ETV Bharat / state

সোণাৰিত চুকাফা দিৱস উদযাপন

১২২৮ খ্ৰীষ্টাব্দত আজিৰ দিনটোতে সৌমাৰপীঠত প্ৰৱেশ কৰিছিল চাওলুং চুকাফাই ৷ চাওলুং চুকাফা সৌমাৰপীঠলৈ আগমণৰ সোঁৱৰণতে এই দিনটোকে চুকাফা দিৱস হিচাপে উদযাপন কৰা হয় ৷

author img

By

Published : Dec 2, 2019, 12:52 PM IST

Sukafa Diwas celebrated at Sonari
সোণাৰিত উদযাপন চুকাফা দিৱস

সোণাৰি, 2 ডিচেম্বৰঃ সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে চুকাফা দিৱস। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠান ৷ সোমবাৰে পুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে স্মৃতি তৰ্পণ কৰে ৷ পৰম্পৰাগত নীতিৰে বানফি সম্পন্ন কৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি হেমচন্দ্ৰ গদুকাই চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷

সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে চুকাফা দিৱস

উক্ত অনুষ্ঠানৰ সময়তে নাগৰিক্ত সংশোধনী বিধেয়কৰ বিৰুদ্ধেও মন্তব্য আগবঢ়ায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ চাওলুং চুকাফাৰ আদৰ্শৰে সকলোকে ঐক্যবদ্ধ হৈ কেবৰ বিৰুদ্ধে সকলো লোককে ওলাই আহিবলৈ আহ্বান জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ উল্লেখ্য যে, ১২২৮ খ্ৰীষ্টাব্দত আজিৰ দিনটোতে সৌমাৰপীঠত প্ৰৱেশ কৰিছিল চাওলুং চুকাফাই ৷ চাওলুং চুকাফা সৌমাৰপীঠলৈ আগমণৰ সোঁৱৰণতে এই দিনটোকে চুকাফা দিৱস হিচাপে উদযাপন কৰা হয় ৷

লগতে পঢ়ক- প্ৰিয়ংকা গান্ধী নে চোপ্ৰা ? সভাৰ মাজতে অথন্তৰ

Intro:Body:চাওলুং চুকাফাৰ আদৰ্শৰে সকলোকে ঐক্যবদ্ধ হ'বলৈ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

Story-SUKAFA_DIVAS
Ananta Smith
Sivasagar
02nd December

অসমীয়া জাতিৰ স্বপ্নদ্ৰষ্টা চাওলুং চুকাফা সৌমাৰপীঠত প্ৰৱেশ কৰিছিল ১২২৮ খ্ৰীষ্টাব্দত। অসমীয়া লেখেৰে আঘোণ মাহৰ ১৬ তাৰিখ আছিল সেইটো দিন। চাওলুং চুকাফা সৌমাৰপীঠলৈ আগমনৰ সেই দিনটোক সোঁৱৰণ কৰি আজি সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় চুকাফা দিৱস । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান। কাৰ্যসূচী অনুসৰি পুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে সাধাৰণ সম্পাদক পলাশ চাংমাই স্মৃতি তৰ্পণ কৰে। পৰম্পৰাগত নীতি অনুসৰি বানফি সম্পন্ন কৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি হেমচন্দ্ৰ গদুকাই চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। আনহাতে আজিৰ চুকাফা দিৱসৰ পতাকা উত্তোলন স্থলীৰপৰাই চাওলুং চুকাফাৰ আদৰ্শৰে সকলোকে ঐক্যবদ্ধ হৈ জাতীয় সংগ্ৰাম কৰিবলৈ আহ্বান জনায়।

Bite- উদ্যোক্তাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.