ETV Bharat / state

উৰুখা গৃহত শিক্ষাদান চলিছে শিমলুগুৰিৰ এখন শতবৰ্ষ গৰকা বিদ্যালয়ত

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পুতৌলগা ফলাফল সৰ্বত্ৰে চৰ্চিত হৈ থকাৰ সময়তে একাংশ চৰকাৰী বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনিয়েও ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ স্বৰূপ উদঙাইছে ৷ শিমলুগুৰিৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সকলো চিন্তিত হৈ পৰিছে (Poor infrastructure of government school)৷

Poor infrastructure of government school
উৰুখা গৃহত শিক্ষাদান চলিছে শিমলুগুৰিৰ এখন শতবৰ্ষ গৰকা বিদ্যালয়
author img

By

Published : Jun 18, 2022, 1:48 PM IST

নাজিৰা, 18 জুন: যি সময়ত চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হোৱাৰ লগতে চৰকাৰী বিদ্যালয়ৰ ফলাফলক লৈ বিভিন্নজনে প্ৰশ্নৰ অৱতাৰণা কৰিছে(Poor performance of Assam govt school) সেই সময়তে শতবৰ্ষ গৰকা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাই ৰাইজৰ চকু কপালত তুলিছে ৷

১৮৮৩ চনতে প্ৰতিষ্ঠা হোৱা চৰাইদেউৰ ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাই এতিয়া চিন্তিত কৰি তুলিছে অভিভাৱকসকলক (Poor infrastructure of government school)। কণকণ ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান অৰ্জনৰ বাবে পঠিওৱা বিদ্যালয়খনৰ পৰিৱেশে বিদ্যালয়ৰ প্ৰতি মোহভংগ কৰিছে ছাত্ৰ-ছাত্ৰীসকলক ৷

এজাক বৰষুণতে শ্ৰেণীকোঠাৰ ভিতৰত জমা হয় পানী ৷ আনহাতে দেৱালৰ কেইবা ঠাইতো ফাট মেলাত শিক্ষকসকলো চিন্তিত হৈ পৰিছে ৷ চৰকাৰী বিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে গুণোৎসৱ(Gunotsav Assam) অনুষ্ঠিত কৰি আহিছে যদিও এই বিদ্যালয়খনৰ উন্নয়ন আজি পৰ্যন্ত হৈ নুঠিল ৷

বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অভাৱ অবিহনে শিক্ষকসকলে যথেষ্ট কষ্ট কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে ৷ বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ উন্নয়ন কৰাৰ আহ্বান জনাইছে বিদ্যালয়ৰ শিক্ষক-শিক্ষিয়িত্ৰীৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: বানপানীতনো আমি কি কৰিম, এতিয়া আমি বৰষুণ কমিবলৈ খাতিব লাগে: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.