ETV Bharat / state

Tea worker protest : চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ চাহ বাগিচা

author img

By

Published : Aug 5, 2022, 6:23 PM IST

Updated : Aug 5, 2022, 7:02 PM IST

অসমত চাহ শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত আছে । চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ শ্ৰমিকৰ (Tea worker protest at Charaideo)। চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ ।

Tea worker protest
চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ চাহ বাগিছা

মৰাণ,৫ আগষ্ট : ৰাজ্যত চাহ শ্ৰমিকৰ প্ৰতিবাদ অব্যাহত আছে (Tea worker protest in Assam)। এইবাৰ পুনৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ'ল চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচা । অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ আহ্বানত শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে (Assam Chah Mazdoor Sangh protest)। চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ হাতে হাতে বেনাৰ প্লে’কাৰ্ড লৈ মালিকপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে চাহ শ্ৰমিকসকলে ।

চাহ শ্ৰমিকসকলে দৈনিক হাজিৰা ৩৫১ টকালৈ বৃদ্ধি কৰা, শ্রমিকৰ জৰাজীৰ্ণ ঘৰসমূহ মেৰামতি কৰা, শ্রমিকৰ প্ৰত্যেক পৰিয়ালত একোটাকৈ শৌচালয় প্ৰদান কৰা, প্রত্যেক পৰিয়ালত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বাগিচাত ক্ৰেছ হাউছ নির্মাণ কৰা, বাগিচাৰ চিকিৎসালয়ত চিকিৎসকক নিযুক্তি দিয়া, বাগিচাৰ চিকিৎসালয়ত ৰোগীৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰা, খালী পদসমূহ পূৰণ কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰে । ইফালে পূজাৰ আগতে এই দাবীসমূহ পূৰণ কৰিবলৈ প্ৰতিবাদকাৰী শ্ৰমিকসকলে আহ্বান জনায় ।

আনহাতে বাগিচাৰ মজদুৰ ক্লাৱসমূহ মেৰামতি কৰি প্রয়োজনীয় চকী-বেঞ্চ আদিৰ ব্যৱস্থা কৰাৰ লগতে খেলৰ সামগ্রী যোগান ধৰা, শ্ৰমিকসকলক ৰেচন হিচাপে উন্নত মানৰ চাউল আৰু আটা যোগান দিয়া, বাগিচাৰ স্থানীয় শিক্ষিত যুৱক-যুৱতীসকলৰ মাজৰ পৰা কল্যাণ বিষয়া নিযুক্তি দিয়া, বাগিচাত কাম কৰা শ্ৰমিকসকলক শ্ৰমিক আইনমতে সা-সুবিধা প্রদান কৰা আদি দাবীও উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদী কাৰ্যসূচীত শতাধিক পুৰুষ-মহিলা শ্ৰমিকে অংশগ্ৰহণ কৰা দেখা যায় । অৱশ্যে ইয়াৰ পাছতো সততে চাহ শ্ৰমিকৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Congress Protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Last Updated : Aug 5, 2022, 7:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.