চিৰাং, 7 এপ্ৰিল : চিৰাঙৰ বিজনী কাউয়াটিকাত তিনি ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় ৷ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুপক বৰাৰ নেতৃত্বত গোপন সূত্ৰৰ পমখেদি তিনি ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় ৷ ড্ৰাগছ ব্যৱসায়ী তিনিজন হৈছে বঙাইগাঁও জিলাৰ মোহন বিশ্বাস (১৮), আৰু চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰী প্ৰনৱ মন্দিৰৰ বাসিন্দা আকাশ নাৰ্জাৰী (২২) আৰু শিবা ৰাভা(২৪) । এই তিনি ড্ৰাগছ ব্যৱসায়ীৰ পৰা ৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এটা ড্ৰাগছ সেৱন কৰা চিৰিঞ্জ, এটা মোবাইল হেণ্ডছেট আৰু AS-26-B/4013 নম্বৰৰ এখন গ্লেমাৰ বাইক জব্দ কৰা হয় ৷
উল্লেখ্য যে, বঙাইগাঁও জিলাৰ চৌৰাগুৰীৰ ড্ৰাগছ ব্যৱসায়ী মোহন বিশ্বাসৰ নামত পূৰ্বতে বঙাইগাঁও থানাত ৰুজু হৈছে বহুকেইটা গোচৰ । চুৰিকাণ্ড, ডকাইতিৰ লগতে নাবালিকা ধৰ্ষণৰ অভিযোগো আছে মোহন বিশ্বাসৰ বিৰুদ্ধে ৷
আনহাতে, উক্ত অঞ্চলটোত ড্ৰাগছ ব্যৱসায়ী তিনিজনক আৰক্ষীয়ে সোধ-পোছ চলাই থকা অৱস্থাতে লকডাউন অমান্য কৰি বাইক চলাই ফুৰা দুজন যুৱকক আটক কৰা হয় । আইন অমান্য় কৰাৰ বাবে যুৱক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিজনী প্ৰশাসনে । এই যুৱক দুজন হৈছে চিৰাং জিলাৰ ৰুনিখেতাৰ নুহুৰছাত গয়াৰী (২০) আৰু ছুবাইঝাৰৰ ভিম বসুমতাৰী (১৯) । লকডাউন অমান্য কৰা যুৱক দুজনৰ পৰা এখন হোণ্ডা চিবিআৰ বাইক জব্দ কৰে বিজনী আৰক্ষীয়ে ।