰুজন উক্ত আশ্ৰমতে আছে । এইটো অঞ্চলতে ধৰ্মীয় কামত সদায় জড়িত থকা ধৰ্মগুৰুজনক আক্ৰমন কৰা ঘটনাক গোৰ্খা দল সংগঠনে গৰিহনা জনায় ।
প্ৰশ্ন হয় এনেধৰণৰ সাধাৰণ লোকক একাংশ উন্মাদ লোকে প্ৰহাৰ কৰা আৰু আইন হাতত তুলি লোৱাটো কিমান যুক্তিসংগত। অসমত এনে উন্মাদ লোকৰ অৱসান কেতিয়া ঘটিব সেয়া সকলোৰে মনত এতিয়া প্ৰশ্নবোধক হৈ ৰৈছে।  নিতৌ ঠায়ে ঠায়ে সোপাধৰাৰ নামত নিৰিহ সাধাৰন লোকক টাৰ্গেট কৰি লৈ নিৰ্মম ভাৱে প্ৰহাৰ কৰা ঘটনা পোহৰলৈ আহিয়ে আছে । এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহন নকৰালৈ এনে ধৰনৰ ঘটনা ঘটিয়ে থাকিব । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
Last Updated : Nov 3, 2019, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.